গুৱাহাটী
বহু জিলা পৰিষদৰ আসন আৰু আঞ্চলিক পঞ্চায়তৰ আসনত ভোটগণনা চলি থকাৰ সময়তে অসমৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু মিত্ৰজোঁটৰ অংশীদাৰসকলে ব্যাপক বিজয় সাব্যস্ত কৰিবলৈ সাজু হৈছে। সৰ্বাধিক জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনত আগবাঢ়ি আছে বিজেপি আৰু মিত্ৰজোঁটৰ অংশীদাৰসকলে।
উল্লেখ্য যে, অসমৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায় ২ মে'ত আৰু দ্বিতীয় পৰ্যায় নিৰ্বাচন ৭ মে'ত ৰাজ্যৰ ২৭খন জিলাত অনুষ্ঠিত হৈছিল।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সন্ধিয়া গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি কয়- "আমি এই নিৰ্বাচনত ব্যাপক বিজয় সাব্যস্ত কৰিবলৈ ওলাইছো। ৩৯৭টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত এন ডি এয়ে ৮৩ শতাংশ আসন লাভ কৰিবলৈ গৈ আছে। আনহাতে ২১৯২খন আঞ্চলিক পঞ্চায়তৰ আসনৰ ভিতৰত এন ডি এয়ে ৯১ শতাংশ আসন লাভ কৰিব।"
সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, "ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই নির্বাচনত আমাক সন্মুখৰ পৰা নেতৃত্ব দিছে৷ আৰম্ভণিৰে পৰাই আমি নিশ্চিত আছিলোঁ যে প্রার্থী বাছনিৰ পৰা মিত্রতালৈকে সফলতাৰে সম্পূর্ণ হোৱাৰ পাছত আমি এক বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হ’ম৷ এই নিৰ্বাচনত ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰামৰ্শ মতে সকলো মন্ত্ৰী, বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী, সকলো বিজেপি নেতাই অংশ লৈছিল।”
"মই সকলোকে কৃতজ্ঞতা, ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো, বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সাংসদ কামাখ্যা প্ৰসাদ তাছা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। প্ৰধানমন্ত্ৰীৰ অসমৰ প্ৰতি থকা মৰম আৰু তেওঁৰ শুভেচ্ছা আমাৰ বাবে এক প্ৰেৰণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা আৰু অসমৰ প্ৰতি তেওঁৰ প্ৰেমো বিজেপিৰ ব্যাপক বিজয়ৰ এক কাৰক।"
উল্লেখ্য যে, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, লখিমপুৰ, ধেমাজি, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, আৰু মৰিগাঁও জিলাত বিজেপি আৰু মিত্ৰজোঁটৰ অংশীদাৰ দলে এক আকৰ্ষণীয় বিজয় সাব্যস্ত কৰিছে।