ঐতিহাসিক মূহুৰ্ত: প্রথমবাৰৰ বাবে দ্রুতবেগী ৰে'লেৰে মক্কাত উপস্থিত ভাৰতীয় হজযাত্রী

Story by  atv | Posted by  Munni Begum • 2 Months ago
দ্রুতবেগী ৰে'লেৰে মক্কাত উপস্থিত ভাৰতীয় হজযাত্রী
দ্রুতবেগী ৰে'লেৰে মক্কাত উপস্থিত ভাৰতীয় হজযাত্রী
 
ৰিয়াদ
 
পোন প্রথমবাৰৰ বাবে ভাৰতীয় হজযাত্রীয়ে চৌদি আৰৱৰ জেড্ডা বিমান বন্দৰৰ পৰা মক্কা চহৰলৈ বাছৰ সলনি দ্রুতবেগী ৰে'লেৰে যাত্ৰা কৰি এক ইতিসাহ ৰচনা কৰিছে। ভাৰতীয় হজযাত্রীয়ে দ্রুতবেগী হাৰামেইন ৰে'লেৰে জেড্ডাৰ পৰা মক্কালৈ যোৱাৰ সকলো ব্যৱস্থা জেড্ডাত থকা ভাৰতীয় বাণিজ্য দূতাবাসে কৰিছে। 
 
ছৌডি আৰবত থকা ভাৰতৰ ৰাষ্ট্রদূত শ্বোহেইল এজাজ খান, বাণিজ্য দূতাবাসৰ মুৰব্বী শ্বাহিদ আলম, ছৌডি আৰবৰ ৰে'ল বিভাগৰ উপাধ্যক্ষ আল হাবি, হজ আৰু পৰিবহণ মন্ত্রালয়ৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই হজযাত্রীসকলৰ সৈতে ৰে'লেৰে মক্কালৈ ৰাওনা হৈছে। 
ঘণ্টাত ৩০০ কিলোমিটাৰ বেগত চলা এই দ্রুতবেগী ৰে'লেৰে জেড্ডাৰ পৰা মক্কালৈ ভ্ৰমণ সময় বহু পৰিমাণে হ্রাস কৰিব। চলিত বর্ষত এই সেৱা প্রায় ৩২ হেজাৰ ভাৰতীয় হজযাত্রীয়ে গ্রহণ কৰিব বুলি দূতাবাসে প্রকাশ কৰিছে।  
 
ৰিয়াদত থকা ভাৰতীয় দূতাবাসে এই অনুষ্ঠানক ঐতিহাসিক বুলি অভিহিত কৰিছিল, যিহেতু ভাৰতীয়সকলে জেদ্দা বিমানবন্দৰৰ পৰা প্ৰথমবাৰৰ বাবে দ্ৰুতবেগী ৰে'লেৰে যাত্ৰা কৰিছে। ৰিয়াদত থকা ভাৰতীয় দূতাবাসে এক্সত এক পোষ্টত লিখিছে, "ইতিহাস ৰচনা হৈছে! প্ৰথমবাৰৰ বাবে ভাৰতীয় হজযাত্ৰীয়ে জেদ্দা বিমানবন্দৰৰ পৰা মক্কালৈ পোনপটীয়াকৈ দ্ৰুতবেগী ৰে'ল ব্যৱহাৰ কৰিব।" 
 
ৰে'লত উঠিবলৈ যোৱা হজযাত্ৰীসকল
 
দূতাবাসে লগতে উল্লেখ কৰিছে যে, এই ৰে’লখনে যাত্ৰাৰ সময় কম কৰাই নহয়, এই বছৰ প্ৰায় ৩২০০০ ভাৰতীয় হজযাত্ৰীয়ে এই সেৱা ব্যৱহাৰ কৰিব পাৰিব। দূতাবাসে এক্সত লিখিছে, "এই বছৰত এই সেৱা ব্যৱহাৰ কৰিব প্ৰায় ৩২০০০ ভাৰতীয় হজযাত্ৰীয়ে। ইয়াৰ ফলত জেদ্দাৰ পৰা মক্কালৈ যাত্ৰাৰ সময় কম হ'ব আৰু তেওঁলোকৰ অভিজ্ঞতা অধিক আৰামদায়ক হ'ব। এই নতুন পদক্ষেপ সফল কৰিবলৈ সংশ্লিষ্ট চৌদি কৰ্তৃপক্ষৰ সৈতে লজিষ্টিকছৰ সমন্বয় সাধন কৰিছে।" 
 
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতে জেদ্দাত চৌদি আৰৱৰ সৈতে দ্বিপাক্ষিক হজ চুক্তি ২০২৪ স্বাক্ষৰ কৰাৰ পিছত এই বছৰ ভাৰতৰ পৰা মুঠ ১,৭৫,০২৫ গৰাকী হজযাত্ৰীৰ কোটা চূড়ান্ত কৰা হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত চৌদি আৰৱৰ হজ আৰু উমৰা মন্ত্ৰী  ডঃ তৌফিক বিন ফাউজান আল-ৰবিয়াহৰ সৈতে বৈদেশিক পৰিক্ৰমা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী ভি মুৰালীধৰণৰ আৰু কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী স্মৃতি ইৰাণীৰ মাজত দ্বিপাক্ষিক হজ চুক্তি ২০২৪ স্বাক্ষৰিত হয় ।
ভাৰতৰ পৰা হজ ২০২৪ৰ বাবে মুঠ ১,৭৫,০২৫ গৰাকী হজযাত্ৰীৰ কোটা চূড়ান্ত কৰা হৈছে আৰু ভাৰতৰ হজ কমিটিৰ জৰিয়তে হজযাত্ৰীসকলৰ বাবে ১,৪০,০২০ খন আসন সংৰক্ষিত কৰা হৈছে। যিয়ে ২০২৪ চনত প্ৰথমবাৰৰ বাবে হজযাত্ৰা কৰাৰ মনস্থ কৰা সাধাৰণ হজযাত্ৰীসকলক  যথেষ্ট উপকৃত কৰিব। আনহাতে ৩৫,০০৫ হজযাত্ৰীক হজ গ্ৰুপ অপাৰেটৰৰ জৰিয়তে আগবাঢ়ি যাবলৈ অনুমতি দিয়া হ’ব বুলি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিযোগে জনায়।  
 
প্ৰতি বছৰে বিশ্বৰ লাখ লাখ ইছলাম ধৰ্মালম্বীলোকে পবিত্ৰ হজযাত্ৰা কৰি আহিছে। এই আধ্যাত্মিক যাত্ৰাই মুমিনসকলৰ জীৱনত অপৰিসীম তাৎপৰ্য ৰাখে, ই আল্লাহৰ সৈতে সংযোগ স্থাপন, ক্ষমা বিচৰা আৰু তেওঁলোকৰ বিশ্বাসক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে। মিনালৈ খোজ কাঢ়ি যোৱা, ভিৰৰ সৈতে লাবাইকৰ প্ৰতিধ্বনি দিয়া, হজৰ ৰীতি-নীতি পালন কৰা সকলৰ মাজত থকাৰ আন্তৰিক ইচ্ছা অগণন ব্যক্তিৰ মাজত থকা এক আৱেগ।
 
ৰে'লৰ ভিতৰত বহি থকা অৱস্থাত ভাৰতীয় হাজীসকল
 
ইফালে চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী স্মৃতি ইৰাণীয়ে হজ গাইড ২০২৪ মুকলি কৰি দেওবাৰে নতুন দিল্লীত হজ সুবিধা মোবাইল এপ্লিকেচন মুকলি কৰিছে। এই উপলক্ষে ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এন ডি এ চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ে মানুহক সুচাৰুৰূপে আৰু সুবিধাজনক হজ তীৰ্থযাত্ৰা প্ৰদানৰ বাবে সমন্বিত প্ৰচেষ্টা চলাই আছে।