ইছলামিক উগ্ৰপন্থীৰ আগ্ৰাসনৰ পিছত কেনেকৈ সলনি হ'ল কাশ্মীৰৰ বিবাহৰ পৰম্পৰা?

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আহমেদ আলী ফায়াজ / শ্ৰীনগৰ
 
১৯৮৯ চনত সশস্ত্ৰ ইছলামিক বিদ্ৰোহৰ প্ৰাদুৰ্ভাৱৰ পিছত কাশ্মীৰৰ ধৰ্মীয় সংখ্যালঘুৰ স্থানচ্যুতি ঘটে আৰু ইয়াৰ ফলত কাশ্মীৰ উপত্যকাৰ শতিকা পুৰণি সংমিশ্ৰিত সংস্কৃতিত ব্যাপক প্ৰভাৱ পৰে। কাশ্মীৰী পণ্ডিতসকলে কেৱল প্ৰাণ-সম্পত্তি হেৰুওৱাই নহয়, তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰা, জীৱন-যাপন, ভাষা, জীৱন-মৃত্যুৰ লগত জড়িত ৰীতি-নীতি আৰু আচাৰ-অনুষ্ঠানৰ পৰাও বঞ্চিত হৈছিল।
 
সময়ৰ লগে লগে আৱাসী মুছলমানসকলৰো জীৱনশৈলী, ৰন্ধনশৈলীৰ অভ্যাস, বিয়া আৰু অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানৰ উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছিল। ১৯৯০ চনলৈকে দৰাক কইনাৰ ঘৰলৈ লৈ গৈছিল এশৰো অধিক বন্ধু-বান্ধৱ আৰু আত্মীয় কুটুম্বই। কিন্তু বিগত বছৰসমূহত মুছলমান বাৰাটৰ সংখ্যা মাত্ৰ ২০-৩০ জনলৈ হ্ৰাস পাইছে।
 
কিছুমান মুছলমান দৰাই আকৌ কইনাঘৰলৈ অহা লোকৰ সংখ্যা ১০-১৫ লৈ কৰ্তন কৰে। ২০১০ চনৰ আই এ এছৰ টপাৰ ড০ শ্বাহ ফাইজাল যেতিয়া বাণ্ডিপোৰাৰ উপায়ুক্ত আছিল, তেতিয়া তেওঁৰ সৈতে আহিছিল মাত্ৰ ৫ জন বাৰাতি। এনে বহু বিয়াত দৰা আৰু অতিথিসকলক ৱাজৱানৰ ৩০বিধ মাটনৰ সুস্বাদু খাদ্য আগবঢ়োৱাৰ সলনি কেৱল খেজুৰ আৰু কেশৰ কেহৱাহে দিয়া হয়।
 
আত্মীয়ই আগুৰি ধৰা এগৰাকী কাশ্মীৰী মুছলমান কইনা (সৌজন্য: গ্যাউন)
 
দৰা ঘোঁৰাত উঠি বাৰাট লৈ কইনাৰ ঘৰলৈ যোৱাৰ বিপৰীতে কইনাক এখন পুষ্পসজ্জিত ডোলাত উলিয়াই অনা হৈছিল। সময়ৰ লগে লগে ই সম্পূৰ্ণৰূপে সলনি হৈছে। অৱশ্যে, এয়া কোনো ৰাজনৈতিক অস্থিৰতা বা বিচ্ছিন্নতাবাদীৰ সংঘাতৰ বাবে নহয়, বৰং ১৯৮০ চনৰ পৰাই বেছিভাগ দৰা-কইনাকে মটৰ গাড়ীত উলিয়াই নিয়াৰ পৰম্পৰা আৰম্ভ হয়।
 
২০২১ চনৰ আগষ্ট মাহত বাৰামুল্লাৰ মহিন্দ্ৰা থাৰত গাড়ী চলাই নিজৰ ঘৰলৈ গৈ থকা কাশ্মীৰী কইনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। কাশ্মীৰত ই সাধাৰণ দৃশ্য নহয় যদিও ই উপত্যকাটোৰ বিয়াৰ পৰম্পৰাৰ পৰিৱৰ্তিত ধাৰাক সূচায়। দৰাজন আছিল এজন যুৱ ৰাজনীতিবিদ আৰু তেওঁৰ ভাতৃ এজন আৰক্ষী বিষয়া আছিল। 
 
যথেষ্ট সংখ্যক ‘প্ৰেম বিবাহ’ হোৱাৰ পিছতো মুছলমান আৰু কাশ্মীৰী পণ্ডিত উভয়ৰে বিয়াৰ অনুষ্ঠান সম্পন্ন হৈছিল দৰা-কইনাৰ ৰাশিফল চাই। মুছলমানসকলে ইয়াক ‘সিতৰা বাগনাই’ বুলি কয় আৰু পণ্ডিতসকলে ইয়াক ‘টেকিন’ বুলি জানে। উভয়ে আধ্যাত্মিকভাৱে আগবঢ়া অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লয়। মুছলমানসকলে তেওঁলোকক ‘পীৰ’ আৰু পণ্ডিতসকলে ‘গোৰ’ বুলি কয়।
 
দুয়োটা সম্প্ৰদায়ৰ দুয়োপক্ষই দৰা-কইনাৰ নৈতিক সংবেদনশীলতা আৰু মূল্যবোধকে ধৰি সামাজিক আৰু আৰ্থিক পটভূমিও নিৰীক্ষণ কৰে। এই সকলোবোৰৰ সৈতে দৰা-কইনাৰ আন বহুতো দিশ বিয়াৰ বহু আগতেই পুংখানুপুংখভাৱে অনুসন্ধান কৰা হয়। বিয়াৰ তাৰিখ কইনাৰ পিতৃ-মাতৃয়ে প্ৰস্তাৱ কৰে। দুই পৰিয়ালে সন্মতি দিয়াৰ লগে লগে পীৰ বা গ'ৰৰ লগত আলোচনা কৰি বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। কিছুমানৰ বাগদান পৰ্ব আগতীয়াকৈ হোৱাৰ পিছত বিবাহ দুই-এক বছৰ পিছত সম্পন্ন হয়।
 
এগৰাকী কাশ্মীৰী কইনাই নিজৰ সদ্য বিবাহিত স্বামীক গাড়ীৰে শহুৰেকৰ ঘৰলৈ লৈ যোৱা এক দৃশ্য
 
মুছলমানসকলে কইনাৰ পৰিয়াললৈ ‘সাতনামা’ (বিবাহৰ বাবে নিৰ্ধাৰিত তাৰিখ) পঠোৱাৰ পৰম্পৰা অব্যাহত ৰাখিছে। বিবাহৰ পেইড ফেচিলিটেটিং এজেণ্ট ‘মাঞ্জিমিয়ৰ’ (Manzimyor) এতিয়াও আছে, আনকি বেছিভাগ ‘প্ৰেম বিবাহ’তে তেওঁৰ ভূমিকা হ্ৰাস পাইছে। এনে বিবাহত সংগী আৰু তেওঁলোকৰ পৰিয়ালে পোনপটীয়াকৈ কথাবোৰ নিষ্পত্তি কৰে।
 
কইনাক যৌতুক দিয়াৰ প্ৰথাও বহু পৰিমাণে ম্লান হৈ পৰিছে। আংশিকভাৱে সমাজৰ পৰিৱৰ্তন আৰু এনে দাবীক অপৰাধমূলক বুলি গণ্য কৰা আইনখনৰ ভয়ৰ বাবে যৌতুকৰ প্ৰথা ক্ৰমাত হ্ৰাস পোৱা দেখা গৈছে।
 
শেহতীয়াকৈ মুছলমান আৰু কাশ্মীৰী পণ্ডিত উভয়েই দৰা-কইনা বাছনিৰ ক্ষেত্ৰত কঠোৰ নিয়ম পালন কৰিছিল, কিয়নো তেওঁলোকৰ বেছিভাগেই নিজৰ জাতি আৰু সমাজৰ বাহিৰত বিয়া কৰাব নোৱাৰে। কিছুমান মুছলমান পৰিয়ালে ঘনিষ্ঠ আত্মীয়সকলৰ বাহিৰে আনৰ সৈতে বিবাহপাঁশত আৱদ্ধ হ'ব নোৱাৰে। এতিয়া আন্তঃজাতিৰ লগতে আন্তঃধৰ্মীয় বিবাহ দুয়োটা সম্প্ৰদায়তে হয়। প্ৰতি বছৰে কেইবাটাও ছিয়া-চুন্নী আৰু হিন্দু-মুছলমানৰ বিবাহ হয়।
 
কাশ্মীৰী পণ্ডিতসকলে উপত্যকা এৰি জম্মু, দিল্লী আদি ঠাইলৈ যোৱাৰ পিছত তেওঁলোকৰ বহু যুৱকে আন হিন্দু আৰু অ-হিন্দু সম্প্ৰদায়ৰ পৰা সংগী বাছি লৈ বিবাহপাশত আবদ্ধ হৈছে। ১৯৯০ চনৰ আগতে এইটো খুব কমেইহে হৈছিল কাৰণ কম সংখ্যক কাশ্মীৰী মহিলাইহে ‘বাহিৰৰ মানুহ’ক পছন্দ কৰিছিল। তেওঁলোকৰ এনে পছন্দই মাটি আৰু ঘৰৰ দৰে উত্তৰাধিকাৰী বা অধিগ্ৰহণ কৰা সম্পত্তিৰ মালিকীস্বত্বৰ অধিকাৰো আইনগতভাৱে কাঢ়ি নিয়ে।
 
শতিকাজুৰি চলি অহা পৰম্পৰা ‘ট্ৰামি’ত ‘ৱাজৱান’ পৰিবেশন কৰাৰ পৰম্পৰাও চহৰসমূহত নাইকীয়া হৈ পৰিছে। ট্ৰামি হৈছে এটা ডাঙৰ ঘূৰণীয়া তামৰ প্লেট, য’ত চাৰিজন অতিথিয়ে একেলগে খাদ্য ভাগ কৰি খাব পাৰিছিল। বহু কমিউনিটি মেৰেজ হলত ‘ট্ৰামি ব্যৱস্থা’ৰ ঠাই লৈছে বুফে ব্যৱস্থাই।
 
ৱুৰৰ ওপৰত ৰন্ধা ৱাজৱান
 
কাশ্মীৰৰ বাহিৰত সাধাৰণ হিন্দু বিবাহত নিৰামিষ খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ বিপৰীতে উপত্যকাটোৰ পণ্ডিতসকলে নিৰামিষ আৰু সামিষ দুয়োটা ৰান্ধিছিল। পৰম্পৰা অনুসৰি দুয়োটা সম্প্ৰদায়ে মুছলমান আৰু হিন্দু ৰান্ধনীক নিয়োজিত কৰি আনটো সম্প্ৰদায়ৰ অতিথিসকলক ভোজ-ভাত পৰিবেশন কৰিছিল। পণ্ডিতসকলৰ স্থানচ্যুতিৰ পিছত এই প্ৰথা বিলুপ্ত হৈ পৰিছে।
 
উল্লেখ্য যে, দুয়োটা সম্প্ৰদায়ে আগতে কেইবাটাও বিয়াৰ ৰীতি-নীতি আৰু পৰম্পৰা উমৈহতীয়াভাৱে ভাগ বতৰা কৰিছিল। বাগদান পৰ্বত ‘কাছমদ্ৰী’ নামৰ এটা অনুষ্ঠান আয়োজন কৰাটো এতিয়াও দুয়োটা সম্প্ৰদায়তে সাধাৰণ কথা। বহু মুছলমান পৰিয়ালে শ্ৰীনগৰৰ ডাঙৰ ব্ৰেণ্ডৰ হোটেলত এনে বাগদান পৰ্ব আয়োজন কৰে। একেদৰে, কাশ্মীৰ পণ্ডিতসকলে সাধাৰণতে মন্দিৰত কোনো দেৱতাৰ সন্মুখত এই অনুষ্ঠান পাতে।
 
দুয়োপক্ষৰ জ্যেষ্ঠ আত্মীয়ই এটা মন্দিৰত মিলিত হৈ বিবাহ আনুষ্ঠানিক হোৱাৰ চিন স্বৰূপে ফুলৰ আদান-প্ৰদান কৰে। কইনাৰ পৰিয়ালে গতানুগতিক কাশ্মীৰী খাদ্যৰ আহাৰ বিতৰণ কৰে। কইনাৰ পৰিয়ালে দৰাৰ ঘৰলৈ মুদ্ৰা, ফল-মূল, শুকান ফল, আৰু নাবাদ (মিশ্ৰী, চেনিৰ গোট) থকা পাত্ৰ এটাও পঠিয়াই দিয়ে। বৰ্তমান সময়ত দৰা-কইনাই কোনো মন্দিৰত বা দৰাৰ ঘৰত লগ হৈ আঙঠি বিনিময় কৰে।
 
কাশ্মীৰৰ পৰম্পৰাগত পণ্ডিত বিবাহত ‘লিভুন’ নামেৰে জনাজাত ঘৰ চাফা কৰাৰ অনুষ্ঠানটো আছিল এক সাধাৰণ প্ৰথা। কইনা আৰু দৰাৰ পৰিয়ালে সাধাৰণতে একেদিনাই ‘লিভুন’ নকৰে। এই দিনটোতে ৱাজা অৰ্থাৎ ৰান্ধনীজন আহি ঘৰৰ বাহিৰত ‘ৱুৰ’ নামৰ বোকা-ইটাৰ অভেন এটা গোটাই লয়।
 
‘ৱানউন’ নামৰ মহিলাৰ দলত বিয়াৰ গীত গোৱাৰ প্ৰথা দুয়োটা সম্প্ৰদায়তে এতিয়াও চলি আছে। এতিয়া কাশ্মীৰৰ মুছলমান আৰু বাহিৰৰ পণ্ডিত উভয়ে আটাইতকৈ দামী ৰছিদ জেহাংগীৰ, শ্বাজিয়া বছিৰ, আৰু শীলা জাৰগাৰৰ দৰে পেছাদাৰী বিবাহ গায়কক নিয়োগ কৰে।
 
২০১০ চনলৈকে বিখ্যাত লোক নৃত্যশিল্পী হাছিনা আখতাৰে এনে অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিছিল। নূৰ মহম্মদৰ শেহতীয়াকৈ সংযোজন কৰা আব্দুল ৰছিদ হাফিজ আৰু ৰাছিদ জেহাংগীৰ উপত্যকাৰ বিবাহ অনুষ্ঠানত আটাইতকৈ জনপ্ৰিয় গায়ক হিচাপে খ্যাতি অক্ষুন্ন ৰাখিছে।