জয়পুৰত সমন্বয়ৰ অনুপম নিদৰ্শন; ঈদৰ নামাজৰ অন্তত মুছলমানৰ ওপৰত পুষ্পবৃষ্টি হিন্দুৰ

Story by  atv | Posted by  [email protected] • 17 d ago
জয়পুৰত সমন্বয়ৰ অনুপম নিদৰ্শন
জয়পুৰত সমন্বয়ৰ অনুপম নিদৰ্শন
 
ফাৰহান ইজৰাইলী/মহম্মদ আক্ৰাম

ভাৰতৰ গোলাপী চহৰ জয়পুৰত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হিন্দুসকলৰ ওপৰত মুছলমানসকলে পুষ্পবৃষ্টি কৰাৰ কিছুদিন পিছতে বৃহস্পতিবাৰে ঈদ-উল-ফিতৰ উপলক্ষে এই প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ প্ৰতিদান দেখিবলৈ পোৱা যায়। দিল্লী-জয়পুৰ ঘাইপথৰ ঈদগাহত নামাজ আদায় কৰি শেষ কৰা হাজাৰ হাজাৰ মুছলমান পুৰুষসকলৰ গাৰ ওপৰত হঠাতে ওপৰেৰে উৰি যোৱা ড্ৰ’নৰ পৰা পুষ্পবৃষ্টি আৰম্ভ হয়।
 
স্থানীয় বিজেপি নেতাসকলেও ওচৰৰ ছাদৰ পৰা তেওঁলোকৰ ওপৰত ফুলৰ পাহি দলিয়াই আছিল। চিটিৰ মুৰব্বী কাজী খালিদ উছমানীয়ে বিশেষ ঈদৰ নামাজৰ সভাপতিত্ব কৰে আৰু নামাজ সম্পূৰ্ণ হোৱাৰ লগে লগে সদিচ্ছা আৰু প্ৰেমৰ চিন হিচাপে তেওঁলোকৰ ওপৰত পুষ্পবৃষ্টি কৰা হয়। খালিদ উছমানীয়ে ঈদৰ বাৰ্তাত ৰাইজৰ আগত কয় যে আমি সকলোৱে সমাজত প্ৰেম-ভাতৃত্ববোধ অব্যাহত ৰাখিব লাগিব। 
 
“আমাৰ প্ৰচেষ্টা হ’ব লাগে হিন্দু আৰু মুছলমানে যুগ যুগ ধৰি একেলগে জীয়াই থকা ধৰণে মৰমেৰে একেলগে জীয়াই থকা আৰু আমাৰ পৰম্পৰাক আগুৱাই নিয়া। মানুহে বিপদ বা যন্ত্ৰণাত ভুগি থকাসকলক সহায়ৰ হাত আগবঢ়াব লাগিব আৰু ঘৃণা প্ৰচাৰ কৰাসকলক প্ৰতিহত কৰিব লাগিব।”-তেওঁ কয়।
 
নামাজীসকললৈ এজন হিন্দু লোকে ফুল দলিওৱা দেখা গৈছে
 
যি সম্প্ৰদায়ৰেই নহওক কিয়, এনে লোকক নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ কৰ্তব্য বুলিও তেওঁ উল্লেখ কৰে। খালিদ উছমানীয়ে ভোটগ্ৰহণ কেন্দ্ৰত উপনীত হ’বলৈ দীঘলীয়া দূৰত্বলৈ খোজ কাঢ়িবলগীয়া হ’লেও আগন্তুক নিৰ্বাচনত সকলোকে ভোটদান কৰিবলৈও আহ্বান জনায়। তেওঁ কয় যে মুছলমানসকলৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ বাবে কাম কৰিব বিচৰা প্ৰাৰ্থী আৰু ৰাজনৈতিক দলটোক জনসাধাৰণে ভোট দিব লাগে।
 
ইফালে, নতুন দিল্লীত আৰ এছ এছৰ অন্তৰ্গত ৰাষ্ট্ৰীয় মুছলিম মঞ্চই এই বছৰৰ লগত সংগতি ৰাখি ঈদ আৰু চৈত্ৰ নৱৰাত্ৰিৰ মনোভাৱ উদযাপনৰ বাবে ডাইভাৰচিটি মিলন(Diversity Milan) নামৰ এক অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে আৰ এছ এছৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰে কয়, “আহক আমি ভাৰতক সংঘাত, অস্পৃশ্যতা, দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ পৰা মুক্ত কৰোঁ। আমাৰ দেশৰ মানুহৰ মাজত ভাতৃত্ববোধ আৰু প্ৰেমৰ সৃষ্টি হওক। এয়া মোৰ প্ৰাৰ্থনা।”
 
এই উপলক্ষে মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ মুখপাত্ৰ শ্বাহিদ ছাইদে কয় যে ঈদ আৰু চৈত্ৰ নৱৰাত্ৰি একেলগে পালন কৰাটো ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ নিদৰ্শন। তেওঁ বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰসাৰিত কৰাৰ বাবে ৰাষ্ট্ৰীয় মুছলিম মঞ্চৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে উদযাপনত খাদ্য বিতৰণৰ এক ব্যৱস্থা কৰা হৈছিল, য’ত ভক্তসকলে পৰম্পৰা অনুসৰি আৰু শ্ৰদ্ধাৰে সযতনে প্ৰস্তুত কৰা নিৰামিষ আৰু মছলা নথকাকৈ সাত্ত্বিক ব্যঞ্জন (নৱৰাত্ৰিৰ প্ৰতি লক্ষ্য ৰাখি) পৰিৱেশন কৰা হয়।
 
হাৱা মহলৰ সন্মুখত নামাজ আদায়ৰ দৃশ্য
 
যুৱ নেতা আৰু আৰ এম এমৰ কৰ্মী শ্বালিনী আলী আৰু বিলাল উৰ ৰেহমানে ধৰ্মীয় সীমা অতিক্ৰম কৰি আন্তঃধৰ্মীয় সম্প্ৰীতি আৰু বুজাবুজিৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় মুছলিম মঞ্চৰ দৃঢ় প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে।
 
ঈদ আৰু নৱৰাত্ৰিৰ আনন্দ আৰু উল্লাসৰ মাজতে মুছলিম ৰাষ্ট্ৰীয় মঞ্চই জনসাধাৰণক আগন্তুক নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি নাগৰিকৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়।