আৱাজ-দ্য ভইচ ব্যুৰ'
ভাৰত আৰু পাকিস্তানৰ মাজত হৈ থকা যুদ্ধ তাৎক্ষণিক ভাৱে বন্ধ কৰিবলৈ সক্ষম হৈছে দুয়োখন দেশে। এক্স হেণ্ডেলত ড‘নাল্ড ট্ৰাম্পে উল্লেখ কৰিছে এক দীঘলীয়া নিশা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত হোৱা আলোচনাৰ পাছত মই আনন্দৰে ঘোষণা কৰিছো যে ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ তাৎক্ষণিকভাৱে যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত "সম্পূৰ্ণ আৰু তৎকালিক যুদ্ধবিৰতি" আনিবলৈ মধ্যস্থতা কৰিছে, নতুন দিল্লীয়ে এক বিবৃতি প্ৰকাশ কৰি এই কথা নিশ্চিত কৰিছে।
যুদ্ধবিৰতি সন্দৰ্ভত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, ৫ বজাৰ পৰা ভাৰত-পাকিস্তানে পালন কৰিছে যুদ্ধবিৰতি। পাকিস্তানৰ ডিজিএমঅ’ৱে ভাৰতৰ সৈতে যোগাযোগ কৰিছিল আৰু যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল। দুয়োপক্ষই ৫ বজাৰ পৰা যুদ্ধবিৰতিৰ সিদ্ধান্তত সন্মত হয়। সেইমৰ্মে জল, স্থল আৰু আকাশেৰে আক্ৰমণ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সকলো প্ৰকাৰৰ আক্ৰমণ বন্ধ ৰখাৰ সিদ্ধান্ত দুয়ো পক্ষৰ। ১২ তাৰিখে ডিজিএমঅ’ পৰ্যায়ত হ’ব বৈঠক।
ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে জনাইছে, আজি বিয়লি ৩.৩৫ বজাত পাকিস্তানৰ ডিৰেক্টৰ জেনেৰেল বা ডিজিএমঅ’ অৱ মিলিটেৰী অপাৰেচনে ভাৰতৰ ডিজিএমঅ’ক হটলাইনত ফোন কৰে। তেতিয়াই পাকিস্তানৰ ফালৰ পৰা যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়া হয়। স্থল, জল আৰু আকাশ কোনো পথেৰে দুয়ো দেশে পৰস্পৰক আক্ৰমণ নকৰে বুলি সহমতত উপনীত হয় দুয়োখন দেশ। সিদ্ধান্ত গ্ৰহণ কৰা হয়, বিয়লি ৫ বজাৰ পৰা দুয়ো দেশে যুদ্ধবিৰতি পালন কৰিব। সেইমৰ্মে দুয়ো দেশৰ সেনা বাহিনীক যুদ্ধবিৰতি মানি চলাৰ নিৰ্দেশ দিয়া হৈছে।