ভাৰত আৰু বাংলাদেশৰ মাজত বন্ধ হৈ থকা যাত্ৰীবাহী ৰে’ল সেৱাসমূহ পুনৰ আৰম্ভ

Story by  atv | Posted by  Munni Begum • 54 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ঢাকা
 
ভাৰত আৰু বাংলাদেশৰ লগতে দুয়োখন দেশৰ ৰে'লৱেৰ বিষয়াসকলে মঙলবাৰৰ পৰা ঢাকাত তিনিদিনীয়া এখন বৈঠক আৰম্ভ কৰিছে। এই বৈঠকৰ মূল উদ্দেশ্য হৈছে কিছুদিন ধৰি বন্ধ হৈ থকা যাত্ৰীবাহী ৰে’ল সেৱাসমূহ পুনৰ আৰম্ভ কৰাৰ পথ উলিওৱা।
 
বাংলাদেশ ৰে’লৱেৰ অতিৰিক্ত মহাপৰিচালক (অপাৰেচনছ) মহম্মদ নাজমুল ইছলামে এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ভাৰত আৰু বাংলাদেশৰ মাজৰ যাত্ৰীবাহী ৰে’ল সংযোগসমূহ ২০২৪ চনৰ আগষ্ট মাহত বন্ধ কৰা হৈছিল। অৱশ্যে, ভাৰত আৰু বাংলাদেশৰ মাজত মালবাহী ৰে’ল সেৱা কোনো বাধা নোহোৱাকৈ অব্যাহত আছে। 
 
তেওঁ কয় যে, দুয়োখন দেশৰ মাজত পূৰ্বতে তিনিখন যাত্ৰীবাহী ৰে’ল চলিছিল। মৈত্ৰী এক্সপ্ৰেছ ঢাকাৰ কেণ্টনমেণ্টৰ পৰা কলকাতাৰ চিতপুৰলৈ, বন্ধন এক্সপ্ৰেছ খুলনাৰ পৰা কলকাতালৈ আৰু মিতালী এক্সপ্ৰেছ ঢাকাৰ কেণ্টনমেণ্টৰ পৰা নিউ জলপাইগুৰিলৈ চলাচল কৰিছিল। এই ৰে’ল সেৱাসমূহ পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে বৰ্তমান ঢাকাত ভাৰত-বাংলাদেশৰ মাজত আন্তঃচৰকাৰী ৰে’ল বৈঠক (IGRM) অনুষ্ঠিত হৈছে।
 
নাজমুল ইছলামে কয়, “ৰে’ল সেৱা কেতিয়াৰ পৰা পুনৰ আৰম্ভ হ’ব বা কোনবোৰ ৰে’ল পুনৰ চলিব, সেই সিদ্ধান্ত আন্তঃচৰকাৰী ৰে’ল বৈঠক শেষ হোৱাৰ পাছতহে লোৱা হ’ব। বৈঠকত হোৱা সিদ্ধান্তৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।” 
 
তেওঁ লগতে জনায় যে, ভাৰতৰ ফালৰ পৰা ৰে’লৱে ব’ৰ্ডৰ সদস্য (ট্ৰেফিক) এই বৈঠকত অংশগ্ৰহণ কৰিছে। আনহাতে, বাংলাদেশ ৰে’লৱেৰ হৈ উচ্চপদস্থ বিষয়াসকল আৰু মন্ত্ৰালয়ৰ প্ৰতিনিধিসকলে বৈঠকত অংশ লৈছে।
 
তেওঁ স্পষ্ট কৰি কয় যে, মালবাহী ৰে’ল সেৱা কেতিয়াও বন্ধ হোৱা নাছিল আৰু এতিয়াও দুয়োখন দেশৰ মাজত এই সেৱা স্বাভাৱিকভাৱে চলি আছে।
 
সাধাৰণতে আন্তঃচৰকাৰী ৰে’ল বৈঠকত দুয়োখন দেশৰ মাজৰ ৰে’ল সেৱাৰ সৈতে জড়িত বিভিন্ন কাৰিকৰী, প্ৰশাসনিক আৰু বিত্তীয় বিষয় আলোচনা কৰা হয়। ইয়াৰ ভিতৰত দুয়োপক্ষৰ মাজৰ ধন-পইচাৰ হিচাপ-নিকাচ আৰু বকেয়া পৰিশোধ, সীমান্ত পাৰ হৈ চলা ৰে’লৰ হিচাপ, বছৰি আয়-ব্যয়ৰ সমন্বয়, ৰে’ল সেৱাৰ কাৰ্যক্ষমতা, ৰে’লৰ ডবা আৰু ইঞ্জিনৰ ব্যৱস্থা তথা ৰে’লপথ আৰু অন্যান্য আন্তঃগাঁথনিৰ উন্নয়নৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত থাকে।
 
২০২৪ চনৰ জুলাই মাহত বাংলাদেশত সৃষ্টি হোৱা ব্যাপক অস্থিৰতাৰ পাছত ভাৰত-বাংলাদেশৰ মাজৰ যাত্ৰীবাহী ৰে’ল সংযোগ বন্ধ হৈ পৰিছিল। এই পৰিস্থিতিৰ ফলত তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ২০২৪ চনৰ ৫ আগষ্টত পদত্যাগ কৰি ভাৰতলৈ আহিছিল আৰু তেওঁৰ আৱামী লীগ চৰকাৰৰ পতন ঘটিছিল।
 
ইয়াৰ পাছত নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হৈছিল। সেই সময়ছোৱাত ভাৰত আৰু বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কত কিছু তিক্ততা সৃষ্টি হৈছিল। বিশেষকৈ শ্বেখ হাছিনাৰ ভাৰতত অৱস্থান আৰু তেওঁক বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰাৰ বাবে ঢাকাই কৰা আনুষ্ঠানিক অনুৰোধে দুয়োখন দেশৰ সম্পৰ্কত বিশেষ গুৰুত্ব লাভ কৰিছিল। 
 
২০২৬ চনৰ ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (BNP) য়ে জয়লাভ কৰে। ইয়াৰ পাছত ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ ঠাইত নতুন চৰকাৰ গঠন হয় আৰু তাৰিক ৰহমান প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। 
 
ইফালে, ভাৰতে ২৭ জুনৰ পৰা বাংলাদেশৰ নাগৰিকসকলক পুনৰ পৰ্যটন ভিছা প্ৰদান আৰম্ভ কৰিছে। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত যাতায়াত অধিক সহজ কৰাৰ দাবীও বৃদ্ধি পাইছে। 
 
সেয়েহে, বন্ধ হৈ থকা যাত্ৰীবাহী ৰে’লসমূহ পুনৰ আৰম্ভ কৰাটো বৰ্তমানৰ আন্তঃচৰকাৰী ৰে’ল বৈঠকৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। এই ৰে’ল সেৱাসমূহ পুনৰ চলাচল আৰম্ভ হ’লে ভাৰত আৰু বাংলাদেশৰ মাজত যাত্ৰা কৰা সাধাৰণ যাত্ৰীসকল যথেষ্ট উপকৃত হ’ব বুলি আশা কৰা হৈছে।