ৰাম কুমাৰ কৌশিক
সামৰিক সামৰ্থ্য আৰু কৌশলগত স্পষ্টতাৰ প্ৰদৰ্শন কৰি ভাৰতে পাকিস্তানৰ ওপৰত অভূতপূৰ্ব বায়ু আধিপত্যৰ কথা ঘোষণা কৰিছে আৰু ইয়াৰ দ্বাৰা আঞ্চলিক নিৰাপত্তাৰ কেলকুলাছ (calculus)ৰ মৌলিক পৰিৱৰ্তন ঘটাইছে। ভাৰতীয় বায়ুসেনাই (আই এ এফ) একাধিক পাকিস্তানী বায়ুসেনাৰ ঘাটি আৰু সন্ত্ৰাসবাদী আন্তঃগাঁথনিত নিখুঁত আক্ৰমণ চলাই ইছলামবাদৰ সামৰিক প্ৰতিষ্ঠানক আস্বম্বিত কৰি তুলিছে আৰু পাকিস্তানৰ বহুলভাৱে প্ৰচাৰিত “পাৰমাণৱিক ঢাল”ৰ ফোপলাস্বৰূপটো উন্মোচন কৰিছে।
মানাংকিত নিখুঁততা: প্ৰতিশোধৰ পৰা আধিপত্যলৈ
চৰকাৰী জ্যেষ্ঠ সূত্ৰৰ মতে, ভাৰতীয় বায়ু সেনাৰ আক্ৰমণ কেৱল প্ৰতিশোধমূলক কাৰ্য্য নহয়, বৰঞ্চ আকাশমাৰ্গত শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠা আৰু পাকিস্তানৰ কৌশলগত গভীৰতাক ভাঙি পেলোৱাৰ বাবে তৈয়াৰ কৰা এক নিখুঁত পৰিকল্পিত অভিযানৰ অংশ আছিল। এজন বিষয়াই জনোৱা মতে, "একাধিক পাকিস্তানী বায়ু সেনাৰ ঘাটিত ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ পৰিসৰ আৰু কৌশলে পাকিস্তানৰ কৌশলগত স্নায়ুকেন্দ্ৰসমূহক অশান্ত কৰি তুলিছে। কিছুমান ঘাটিৰ ক্ষতি অতি আচৰিত ধৰণৰ আছিল। পাকিস্তানে নিজকে সম্পূৰ্ণৰূপে ভাৰতীয় বায়ুসেনাক দয়া কৰাৰ বাবে এৰি দিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
এইটোৱে ভাৰতৰ বাবে এক নীতিৰ পৰিৱৰ্তনক সূচাইছে, যিয়ে স্পষ্ট কৰি দিছে যে, পাকিস্তানৰ পৰা কৰা যিকোনো সন্ত্রাসবাদী কাৰ্য্যকে এতিয়া যুদ্ধৰ কৰ্ম হিচাপে গণ্য কৰা হ’ব। নতুন বার্তাটো স্পষ্ট আছিল যে: সন্ত্ৰাসবাদী আক্ৰমণ হৈছে যুদ্ধৰ কাৰ্য্যকলাপ। ৰাৱালপিণ্ডী আৰু লাহোৰৰ পৰা ভাৰতীয় আক্ৰমণে ১০ টা বিমান ঘাটি ধ্বংস কৰি পেলাই, জইশ-ঈ-মহম্মদ আৰু লস্কৰ-ঈ-তৈবাকে ধৰি গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদী কেন্দ্ৰসমূহ ধ্বংস কৰে, আৰু ১০০ ৰো অধিক উগ্ৰপন্থীক হত্যা কৰে। এই অভিযানসমূহ কেৱল নিয়ন্ত্রণৰ ৰেখা (LoC) বা পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)তে নহয়, পাকিস্তানৰ সীমান্তৰ ভিতৰত গভীৰভাৱে সোমাই গৈছিল।
পাৰমাণৱিক বিভ্ৰান্তিক নাইকিয়া কৰে
হয়তো এই অভিযানৰ আটাইতকৈ সংজ্ঞায়িত দিশটো হ’ল যে, ই কেনেকৈ পাকিস্তানৰ পাৰমাণৱিক প্ৰতিৰোধৰ দীৰ্ঘদিনীয়া বিভ্ৰান্তিক নাইকিয়া কৰিছে। পাৰমাণৱিক উত্থানে ভাৰতীয় পদক্ষেপক বাধা দিব বুলি আন্তঃৰাষ্ট্ৰীয় আশাৰ বিপৰীতে নতুন দিল্লীয়ে নিৰ্ণায়কভাৱে উত্থানৰ জখলা বগাইছিল। খবৰ অনুসৰি আমেৰিকাই পাকিস্তানৰ বাবে এটি বিৰামৰ পথ বিচাৰিছিল— যি উত্তেজনা হ্ৰাস কৰাৰ বাবে প্ৰস্থান কৌশল আছিল। অৱশ্যে দ্য নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক এই ৰেহাই দিয়াৰ বাবে অস্বীকাৰ কৰিছে। ভাৰত দৃঢ়ভাৱে নিজা স্থানত অটুট আছিল আৰু পাকিস্তানে নিজৰ কাৰ্যৰ ব্যয় শোষণ কৰিবলৈ বাধ্য হৈছিল।
কৌশলগত বিশেষজ্ঞৰ মতে, ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ পাৰমাণৱিক মজুত থকা বুলি দীৰ্ঘদিন ধৰি বিশ্বাস কৰা কিৰণা পৰ্বতত আক্ৰমণ কৰে, যিয়ে এক নতুন এক জটিলতাৰ স্তৰ মুকলি কৰিছিল। চাৰ্গোধা বায়ু কেন্দ্ৰৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত, য'ত পাকিস্তানৰ F-16 বিমানেৰে গঠন কৰা বায়ুসেনা আছে আৰু খুছাব পাৰমাণৱিক উদ্যোগৰ পৰা ৫০ কিলোমিটাৰৰ ভিতৰত অবস্থিত, যি কিৰণা পৰ্বতৰ পাকিস্তানৰ পাৰমাণৱিক আন্তঃগাঁথনিৰ কেন্দ্ৰ। এই আক্ৰমণে সূচনা কৰিছে যে, ভাৰতে ইচ্ছা কৰিলে এনে উচ্চ মূল্যৰ সম্পদক লক্ষ্য কৰি আক্ৰমণ কৰিবলৈ সক্ষম আৰু প্ৰয়োজন হলে আক্ৰমণো কৰিব।
ভাৰত মাতা কি জয়, বন্দে মাতৰম শ্ল'গান দিয়া মুহূৰ্তত
অৰ্থনৈতিক আৰু কূটনৈতিক আক্ৰমণ
চৰকাৰী সূত্ৰই লগতে কয়, "এক কৌশলগত অৰ্থনৈতিক পদক্ষেপ হিচাপে ভাৰতেও ৰাজনৈতিক পৰিকল্পনাৰ সৈতে সিন্ধু জলভাগৰ ওপৰত নিয়ন্ত্ৰণ দখল কৰিবলৈ এই মুহূর্তটো বাচনি কৰি লৈছে। নতুন দিল্লীয়ে আৰম্ভণিতেই সংকেত দিছে যে, সিন্ধু জল চুক্তিটো এতিয়া পাকিস্তানৰ আচৰণৰ ওপৰত নির্ভৰশীল হব। চৰকাৰে দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা এনে জলবিদ্যুৎ প্ৰকল্প আৰু জল আন্তঃগাঁথনিৰ দিশ দ্ৰুতগতিত আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে। পাকিস্তানে এই ক্ষেত্ৰত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। সিঁহত অসহায়।"
কূটনৈতিক দিশত ভাৰতে যিকোনো ধৰণৰ তৃতীয় পক্ষৰ মধ্যস্থতাক অস্বীকাৰ কৰিছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ অব্যাহত থকাৰ সময়ত তৃতীয় পক্ষৰ স্থানত পাকিস্তানৰ সৈতে কোনো আলোচনা কৰা নহ’ব বুলি চৰকাৰী এক জ্যেষ্ঠ সূত্ৰই স্পষ্ট কৰি দিছে। চৰকাৰে আমেৰিকাৰ আগতীয়া আলোচনাৰ বিষয়ে ইঙ্গিত দিয়া প্ৰতিবেদনসমূহক নাকচ কৰি সন্ত্ৰাস আৰু আলোচনা একেলগে হব নোৱাৰে বুলি নিজৰ স্থিতি আৰু পুনৰবাৰ উল্লেখ কৰে।
পাকিস্তানলৈ আৰু চীনলৈ এক বাৰ্তা
বিশ্লেষকসকলে আঙুলিয়াই দিয়ে যে, ভাৰতৰ সামৰিক অভিযানে চীনে যোগান ধৰা পাকিস্তানী সামৰিক যন্ত্ৰসমূহৰ বিৰুদ্ধেও পৰীক্ষাৰ ক্ষেত্ৰ হিচাপে কাম কৰিছিল। আমি কেৱল পাকিস্তানৰ সৈতে যুঁজি থকা নাছিলোঁ; আমি চীনৰ অস্ত্ৰ প্ৰণালীসমূহৰ বিৰুদ্ধেও যুঁজি আছিলো। চীনৰ সৈতে বিতৰ্ক থকাৰ বাবে সেই অভিজ্ঞতা মূল্যৱান বুলি এজন প্ৰতিৰক্ষা বিশেষজ্ঞই মতামত আগবঢ়াইছে।
এই আক্ৰমণৰ ফলত পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু সামৰিক প্ৰস্তুতিৰ দুৰ্বলতাও উন্মোচিত হয়। ডাঙৰ চহৰসমূহত ড্ৰ’ন আক্ৰমণ, নিখুঁত বোমা বিস্ফোৰণ, আৰু প্ৰতিশোধমূলক ড্ৰ’ন আৰু মিছাইলৰ সফল নিষ্ক্ৰিয়কৰণে পাকিস্তানৰ দুৰ্বলতাক উজ্জ্বল কৰি তুলিছে। যদি পাকিস্তানৰ গর্বিত সেনা প্ৰধানসকলে তেওঁলোকৰ সামৰিক নিযুক্তিৰ হৃদয়ভূমি পঞ্জাবকো ৰক্ষা কৰিব নোৱাৰে, তেন্তে তেওঁলোকে ৰাষ্ট্ৰীয় জীৱনৰ ওপৰত কিয় আধিপত্য বিস্তাৰ কৰিব? ভাৰতীয় সেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াই প্ৰশ্ন কৰিলে।
'অপাৰেচন সেন্দুৰ' ধ্বংস হোৱা পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি
নতুন কৌশল
ভাৰতে এক নতুন নজিৰ গঢ়ি তুলিছে। এই অভিযানসমূহে ভাৰতীয় উপমহাদেশৰ কৌশলগত সমীকৰণটোক পুনৰ সংজ্ঞায়িত কৰিছে। ইছলামবাদৰ দীৰ্ঘদিনীয়া সময়ৰ পৰা অব্যৱস্থাগত নায়ক হিচাপে ব্যৱহাৰ কৰা কৌশলগত সম্পদসমূহ এতিয়া ৰাজ্যিক পৰ্যায়ৰ শাস্তিমূলক মতবাদৰ সন্মুখীন হৈছে। কোনো অপপ্ৰচাৰ, কোনো কূটনৈতিক ৰক্ষাকৱচ আৰু নিশ্চিতভাৱে কোনো পাৰমাণৱিক ঠগবাজী এতিয়া পাকিস্তানক ভাৰতৰ নিৰ্ণায়ক সঁহাৰিৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
এই 'অভিযান সেন্দুৰ'ৰ জৰিয়তে ভাৰতে কেৱল সন্ত্ৰাসবাদৰ প্ৰতি সঁহাৰি জনোৱাই নহয়, আঞ্চলিকভাৱে নিয়োজিত হোৱাৰ নিয়মসমূহো মৌলিকভাৱে সলনি কৰিছে। অতুলনীয় নিখুঁততা আৰু ৰাজনৈতিক সংকল্পৰ সমৰ্থনত বৃদ্ধি পোৱা আধিপত্যৰ মতবাদ প্ৰৱৰ্তন কৰিছে।
(লেখক এগৰাকী দিল্লীস্থিত এগৰাকী জ্যেষ্ঠ সাংবাদিক)