নতুন দিল্লী
জম্মুৰ এক বিবাহ অনুষ্ঠানত সংঘটিত এক নিৰাপত্তাজনিত ঘটনাই সকলোকে জোকাৰি গৈছে ৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাক বুধবাৰে নিশা হত্যাৰ প্ৰচেষ্টা চলোৱা হয় । অৱশ্যে নিৰাপত্তাৰক্ষীৰ তৎপৰতাৰ বাবে এই হত্যাৰ চেষ্টা ব্যৰ্থ হয়।
চিচিটিভিৰ ফুটেজ অনুসৰি, কমল সিং জামৱাল (৬৮) নামৰ এগৰাকী বৃদ্ধই শূন্য দূৰত্বৰ পৰা ফাৰুক আব্দুল্লাক পিষ্টলেৰে গুলী চলাবলৈ চেষ্টা কৰিছিল । অৱশ্যে প্ৰবীণ নেতাজনে কোনো আঘাত নোপোৱাকৈ কথমপি ৰক্ষা পৰে।
ঘটনা সন্দৰ্ভত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই X পোষ্টত লিখিছে, "দয়াৱান আল্লা। মোৰ পিতৃ কথমপি ৰক্ষা পৰে। এই মুহূৰ্তত সবিশেষ জনোৱাটো সম্ভৱ নহয়, কিন্তু যিটো জানিব পৰা গৈছে সেয়া হ'ল যে গুলীভৰ্তি পিষ্টল লৈ এজন মানুহে শূন্য দূৰত্বৰ গুলী চলাইছিল। নিৰাপত্তা বাহিনীয়ে এই গুলীৰ লক্ষ্য বিভ্ৰাট কৰিছিল আৰু কোনো ধৰণৰ হানি-বিঘিনি নোহোৱাকৈ তেওঁক হত্যাৰ প্ৰচেষ্টা বিফল কৰে। এই মুহূৰ্তত উত্তৰতকৈও অধিক প্ৰশ্ন উত্থাপন হৈছে। কেনেদৰে কোনো এজন ব্যক্তিয়ে Z+ এন এছ জি সুৰক্ষাৰে বেষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ইমান ওচৰলৈ আহিব পাৰিলে।"
ওমৰ আব্দুল্লাই লগতে কয়, "অশেষ ধন্যবাদ যে সেই সময়ত মোৰ দেউতাৰ লগত যোৱা উপ-মুখ্যমন্ত্ৰী আৰু নাছিৰ ছোগামি দুয়োগৰাকী নিৰাপদ আৰু সুস্থ। সৰ্বশক্তিমানে তেওঁলোকক ৰক্ষা কৰে।"
এই ঘটনাই ইতিমধ্যে জম্মুত আতংকৰ সৃষ্টি কৰিছে। আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পিছতে নেচনেল কনফাৰেন্সৰ সভাপতিগৰাকীক তেওঁৰ নিৰাপত্তাৰক্ষীয়ে নিৰাপদ স্থানলৈ আঁতৰাই লৈ যায় । জম্মুৰ বৃহত্তৰ কৈলাস অঞ্চলৰ ৰয়েল পাৰ্ক বিবাহ ভৱনত এই ঘটনাটো সংঘটিত হয় । নেচনেল কনফাৰেন্সৰ এগৰাকী নেতাৰ কন্যাৰ বিবাহ অনুষ্ঠানত অংশ ল’বলৈ ফাৰুক আব্দুল্লা তালৈ গৈছিল । তেওঁৰ সৈতে জম্মু-কাশ্মীৰৰ উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰী আৰু অন্য নেতাসকলো উপস্থিত আছিল।
অৱশ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু নেচনেল কনফাৰেন্সৰ সভাপতিগৰাকীক কিয় গুলীয়াই হত্যা কৰিবলৈ চেষ্টা কৰিছিল সেই সন্দৰ্ভত নিৰন্তৰ জেৰা চলি আছে। ইফালে হত্যাৰ চেষ্টাৰ পিছত মুখ্যমন্ত্ৰীৰ উপদেষ্টা নাছিৰ আছলাম ৱানীয়ে সংবাদ মাধ্যমৰ আগত কয়, "মানুহজনে নিজৰ ৰিভলভাৰৰ পৰা গুলীচালনা কৰি ফাৰুক আব্দুল্লাক হত্যা কৰাৰ চেষ্টা কৰিছিল । সৰ্বশক্তিমানে ফাৰুক চাহাবক ৰক্ষা কৰে আৰু এই ঘটনাত কোনো লোক আহত হোৱা নাই।"
তেওঁ লগতে কয় যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। আনহাতে, ফাৰুক আব্দুল্লাই কোনো আঘাত পোৱা নাই আৰু তেওঁৰ মানসিক অৱস্থাও ভাল বুলি উল্লেখ কৰে।