'অপাৰেচন সেন্দুৰ'ত নিহত ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত আছিল কাণ্ডাহাৰ বিমান অপহৰণ, পুলৱামা আক্ৰমণত জড়িত দূধৰ্ষ সন্ত্ৰাসবাদী

Story by  atv | Posted by   Imtiaz Ahmed • 19 h ago
স্থল সেনা, জল সেনা আৰু বায়ু সেনাৰ যুটীয়া সংবাদমেল
স্থল সেনা, জল সেনা আৰু বায়ু সেনাৰ যুটীয়া সংবাদমেল
নতুন দিল্লী

ভাৰতীয় সেনাই দেওবাৰে নিশ্চিত কৰে যে ১৯৯৯ চনত ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান (আই চি-৮১৪) অপহৰণ আৰু ২০১৯ চনত পুলৱামাত নিৰাপত্তাৰক্ষীক আক্ৰমণৰ সৈতে জড়িত একাধিক দূধৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদীও 'অপাৰেচন সেন্দুৰ'ত নিহত হৈছে। পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত শেহতীয়াকৈ ভাৰতে চলোৱা শক্তিশালী আক্ৰমণত নিহত প্ৰায় ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত তেওঁলোকো আছিল বুলি ভাৰতীয় সেনাই প্ৰকাশ কৰিছে।  

স্থল সেনা, জল সেনা আৰু বায়ু সেনাৰ এক যুটীয়া সংবাদমেলত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয় যে সেই ৯টা সন্ত্ৰাসবাদী শিবিৰৰ ওপৰত ভাৰতে কৰা আক্ৰমণৰ ফলত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে আৰু ইয়াৰ ভিতৰত আছে ১৯৯৯ৰ কাণ্ডাহাৰ বিমান অপহৰণ আৰু ২০১৯ৰ পুলৱামা বিস্ফোৰণৰ সৈতে জড়িত ইউছুফ আজহাৰ, আব্দুল মালিক ৰাউফ আৰু মুদাছিৰ আহমেদৰ দৰে দুধৰ্ষ সন্ত্ৰ্ৰাসবাদী।

বিমান অপহৰণ গোচৰৰ সৈতে জড়িত জৈছ-ই-মহম্মদৰ (জে ই এম) মুৰব্বী মৌলানা মাছুদ আজহাৰৰ ভাতৃ ইউছুফ আজহাৰক বহু বছৰ ধৰি বিচাৰি থকা হৈছিল। ১৯৯৯ চনত বিমান অপহৰণৰ জৰিয়তে জৈছ-ই-মহম্মদে মাছুদ আজহাৰক মুকলি কৰি নিছিল। তেওঁ সন্ত্ৰাসবাদী সংগঠনটোৰ বিভিন্ন কূটাঘাতমূলক অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, অস্ত্ৰ প্ৰশিক্ষণৰ তদাৰক কৰিছিল আৰু জম্মু-কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণত সক্ৰিয়ভাৱে জড়িত আছিল।

পুলৱামাৰ সন্ত্রাসবাদী আক্ৰমণৰ এক দৃশ্য
 
ইফালে, আব্দুল মালিক ৰাউফ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT)ৰ উচ্চ পদস্থ কমাণ্ডাৰ আছিল আৰু আমেৰিকাই তেওঁক গোলকীয় সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰিছিল। মুদাছিৰ আহমেদ আছিল লস্কৰৰ জ্যেষ্ঠ অপাৰেটিভ আৰু সন্ত্ৰাসবাদী সংগঠনটোৰ মুখ্য কাৰ্যালয় মুৰিডকেৰ মাৰ্কাজ তৈবাৰ দায়িত্বত আছিল।

ভাৰতৰ শীৰ্ষ সামৰিক বিষয়াগৰাকীয়ে দৃঢ়তাৰে কয় যে ‘অপাৰেচন সেন্দুৰ’ৰ মূল লক্ষ্য আছিল সন্ত্রাসবাদত জড়িত অপৰাধী আৰু ইয়াৰ পৰিকল্পনাকাৰীসকলক শাস্তি দিয়া আৰু তেওঁলোকৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ধ্বংস কৰা।

ইউছুফ আজহাৰ আৰু আব্দুল মালিক ৰাউফৰ অন্ত্যেষ্টিক্ৰিয়া
 
সামৰিক হতাহতিৰ সন্দৰ্ভত ভাৰতীয় সেনাই উল্লেখ কৰিছে যে ‘অপাৰেচন সেন্দুৰ’ত ৫ জন জোৱান নিহত ইছে। সংবাদমেলত সামৰিক অভিযানৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয় যে, "সশস্ত্ৰ বাহিনীৰ ৫ জন সহযোগী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাইছো, তেওঁলোকৰ ত্যাগ সদায় স্মৰণীয় হৈ থাকিব।"

সেনাই লগতে কয় যে ৭ মে’ৰ পৰা ১০ মে’ৰ ভিতৰত নিয়ন্ত্ৰণ ৰেখাত আৰ্টিলাৰী আৰু ক্ষুদ্ৰ অস্ত্ৰৰ গুলীচালনাত পাকিস্তান সেনাই প্ৰায় ৩৫ৰ পৰা ৪০জন জোৱানৰ মৃত্যু হৈছে।

সন্ত্ৰাসবাদী শিবিৰ চিনাক্তকৰণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে কয়, "লস্কৰ-ই-তৈবাৰ হাব চেণ্টাৰ মুৰিডকেৰ দৰে কুৎসিত স্থানসমূহে বছৰ বছৰ ধৰি আজমল কাছাব আৰু ডেভিদ হেডলীৰ দৰে কুখ্যাত সন্ত্ৰাসবাদীৰ জন্ম দিছে। এইবোৰ আন্তঃগাথনি ধ্বংস কৰাটো আমাৰ অভিযানৰ লক্ষ্য আছিল।"

ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান অপহৰণ
 
"নিৰ্দিষ্ট ৯ টা লক্ষ্যৰ ভিতৰত ভাৰতীয় বায়ুসেনাক বাহাৱালপুৰ আৰু মুৰিডকেৰ কুখ্যাত সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰত নিযুক্তি দিয়া হৈছিল। এই দুয়োটা পাকিস্তানী ভূখণ্ডৰ ভিতৰত অৱস্থিত। লক্ষ্যস্থানৰ সম্যক বিশ্লেষণৰ পিছত আমি নিখুঁত পৰিকল্পনাৰে সঠিক স্থানত আক্ৰমণ সম্পন্ন কৰো, এই অভিযানত আমি কোনো সামৰিক বাহিনীৰ ঘাটি অথবা সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা নাই।"- বিষয়াগৰাকীয়ে লগতে কয়।

উল্লেখ্য যে, জম্মু-কাশ্মীৰত পাকিস্তান মদদপুষ্ট সন্ত্ৰাসবাদীয়ে ২৬ জন সাধাৰণ নাগৰিকক হত্যা কৰাৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰস্থিত সন্ত্ৰাসবাদী শিবিৰসমূহক লক্ষ্য কৰি ভাৰতে যোৱা ৭ মে’ত অপাৰেচন সেন্দুৰ আৰম্ভ কৰিছিল।

মাছুদ আজহাৰ
 
ভাৰতীয়ে কয় যে কেইবাখনো পাকিস্তানী বিমানে ভাৰতীয় বায়ুসেনাৰ একাধিক ঘাটিত আক্ৰমণ কৰিছিল যদিও ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই সকলোবোৰ নিষ্ক্ৰিয় কৰি পেলায়। পাকিস্তানী পক্ষৰ পৰা চলা এই আগ্ৰাসন আৰু অভিযানৰ ফলত ভাৰতৰ মাটিত কোনো ক্ষতি হোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে। 

"তেওঁলোকৰ বিমানসমূহ আমাৰ সীমান্তৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল...নিশ্চিতভাৱে আমি কেইখনমান বিমান ধ্বংস কৰিছো...নিশ্চিতভাৱে তেওঁলোকৰ পক্ষত লোকচান আছে যিটো আমি সংঘটিত কৰিছো," ভাৰতীয়ে লগতে কয়।
অপাৰেচন সেন্দুৰৰ সময়ত ভাৰতৰ ৰাফেল যুঁজাৰু বিমানৰ ক্ষতি হোৱাৰ বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে এই দাবী স্বীকাৰ বা অস্বীকাৰ কৰাৰ পৰা বিৰত থাকে। তেওঁ কয় যে “ক্ষয়-ক্ষতি যিকোনো যুদ্ধ পৰিস্থিতিৰ এটা অংশ। প্ৰশ্ন হ'ল আমি আমাৰ লক্ষ্যত উপনীত হ'লোঁনে নাই? উত্তৰটো হ'ল আমি নিখুতভাৱে লক্ষ্য পূৰণ কৰিছো। এই মূহূৰ্তত মই সেই বিষয়ে অধিক মন্তব্য দিব নিবিচাৰো। কাৰণ আমি এতিয়াও যুদ্ধক্ষেত্ৰত আছো আৰু শত্ৰুপক্ষক কোনো সুবিধা দিব নোৱাৰো। এটা কথাই ক'ম যে অভিযান চলাই আমাৰ সকলো পাইলট সুকলমে উভতি আহিছে।"

আনহাতে, সংবাদমেলত ভাইচ এডমিৰেল এ এন প্ৰমোদে কয় যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সেন্দুৰ আৰম্ভ কৰাৰ সময়ত ভাৰতীয় নৌসেনা কৰাচীকে ধৰি সাগৰ আৰু স্থলভাগত নিৰ্বাচিত লক্ষ্যত আঘাত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছিল।

"প্ৰয়োজন হলে আমাৰ বাহিনী কাৰাচীসহ নিৰ্বাচিত লক্ষ্যসমূহত আঘাত কৰিবলৈ পূৰ্ণ সামৰ্থ্যৰ সৈতে আৰব সাগৰত পূৰ্বৰ পৰা এক নিৰ্ণায়ক অৱস্থাত নিয়োজিত হৈ আছিল," প্ৰমোদে কয়।