পাকিস্তানলৈ আৰু কেতিয়াও নাযাও; পিএছএলত অংশ ল'বলৈ গৈ দুৰ্দশা নিউজিলেণ্ডৰ তাৰকা ডেৰিল মিচেলৰ

Story by  atv | Posted by  [email protected] • 18 h ago
নিউজিলেণ্ডৰ তাৰকা ডেৰিল মিচেল
নিউজিলেণ্ডৰ তাৰকা ডেৰিল মিচেল
 
নতুন দিল্লী

নিউজিলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ ডেৰিল মিচেলে আৰু কেতিয়াও ক্ৰিকেট খেলিবলৈ পাকিস্তানলৈ উভতি নাহে। একেদৰে ইংলেণ্ডৰ বেগী বলাৰ টম কৰণে পাকিস্তানত বিমানবন্দৰ বন্ধ হোৱাৰ কথা জানিব পাৰি সৰু ল'ৰাৰ দৰে কান্দি উঠিছিল। পাকিস্তান ছুপাৰ লীগত অংশগ্ৰহণ কৰা বিদেশী খেলুৱৈসকলৰ দুৰ্দশাৰ কথা প্ৰকাশ কৰি এইদৰে কয় বাংলাদেশৰ লেগ স্পিনাৰ ৰিছাদ হোছেইনে।
 
ভাৰতৰ পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক উত্তেজনা বৃদ্ধি পোৱাত পাকিস্তান ছুপাৰ লীগ অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে।
প্ৰথম অৱস্থাত পিচিবিয়ে লীগৰ বাকী থকা মেচসমূহ ইউএইলৈ স্থানান্তৰ কৰিব বিচাৰিছিল যদিও এমিৰেটছ ক্ৰিকেট ব’ৰ্ডে (ইচিবি) এই প্ৰস্তাৱ নাকচ কৰাৰ পিছত প্ৰতিযোগিতাখন বাতিল কৰাৰ বাহিৰে তেওঁলোকৰ হাতত কোনা বিকল্প নাছিল। একেটা কাৰণতে বিচিচিআইয়েও এসপ্তাহৰ বাবে আইপিএল স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। পি এছ এলত অংশ লোৱা বিদেশী খেলুৱৈসকলক শেহতীয়াকৈ ইউ এ ইলৈ উৰা মাৰিছে আৰু তাৰ পৰা তেওঁলোকক গন্তব্যস্থানলৈ যোৱাৰ সুবিধা কৰি দিয়া হৈছে।
 
বাংলাদেশৰ লেগ স্পিনাৰ ৰিছাদ হোছেইন
 
লাহোৰ কালাণ্ডাৰছ দলৰ অংশ হিচাপে থকা বাংলাদেশৰ ৰিছাদে কয় যে শনিবাৰে তেওঁলোকৰ চাৰ্টাৰ বিমানখন যিটো বিমানবন্দৰৰ পৰা উৰা মাৰিছিল, সেই বিমানবন্দৰটো ২০ মিনিট পিছত মিছাইল আক্ৰমণৰ বলি হোৱা বুলি জানি তেওঁ শংকিত হৈছিল।
 
"ডুবাইত অৱতৰণ কৰাৰ পিছত গম পাইছিলো যে আমি উৰা মৰাৰ ২০ মিনিট পিছতে সেই বিমানবন্দৰটোত ক্ষেপণাস্ত্ৰই আঘাত কৰিছে। খবৰটো ভয়ংকৰ হোৱাৰ লগতে দুখজনক আছিল আৰু এতিয়া ডুবাই পোৱাৰ পিছত আমি যথেষ্ট সকাহ অনুভৱ কৰিছো।"-ক্ৰিকবাজ (Cricbuzz)ক এইদৰে কয় ৰিছাদে।