আমেৰিকাৰ ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্টক নতুন পোপ হিচাপে নিৰ্বাচিত

Story by  atv | Posted by  [email protected] • 7 h ago
ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্ট
ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্ট
 
নতুন দিল্লী
 
খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলৰ সবাতোকৈ ডাঙৰ ধৰ্মগুৰু হৈছে পোপ। তেওঁক নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। বৃহস্পতিবাৰে কেথলিক গীৰ্জাৰ নতুন পোপ হিচাপে নিৰ্বাচিত কৰা হৈছে আমেৰিকাৰ ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্টক।
 
উল্লেখযোগ্য যে, ভেটিকানৰ চিষ্টিন চেপেলত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। নিৰ্বাচনৰ দ্বাৰা পোপ নিৰ্বাচিত হোৱা কাৰ্ডিনেল ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্ট হৈছে ২৬৭ নং পোপ। তেওঁৰ নতুন নাম হ’ব পোপ চতুৰ্দশ লিঅ’।
 
ইতিমধ্যে নিৰ্বাচনৰ পাছতে তেওঁ এই নতুন নাম সাদৰেৰে গ্ৰহণ কৰিছে। নতুন নাম লাভ কৰি তেওঁ সুখী হোৱা বুলিও মন্তব্য কৰে।
 
উল্লেখযোগ্য যে, ৬৯ বছৰীয়া কাৰ্ডিনেল ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্ট আমেৰিকাৰ বাসিন্দা। তেওঁৰ জন্ম হৈছিল চিকাগোত।
 
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, যোৱা মাহত পোপ ফ্ৰান্সিছৰ মৃত্যু হৈছিল। তাৰ পাছৰে পৰা চলিছিল জল্পনা। ভালেকেইগৰাকীৰ নাম চৰ্চালৈ আহিছিল যদিও পোপ ফ্ৰান্সিৰ উত্তৰাধিকাৰী হিচাপে আমেৰিকাৰ ৰবাৰ্ট ফ্ৰান্সিছ প্ৰভষ্টক নিৰ্বাচিত কৰা হয়।