জন্মাষ্টমী বিশেষঃ শ্ৰী কৃষ্ণৰ ব্যক্তিত্বই বহু মুছলমান কবি-সাহিত্যিকক আকৰ্ষিত কৰি আহিছে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
মাজুলীত ভাওনা পৰিবেশনৰ সময়ত ভিন্ন বেশভূষাৰে ইছমাইল হোছেইন
মাজুলীত ভাওনা পৰিবেশনৰ সময়ত ভিন্ন বেশভূষাৰে ইছমাইল হোছেইন
মুকুট শৰ্মা / গুৱাহাটী
 
ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰী কৃষ্ণৰ আকৰ্ষণীয় ব্যক্তিত্ব, নৈতিকতাবোধ, বুদ্ধিমত্তা আৰু প্ৰেম প্ৰৱণতাৰ গভীৰতাই সকলো সম্প্ৰদায়ৰ কবি-সাহিত্যিকক প্ৰভাৱিত কৰি আহিছে।  শ্ৰীকৃষ্ণৰ অনুৰাগীসকলৰ মাজত মুছলমান কবিৰ সংখ্যাও কোনোগুণে কম নহয়। 
 
ভাৰতত ইছলামৰ প্ৰসাৰ আৰম্ভ হোৱাৰ পৰাই মুছলমান কবিসকলৰ মাজত কৃষ্ণৰ প্ৰতি প্ৰেমৰ বীজ অংকুৰিত হৈছিল। আমিৰ খুছৰোৰ সময়ৰে পৰা কবিতাত উদ্ভৱ হোৱা কৃষ্ণ প্ৰেমৰ এটা ধাৰা বহু শতাব্দী ধৰি শক্তিশালী হোৱা দেখা গৈছিল। এই প্ৰৱণতা এতিয়াও অব্যাহত আছে। 
 
শিশুসকলে জনমস্তামীৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে
 
অসমৰো এগৰাকী ইছলাম ধৰ্মাৱলম্বী সাহিত্যিক, গৱেষক, কবি আৰু শিক্ষাবিদ শ্ৰী কৃষ্ণৰ আকৰ্ষণীয় ব্যক্তিত্বৰ প্ৰতি গভীৰভাৱে আকৃষ্ট। হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ আৰু ইছলাম ধৰ্মৰ মাজত বহু সাদৃশ্য দেখিবলৈ পোৱা এই সাহিত্যিকগৰাকী হ'ল ইছমাইল হোছেইন। শংকৰ-আজানৰ দেশ অসমত বিভিন্ন জাতি-ধৰ্মৰ মাজত একতা আৰু সম্প্ৰীতিৰ সেঁতু গঢ়াৰ অবিৰত প্ৰয়াস অব্যাহত ৰখা হোছেইনে ৰামচন্দ্ৰ আৰু কৃষ্ণক ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতীক বুলিও অভিহিত কৰে। 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাতকাৰত শংকৰী সংস্কৃতিৰ বিশিষ্ট গৱেষক ইছমাইল হোছেইনে কয়, "জন্মাষ্টমী উপলক্ষে এতিয়াও আমাৰ গাওঁত নাম-প্ৰসংগ আয়োজন কৰা হয়।  কৃষ্ণৰ সৈতে মুছলমানৰ সম্পৰ্ক প্ৰাচীন কালৰে পৰা আছে। হজৰত মহম্মদে যেতিয়া আৰৱৰ এলেন প্ৰদেশলৈ গৈছিল,  তেতিয়া জাতসকলৰ মুখত নবী চাহাবে সদায় কৃষ্ণৰ বন্দনা আৰু এক ভগৱানৰ মহত্ত্ব  শুনিছিল।  তেতিয়া হজৰত মহম্মদৰ দুই-এজন শিষ্যই তেওঁক বেয়া পাইছিল আৰু কৈছিল যে আপুনি বিধৰ্মী মানুহৰ মাজত কিয় যায়।  হজৰত মহম্মদে তেতিয়া কৈছিল যে তেওঁলোক বিধৰ্মী নহয়, তেওঁলোক সনাতন ধৰ্মী লোক, তেওঁলোকে কৃষ্ণক এক ভগৱান হিচাপে মানে। আমিও আল্লাহক এক ভগৱান হিচাপে মানো।  জাতসকলে ভাৰতবৰ্ষৰ পৰা কঢ়িয়াই অনা আধ্যাত্মিকতাৰ শীতল বতাহে তেওঁৰ হৃদয় স্পৰ্শ কৰি যায় বুলি হজৰত মহম্মদে শিষ্যসকলক পৰম সন্তোষেৰে কৈছিল। "
উল্লেখ্য যে, জন্মভূমি বৰপেটাৰ কয়াকুছিত সৰুৰে পৰা ৰাস মহোৎসৱত ৰাম-ৰাৱণ আৰু কৃষ্ণ-কংসৰ যুদ্ধ দেখি ডাঙৰ হোৱা বিশিষ্ট সাহিত্যিকগৰাকীয়ে এইবাৰ জন্মাষ্টমী উপলক্ষে দুলীয়াজানৰ কেন্দ্ৰীয় নামঘৰত কৃষ্ণৰ ঐতিহ্যক লৈ সাৰমৰ্ম ভাষণ আগবঢ়াব। 
 
জন্মাষ্টমী উপলক্ষে বৃন্দাবনৰ এটা মন্দিৰৰ মনোমোহা ৰূপ
 
হিন্দু ধৰ্মৰ পবিত্ৰ উৎসৱ জন্মাষ্টমী কাইলৈ সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক উলহ-মালহেৰে উদযাপন কৰা হ'ব। হিন্দু ধৰ্মাৱলম্বীসকলে বিষ্ণুৰ মানৱ অৱতাৰ কৃষ্ণ এই দিনটোতে জন্মগ্ৰহণ কৰা বুলি বিশ্বাস কৰে। ইয়াৰ আন নামসমূহ হ'ল কৃষ্ণষ্টমী, গোকুলাষ্টমী, অষ্টমী ৰোহিনী, শ্ৰীকৃষ্ণ জয়ন্তী ইত্যাদি।
 
হিন্দু পঞ্জিকা অনুসৰি সৌৰ ভদ্ৰ মাহৰ কৃষ্ণ পক্ষৰ অষ্টম দিনা ৰোহিনী নক্ষত্ৰৰ প্ৰাধান্য হ’লে জন্মাষ্টমী উদযাপন কৰা হয়। গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে আগষ্ট মাহৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈকে এই উৎসৱ পৰে। মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই অনুষ্ঠান অতি আড়ম্বৰেৰে সম্পন্ন কৰা হয়। 
"মোৰ জন্ম বৰপেটা জিলাৰ কয়াকুছিত। আমাৰ গাওঁৰ পৰা আধা কিলোমিটাৰ দূৰত ফুলৰগুড়ি গাওঁ, তাৰ আধা কিলোমিটাৰ দূৰত বামুনবড়ী গাঁও, দুয়োখন আছিল সনাতনধৰ্মী গাওঁ। দুয়োখন গাঁৱে একগোট হৈ প্ৰতিবাৰে ৰাস মহোৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আদি আয়োজন কৰাটো এক পৰম্পৰা আছিল। আমি শৈশৱত সেইবোৰ চাব গৈছিলো। আমি তাত ৰাম-ৰাৱণৰ যুদ্ধ দেখো, কৃষ্ণ-কংসৰ যুদ্ধ দেখো, আমি তাত ৰামচন্দ্ৰ আৰু পৰশুৰামৰ যুদ্ধ দেখো। সদায় ৰাম অথবা কৃষ্ণৰ জয় দেখো, কংস অৰ্থাৎ দুষ্কৃতিকাৰীৰ পৰাজয় দেখো। সেইবোৰ দেখি দেখি সৰুৰে পৰা ৰামচন্দ্ৰ আৰু কৃষ্ণৰ প্ৰতি আকৰ্ষিত হওঁ। তেওঁলোক যে আমাৰ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰতীক, সেয়া অনুভৱ কৰিছিলো," ইছমাইল হোছেইনে এইদৰে কয়। 
মনকৰিবলগীয়া যে, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, চান্দসাই আদিৰ আদৰ্শৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ হকে কাম কৰি যোৱা ইছমাইল হোছেইনে ইছলামধৰ্মী ভাৱৰীয়াৰদ্বাৰা ‘চান্দসাই’ নামৰ এটা ভাওনা দল গঠন কৰাৰ লগতে নিজে ভাৱৰীয়াৰ ৰূপত অভিনয় কৰি অসমৰ সাতামপুৰুষীয়া ঐক্য-সংহতিৰ এনাজৰী কটকটীয়া কৰিছে। 
 
যুৱতীসকলে জন্মাষ্টমীৰ এটা ৰীতি পালন কৰিছে
 
তেওঁৰ দ্বাৰা গঠিত ‘চান্দসাই ভাওনা’ দলে মাজুলীৰ ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাওনা প্ৰদৰ্শনেৰে দৰ্শকৰ জাউৰীয়ে-জাউৰীয়ে হাত চাপৰি বুটলিবলৈ সক্ষম হৈছিল। বিশেষকৈ তেওঁলোকৰ ‘ৰামবিজয়’ আৰু ‘পাৰিজাত হৰণ’ নাটে এটা সময়ত দৰ্শকৰ হৃদয়ত আলোড়ন তুলিছিল। 
 
শংকৰী কলা-সংস্কৃতিক লৈ ১৯ খন, অসমীয়াৰ প্ৰাণৰ আপোন বিহুক লৈ ১০ খন, অসমৰ চৰ-চাপৰিৰ লোক-সাহিত্য আৰু সংস্কৃতিক লৈ ৮ খন, হিন্দু-মুছলিমৰ সমন্বয়ক লৈ ২ খন, হজৰত আজানপীৰক লৈ ২ খন, বড়ো-মিচিং-চুতীয়া আৰু কোচ ৰাজবংশীক লৈ ১খন, ভাওনা-বাটৰ নাটক লৈ ১ খন, শৰণীয়া কচাৰীক লৈ ২ খনসহ এতিয়ালৈকে মুঠ ১০৬ খন গ্ৰন্থ লিখি ইছমাইল হোছেইনে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰিছে।


শেহতীয়া খবৰ