আৰৱ দেশৰ জ্ঞানৰ উত্তৰণত ভাৰতীয় হিন্দু পণ্ডিতৰ বিশেষ অৱদান আছে

Story by  atv | Posted by  [email protected] • 4 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ছাকিব ছেলিম

“আমি সাধাৰণতে দেখিছো যে ভাৰতীয়সকল জ্যোতিষশাস্ত্ৰ, গণিত, ভাষা, চিকিৎসা বিজ্ঞানত অতি পাকৈত। তেওঁলোকে বহুতো দীৰ্ঘদিনীয়া ৰোগৰ নিৰাময় কৰিব পাৰে। ভাস্কৰ্য্য শিল্প, চিত্ৰকলা, নিৰ্মাণ কলাত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাইছে। ভাৰতীয়সকলে কেৱল ভাল তৰোৱাল বনাব জনাই নহয়, তেওঁলোকে নিপুণভাৱে ইয়াক ব্যৱহাৰ কৰিবও জানে। তেওঁলোকৰ পৰা আমি চিকিৎসা, দৰ্শন, আৰু অন্যান্য জ্ঞানৰ ওপৰত কেইবাখনো মূল্যবান গ্ৰন্থ লাভ কৰিছো। চীনৰ তুলনাত ভাৰতীয়সকল বহুত আগশাৰীৰ জাতি।” অষ্টম শতিকাৰ আৰব পণ্ডিত আল-জাহিজে ভাৰতীয় হিন্দুসকলক এনেদৰে বৰ্ণনা কৰিছিল।
 
অষ্টম শতিকাৰ পৰা জ্ঞানৰ বিভিন্ন ক্ষেত্ৰত আৰবসকলৰ উত্থানৰ বিষয়ে আলোচনা কৰা যথেষ্ট সাহিত্য সম্ভাৰ আছে যদিও ‘আৰব বিপ্লৱ’ত ভাৰতীয়সকলৰ ভূমিকাক অন্বেষণ কৰা গ্ৰন্থ অতি কমেইহে আছে। এই 'আৰব বিপ্লৱ'ক ‘ইছলামৰ সোণালী যুগ’ বুলিও কোৱা হয়। ইতিহাসবিদসকলৰ মাজত প্ৰায় একমত আছে যে আব্বাছিদ শাসনৰ সময়ত আৰবসকলে বিজ্ঞান, প্ৰযুক্তি, দৰ্শনত পাৰদৰ্শিতা দেখুৱাইছিল। আব্বাছিদ শাসনৰ সময়ত গুৰুত্বপূৰ্ণ মন্ত্ৰী পদত অধিষ্ঠিত বাৰমাকিদ পৰিয়ালক আৰবসকলৰ মাজত এই শৈক্ষিক নৱজাগৰণক লালন-পালন কৰাৰ আঁৰৰ মানুহ বুলি ভবা হয়।
 
বাৰমাকিদসকল মূলতঃ বালখ (বৰ্তমান আফগানিস্তানত)ৰ আছিল আৰু তেওঁলোকৰ পৰিয়ালৰ মুৰব্বী খালিদ ইবনে বাৰমাকে ইছলাম ধৰ্ম গ্ৰহণ কৰি উমাইয়াদ দৰবাৰত যোগদান কৰাৰ আগতে বৌদ্ধ (বা কিছুমান সূত্ৰ অনুসৰি হিন্দু) মঠৰ মুৰব্বী আছিল। ইছলামিক পণ্ডিত ছৈয়দ ছুলেমান নাদভীৰ মতে বাৰমাকিদসকল ভাৰতীয় ব্ৰাহ্মণ পণ্ডিত আছিল। তেওঁ বাৰমাক শব্দৰ উৎপত্তি সংস্কৃতৰ পৰাই অহা বুলি কৈছিল। নদৱীয়ে যুক্তি আগবঢ়ায় যে তেওঁলোক ভাৰতীয় হোৱাৰ বাবে আৰবসকলে বালখ দখল কৰাৰ পিছত পৰিয়ালটো কাশ্মীৰলৈ আহিছিল। খালিদে কাশ্মীৰত সংস্কৃত শাস্ত্ৰৰ শিক্ষা লাভ কৰে।
 
আব্বাছিদ খলিফা আল-ছাফ্ফা আৰু আল-মানছুৰৰ অধীনত খালিদ অন্যতম গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে পৰিগণিত হয়। বাগদাদত কিংবদন্তি হাউচ অৱ উইজডম স্থাপনৰ ক্ষেত্ৰত তেওঁ আৰু পিছলৈ তেওঁৰ নাতি ইয়াহ্যা বাৰমাকিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বাৰমাকিদসকলে সংস্কৃত ভাষা জনা ভাৰতীয় পণ্ডিতসকলক বাগদাদলৈ নিমন্ত্ৰণ কৰিছিল। আৰবসকলে যে ভাৰতীয়ৰ পৰা সংখ্যা ব্যৱস্থা শিকিছিল সেয়া কোনো গোপন কথা নহয়। কিন্তু বহুতেই নাজানে যে এজন ভাৰতীয় পণ্ডিতক আব্বাছিদ দৰবাৰলৈ নিমন্ত্ৰণ কৰা হৈছিল, য’ত তেওঁ সংস্কৃত গ্ৰন্থ 'সিদ্ধান্ত' অনুবাদ কৰিছিল। এই গ্ৰন্থখনে আৰবসকলৰ মাজত ভাৰতীয় গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ পৰিচয় কৰি দিছিল। পাছলৈ অধিক ভাৰতীয় পণ্ডিত বাগদাদলৈ গৈ আৰ্যভট্ট, ব্ৰহ্মগুপ্ত আদিৰ গ্ৰন্থ সংস্কৃতৰ পৰা আৰবীলৈ অনুবাদ কৰিছিল।
 
নাদভীয়ে তেওঁৰ গ্ৰন্থখনত এই কথা উল্লেখ কৰিছিল যে বীজগণিতৰ পথপ্ৰদৰ্শক আল-খোৱাৰিজমীয়ে বাখ্যা কৰা গণিতৰ পদ্ধতি ইতিমধ্যে ভাৰতীয় পণ্ডিতসকলে শিকাই থৈ গৈছিল। আল-খোৱাৰিজমীয়ে ভাৰতীয় পণ্ডিতৰ পৰা গণিত শিকিছিল। 
 
সমসাময়িক সময়ত আন এজন ভাৰতীয় পণ্ডিতে আৰবৰ লোকসকলক 'ব্ৰহ্মসপ্ত সিদ্ধান্ত' অনুবাদ কৰি শিকাইছিল আৰু আৰ্যভাটৰ ৰচনাসমূহো বাগদাদত প্ৰচাৰ কৰিছিল। জ্যোতিৰ্বিজ্ঞানৰ আন কেইবাখনো গ্ৰন্থ আৰু এই বিষয়সমূহৰ পণ্ডিতসকলে আৰবৰ বাসিন্দাসকলক গ্ৰহ-নক্ষত্ৰৰ বিষয়ে আকৰ্ষণীয় ৰূপত বুজাইছিল আৰু সেই বিষয়ে বৈপ্লৱিক পৰিৱৰ্তন আনিছিল।
 
নৱম শতিকাৰ আৰব পণ্ডিত আবু মা’শ্বাৰে আৰ্যভাটে বিকশিত কৰা কল্পৰ ভাৰতীয় ধাৰণাক গ্ৰহণ কৰিছিল যিটো পিছলৈ আৰবসকলৰ জ্যোতিৰ্বিজ্ঞানৰ কেইবাখনো গ্ৰন্থৰ ভিত্তি হৈ পৰিছিল। আৰবসকলৰ মাজত প্ৰচলিত ঔষধৰ জ্ঞান বেছিভাগেই গ্ৰীকসকলৰ বাবে বুলি কোৱা হয় যিটো আংশিকভাৱে শুদ্ধ যদিও তেওঁলোকৰ জ্ঞানৰ এটা ডাঙৰ অংশ ভাৰতীয় বৈদ (চিকিৎসক)ৰ পৰা আহিছিল।
 
এবাৰ খলিফা হাৰুণ ৰছিদ ৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁৰ সাম্ৰাজ্যৰ কোনো চিকিৎসকে তেওঁক সুস্থ কৰিব পৰা নাছিল। ইয়াহ্যা বাৰ্মিকে তেতিয়া এজন ভাৰতীয় বৈদক আনিবলৈ ভাৰতলৈ দূত পঠিয়াইছিল, যিয়ে তেওঁৰ সফলতাৰে চিকিৎসা কৰিছিল। মানকা পণ্ডিত নামৰ বৈদজনে খলিফাক সফল চিকিৎসা কৰে আৰু বাগদাদতে থাকি যায়। তেওঁ তাত আৰৱৰ লোকসকলক ভাৰতীয় চিকিৎসা বিজ্ঞান শিকোৱাত সহায় কৰে। ধনপতি আছিল আন এজন ভাৰতীয় বৈদ, যিজনক বাগদাদৰ এখন চিকিৎসালয়ৰ পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছিল।
 
ভাৰতীয় চিকিৎসা বিজ্ঞানৰ গৌৰৱ শিখৰত উপনীত হয়, যেতিয়া খলিফা হাৰুণ ৰছিদৰ খুলশালীয়েক ইব্ৰাহিমক গ্ৰীক চিকিৎসা বিশেষজ্ঞ গেব্ৰিয়েলে মৃত ঘোষণা কৰে আৰু এজন প্ৰখ্যাত ভাৰতীয় বৈদ ভিয়াৰ পুত্ৰ ছালিয়ে তেওঁক প্ৰত্যাহ্বান জনায়। ইব্ৰাহিমক কফিনৰ পৰা উলিয়াই আনি ছালিয়ে নাকত এবিধ ঔষধ সোমোৱাই দিয়ে। ইয়াৰ দহ মিনিটৰ পাছত তেওঁ হাঁচি মাৰি উঠি বহে। ছালিয়ে মানুহজন প্ৰকৃততে মৃগীৰোগত আক্ৰান্ত বুলি ধৰা পেলাইছিল।
 
ইয়াৰ পিছত ভাৰতীয় পণ্ডিতসকলৰ সৈতে বাগদাদত সুশ্ৰুত, চৰাক, আয়ুৰ্বেদ অনুবাদ আৰু শিক্ষাৰ বাবে এটা বিভাগ গঠন কৰা হয়। ভাৰতীয় বনৌষধি আৰু অন্যান্য চিকিৎসা পদ্ধতি অধ্যয়নৰ বাবে ভাৰতলৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছিল। সুশ্ৰুত, কনকায়ন, শাণ্ডিল্য, যশোধৰা আদিৰ গ্ৰন্থ অনুবাদ কৰা হৈছিল আৰু সেইবোৰ আৰব জ্ঞান ব্যৱস্থাৰ অংশ হৈ পৰিছিল।
 
হিন্দু ধৰ্মৰ সংস্কৃত ভাষাত থকা নৈতিকতা, প্ৰশাসনৰ দিশ উল্লেখ থকা গ্ৰন্থসমূহ আৰবী ভাষালৈ অনুবাদ কৰা হৈছিল। এই গ্ৰন্থসমূহ আৰব পণ্ডিতসকলৰ পিছৰ কেইবাখনো গ্ৰন্থৰ ভিত্তি হৈ পৰিছিল। মহাভাৰত আৰু চাণক্যৰ লেখাই আৰবৰ এটা প্ৰজন্মক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল।
 
আৰবসকলে প্ৰতিষ্ঠা কৰা আদিম ইছলামিক সাম্ৰাজ্যই হিন্দু জ্ঞান ব্যৱস্থাক প্ৰশংসা কৰিছিল আৰু ইয়াৰ পৰা শিকিছিল। নৱম শতিকাৰ আৰব পণ্ডিত ইয়াকুবীয়ে লিখিছে, “ভাৰতীয়সকল জ্ঞানী আৰু সমালোচনাত্মক যাৰ বাবে তেওঁলোক আন সকলো জাতিতকৈ শ্ৰেষ্ঠ। তেওঁলোকৰ জ্যোতিৰ্বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ জ্ঞানৰ কোনো তুলনা নাই। চীনা আৰু পাৰ্চীসকলে তেওঁলোকৰ পৰা এই কলাবোৰ শিকিছে।”
 
যিসময়ত মানুহে ধৰ্ম, জাতি, ভাষা বা ভূগোলৰ ওপৰত ভিত্তি কৰি মানুহক বিভাজিত কৰিবলৈ চেষ্টা কৰি আছে, তেনে সময়ত ভাৰত আৰু আৰৱৰ সহযোগিতাৰ বিষয়ে কোৱাটো প্ৰয়োজন হৈ পৰিছে। আৰৱসকলে ইছলামক শূন্যৰ পৰা বিয়পাই দিয়া নাছিল। এয়া আছিল এটা নিৰন্তৰ প্ৰক্ৰিয়া,  যাৰ জৰিয়তে তেওঁলোকে ভাৰতৰ হিন্দুসকলৰ পৰা বিজ্ঞান, দৰ্শন আৰু সাহিত্য শিকিছিল।