নতুন দিল্লী
যুদ্ধকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশত খাদ্য-সামগ্ৰীৰ অভাৱ ঘটা বুলি প্ৰচাৰ হৈ থকা বিভ্রান্তিকৰ বাতৰি বিশ্বাস নকৰিবলৈ জনগণক আহ্বান জনাই দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ হোৱা নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্রী প্রহ্লাদ যোশীয়ে। সমগ্র দেশতে প্ৰচুৰ পৰিমাণে খাদ্য-সামগ্রী মজুত আছে বুলিও দেশৰ জনগণক জনালে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে।
জনগণক আশ্বস্ত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- 'বর্তমান আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ সাধাৰণ প্ৰয়োজনীয়তাতকৈ বহুগুণ বেছি পৰিমাণে মজুত আছে। চাউলেই হওক বা ঘেঁহু, ৰহৰ দাইল, চেনি, মচুৰ দাইল বা মুগ দাইলেই হওক সকলো পর্যাপ্ত মাত্রাতে মজুত আছে।
কোনো বিভ্রান্তিকৰ বাতৰিৰ বলি নহ'বলৈকো সকলোকে সজাগ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কয়, 'দেশত খাদ্যৰ মজুত সম্পর্কীয় অপপ্ৰচাৰত বিশ্বাস নকৰিব। আমাৰ হাতত প্ৰচুৰ খাদ্য-সামগ্রী মজুত আছে, যিটো প্রয়োজনীয়তকৈ বহু বেছি পৰিমাণে আছে। তেনে বাতৰিত গুৰুত্ব নিদিব।' অত্যাৱশ্যকীয় সামগ্রী অবৈধভাৱে মজুত কৰাসকলৰ বিৰুদ্ধে অত্যাৱশ্যকীয় সামগ্রী আইনৰ প্ৰাসংগিক ধাৰাসমূহৰ অধীনত গোচৰ চলোৱা হ'ব বুলিও কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে।