নতুন দিল্লী
পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰায় চাৰিদিন ধৰি চলা যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ভাৰতক প্ৰশংসা কৰিছে চীনে। ভাৰতে যুদ্ধ পছন্দ নকৰে বুলি ঘোষণা কৰা স্থিতিৰ শলাগ লৈছে চীনৰ বৈদেশিক মন্ত্ৰী তথা চিপিচি কেন্দ্ৰীয় সমিতিৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য তথা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা কাৰ্যালয়ৰ সঞ্চালক ৱাং য়ীয়ে।
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে শনিবাৰে নিশা হোৱা এক টেলিফোনিক বাৰ্তালাপত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে যুদ্ধৰ পৰা আঁতৰি থকাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক মানৱ জাতিৰ বাবে ইতিবাচক বুলি উল্লেখ কৰে। তেওঁ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণকো চোকা ভাষাৰে গৰিহণা দিয়ে।
আলোচনাৰ সময়ত এনএছএ অজিত ডোভালে দৃঢ়তাৰে কয় যে “ভাৰতে যুদ্ধ কেতিয়াও পছন্দ নকৰে”। যুদ্ধবিৰতি তথা পাকিস্তানৰ সৈতে শান্তি পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। ভাৰতৰ সৈতে উচ্চ পৰ্যায়ৰ কূটনৈতিক মত-বিনিময়ৰ পিছতে চীনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে।
বিবৃতিটোত কোৱা হৈছে যে, ২০২৫ চনৰ ১০ মে’ত চিপিচি কেন্দ্ৰীয় সমিতিৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য তথা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা কাৰ্যালয়ৰ সঞ্চালক ৱাং য়ীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে ফোন বাৰ্তালাপত মিলিত হয়। ডোভালে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত বহু সাধাৰণ ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে। তেনে পৰিস্থিতিত ভাৰতে সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন আছিল বুলি তেওঁ জানিবলৈ দিয়ে।
ডোভালে কয় যে, "যুদ্ধ কেতিয়াও ভাৰতৰ পছন্দ নাছিল আৰু এয়া কোনো দলৰ স্বাৰ্থত নহয়। ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ প্ৰতি দায়বদ্ধ হ'ব আৰু আঞ্চলিক শান্তি আৰু সুস্থিৰতা অতি সোনকালে পুনৰ ঘূৰাই অনাৰ বাবে আগ্ৰহী হ'ব।"
ইফালে, ৱাং য়িয়ে কয় যে চীনে পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি অশান্ত আৰু আন্তঃসংলগ্ন। এছিয়া অঞ্চলত শান্তি আৰু সুস্থিৰতা কষ্টোপাৰ্জিত আৰু ইয়াক লালন-পালনৰ যোগ্য। ভাৰত আৰু পাকিস্তান এনে চুবুৰীয়া দেশ যাক আঁতৰাই নিব নোৱাৰি, আৰু দুয়োখনেই চীনৰ চুবুৰীয়া দেশ।"
কথোপকথনত য়াঙে ডোভালক কয়, “যুদ্ধ ভাৰতৰ পছন্দ নহয় বুলি আপোনাৰ বক্তব্যৰ চীনে শলাগ লৈছে, আৰু আন্তৰিকতাৰে আশা কৰিছে যে ভাৰত আৰু পাকিস্তানে শান্ত আৰু সংযত হৈ থাকিব। আলোচনা আৰু পৰামৰ্শৰ জৰিয়তে মতানৈক্য সঠিকভাৱে চম্ভালিব, পৰিস্থিতিৰ তীব্ৰতা বৃদ্ধিৰ পৰা হাত সাৰিব।”
বিবৃতিটোত কোৱা হৈছে, ‘চীনে বিচাৰে যে ভাৰত আৰু পাকিস্তানে আলোচনাৰ জৰিয়তে এক ব্যাপক আৰু স্থায়ী যুদ্ধবিৰতিত উপনীত হওক। এইটো ভাৰত আৰু পাকিস্তানৰ মৌলিক স্বাৰ্থৰ বাবে উপকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় সমূদায়ৰো এক উমৈহতীয়া ইচ্ছা।’
উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে যোৱা ৭ মে’ত অপাৰেচন সেন্দুৰ আৰম্ভ কৰিছিল। সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ পিছত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰত অৱস্থিত ৯টা সন্ত্ৰাসবাদী শিবিৰত প্ৰচণ্ড আঘাত হানে।