৮ হাজাৰৰো অধিক একাউণ্ট ব্লক কৰিবলৈ এক্সক নিৰ্দেশ ভাৰত চৰকাৰৰ

Story by  atv | Posted by  [email protected] • 7 h ago
এক্সৰ স্বত্ত্বাধিকাৰী এলন মাস্ক
এক্সৰ স্বত্ত্বাধিকাৰী এলন মাস্ক
 
নতুন দিল্লী

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)-এ প্ৰকাশ কৰিছে যে ভাৰত চৰকাৰৰ পৰা তেওঁলোকে ৮ হাজাৰৰো অধিক একাউণ্ট ব্লক কৰাৰ কাৰ্যবাহী নিৰ্দেশ পাইছে। এই আদেশসমূহ মানি চলাত ব্যৰ্থ হ’লে স্থানীয় কোম্পানীটোৰ কৰ্মচাৰীসকলে যথেষ্ট জৰিমনা আৰু আনকি জেলৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
 
এক্সৰ গ্ল’বেল গভৰ্ণমেণ্ট এফেয়াৰ্ছ টিমে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ভাৰত চৰকাৰে প্ৰেৰণ কৰা এই আদেশসমূহে ভাৰতৰ একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা আৰু বিশিষ্ট এক্স ব্যৱহাৰকাৰীৰ একাউণ্টো ব্লক কৰিব বিচাৰিছে।
 
কোম্পানীটোৱে স্পষ্ট কৰি দিয়ে যে বেছিভাগ ক্ষেত্ৰতে ভাৰত চৰকাৰে কোনটো একাউণ্টৰ কোনটো পোষ্টে স্থানীয় আইন উলংঘা কৰে সেই বিষয়ে অৱগত কৰা নাই। এক্সে নিজৰ বিবৃতিত কয় যে আমি বৃহৎ সংখ্যক একাউণ্টৰ বাবে পৰ্যাপ্ত প্ৰমাণ বা ন্যায্যতা বিচাৰি পোৱা নাই। এক্সে লগতে কয় যে ভাৰতত কেৱল নিৰ্দিষ্ট একাউণ্টহে ব্লক কৰা হ’ব আৰু বিশ্বজুৰি নহয়।
 
যদিও কোম্পানীটোৱে এই প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি স্বীকাৰ কৰিছে, তথাপিও চৰকাৰৰ এই দাবীসমূহৰ সৈতে স্পষ্টভাৱে মতানৈক্য প্ৰকাশ কৰিছে। এক্সে নিজৰ বিবৃতিত কয়, “গোটেই একাউণ্টটো ব্লক কৰাটো কেৱল অপ্ৰয়োজনীয়ই নহয়, ই মত প্ৰকাশৰ স্বাধীনতা ভংগ আৰু মৌলিক অধিকাৰ খৰ্ব কৰাও হ'ব।”
 
এক্সৰ মতে ভাৰত চৰকাৰৰ নিৰ্দেশসমূহ ৰাজহুৱা কৰাটো স্বচ্ছতাৰ বাবে প্ৰয়োজনীয়, কিন্তু বৰ্তমান ভাৰতীয় আইনৰ অধীনত আইনী বাধাৰ বাবে সেয়া কৰিবলৈ সক্ষম হোৱা নাই। 
 
উল্লেখ্য যে, পহলগামত সংঘটিত হোৱা ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা শিখৰত উপনীত হৈছে আৰু এই পটভূমিত পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জৰ্দাৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআই প্ৰতিষ্ঠাপক ইমৰাণ খানৰ এক্স একাউণ্ট ভাৰতত নিষিদ্ধ কৰা হৈছে।


শেহতীয়া খবৰ