ভাৰতৰ সকলো সামৰিক ঘাটি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছেঃ এয়াৰ মাৰ্শ্বাল এ কে ভাৰতী

Story by  atv | Posted by  [email protected] • 1 Months ago
সংবাদমেলত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতী
সংবাদমেলত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতী
 
নতুন দিল্লী

ভাৰতৰ সকলো সামৰিক ঘাটি আৰু ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে আৰু প্ৰয়োজন হ’লে যিকোনো অভিযান গ্ৰহণ কৰিবলৈ সাজু হৈ আছে। ভাৰতীয় বায়ু সেনাৰ এয়াৰ অপাৰেচনৰ সঞ্চালক প্রধান এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে সোমবাৰে এখন প্ৰেছ ব্রিফিঙত এইদৰে কয়। 
 
তেওঁ কয় যে ভাৰতৰ শক্তিশালী এয়াৰ ডিফেন্স চিষ্টেমে ভাৰতীয় ইনষ্টলেশ্যনসমূহক লক্ষ্য কৰি লোৱা পাকিস্তানৰ প্রচেষ্টাক ফলপ্ৰসূভাৱে বিফল কৰি পেলাইছে। তেওঁৰ মতে, অপাৰেচন সেন্দুৰৰ আন এটা উল্লেখযোগ্য দিশ আছিল আকাশ অগ্নেয়াস্ত্ৰৰ দৰে স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ প্ৰযুক্তিসমূহেও সমানে পৰাক্ৰম দেখুৱাবলৈ সক্ষম হৈছে।
 
আই এ এফৰ শীৰ্ষ বিষয়াগৰাকীয়ে কয় যে আমাৰ যুঁজখন সন্ত্ৰাসবাদী আন্তঃগাঁথনি আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আছিল যদিও পাকিস্তানৰ সেনাই সন্ত্ৰাসবাদীক সমৰ্থন কৰাৰ সিদ্ধান্ত লোৱাত সংঘাত ডাঙৰ হৈ পৰে। 
 
ইয়াৰ পূৰ্বে, সোমবাৰে পুৱা ভাৰতীয় সেনাই কয় যে, “জম্মু-কাশ্মীৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অন্যান্য অঞ্চলসমূহ দেওবাৰে নিশা বহুলাংশে শান্তিপূৰ্ণ হৈ আছে”। ভাৰতীয় সেনাৰ এক বিবৃতিত কোৱা হৈছে যে দেওবাৰৰ নিশা পাকিস্তানৰ ফালৰ পৰা কোনো ধৰণৰ কূটাঘাতৰ খবৰ পোৱা নাই। যোৱা কিছুদিনৰ ভিতৰত এয়া প্ৰথমটো শান্ত নিশা। 
 
উল্লেখ্য যে, ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান-অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰিবলৈ যোৱা ৬ মে’ৰ মাজনিশা অপাৰেচন সেন্দুৰ আৰম্ভ কৰিছিল।