পাকিস্তানৰ গোলাবৰ্ষণত জম্মু-কাশ্মীৰৰ আমোলা নিহত, আহত ২ জন

Story by  atv | Posted by  Munni Begum • 2 h ago
 ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত ৰাজ কুমাৰ থাপা আৰু জম্মুৰ এটা পথ
ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত ৰাজ কুমাৰ থাপা আৰু জম্মুৰ এটা পথ
 
নতুন দিল্লী
 
ভাৰতৰ পৰা প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে এতিয়া পাকিস্তানে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছিল। শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী জিলা ৰাজৌৰীত পাকিস্তানে ক্ষেপণাস্ত্ৰৰে ভাৰতৰ চাৰিটাকৈ বিমানঘাটিত বৃহৎ আক্ৰমণ কৰাৰ বুলি দেশে দাবী কৰিছিল, য'ত চৰকাৰী এজন জ্যেষ্ঠ বিষয়া নিহত হোৱাৰ লগতে তেওঁৰ দুজনকৈ কৰ্মচাৰী আহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। 
 
বিষয়াসকলে জানিবলৈ দিয়া মতে, ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত ৰাজ কুমাৰ থাপাৰ বাসগৃহত হোৱা গোলাবৰ্ষণত থাপা আৰু তেওঁৰ দুজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। তেওঁলোকক ততাতৈয়াকৈ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা থাপাৰ মৃত্যু হয়, যদিও তেওঁৰ কৰ্মচাৰীসকলৰ অৱস্থা অতি সংকটজনক বুলি বিষয়াসকলে উল্লেখ কৰিছে। 
 
থাপাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। তেওঁ কয়, "ৰাজৌৰীৰ পৰা পোৱা এইটো অতি মৰ্মান্তিক খবৰ। আমি জম্মু-কাশ্মীৰ প্ৰশাসন সেৱাৰ এজন নিষ্ঠাবান বিষয়াক হেৰুৱাইছো। কালি তেওঁ উপ মুখ্যমন্ত্ৰীৰ সৈতে জিলাখনৰ চাৰিওফালে ঘূৰি ফুৰিছিল আৰু মই অধ্যক্ষতা কৰা অনলাইন সভাত অংশগ্ৰহণ কৰিছিল।"
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, "আজি বিষয়াগৰাকীৰ বাসগৃহত পাকিস্তানে কৰা গোলাবৰ্ষণত তেওঁ আঘাতপ্ৰাপ্ত হয়, যেতিয়া তেওঁলোকে ৰাজৌৰী চহৰক লক্ষ্য কৰি আমাৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত ৰাজ কুমাৰ থাপ্পাক হত্যা কৰে। এই নিৰ্মম ঘটনাই মোক মৰ্মাহত কৰি তুলিছে, যিটো প্ৰকাশ কৰিবলৈ মোৰ ওচৰত কোনো শব্দ নাই। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।"  
 
শনিবাৰে পুৱা পাকিস্তানে দাবী কৰে যে, তেওঁলোকৰ চাৰিটা বিমান ঘাটি ভাৰতীয় ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নে লক্ষ্য কৰি লৈছে। পাকিস্তানৰ সামৰিক মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আহমদ শ্বৰীফ চৌধুৰীয়ে পুৱা প্ৰায় ৪ বজাত ইছলামবাদত খৰখেদাকৈ আহ্বান কৰা এক সংবাদমেলত কয় যে, পাকিস্তান বায়ুসেনাৰ নুৰ খান (চাকলালা, ৰাৱালপিণ্ডি), মুৰিদ (চাকৱাল) আৰু ৰফিকী (ঝাং জিলাৰ শ্ব’ৰকোট) বিমানঘাটিক লক্ষ্য কৰি লোৱা হৈছে। 
 
ভাৰতে নিজৰ জেট বিমানেৰে এয়াৰ টু ছাৰ্ফেচ মিছাইল নিক্ষেপ কৰিছে বুলিও তেওঁ দাবী কৰে। তেওঁ কয় যে, ভাৰতে এক অতি বেয়া কাম কৰিছে, যিয়ে অঞ্চলটোক মাৰাত্মক যুদ্ধলৈ ঠেলি আছে আৰু পাকিস্তানে এই আগ্ৰাসনৰ প্ৰতি নিশ্চয় সঁহাৰি জনাব। ভাৰতে আমাৰ সঁহাৰিৰ বাবে অপেক্ষা কৰা উচিত। 
 
চৌধুৰীয়ে কোনো প্ৰশ্ন নুশুনাকৈয়ে হঠাতে সংবাদ মেল শেষ কৰি দিয়ে। কিছু মিনিটৰ পাছতে চৰকাৰী পিটিভিয়ে নিৰাপত্তাৰক্ষীৰ উদ্ধৃতি দি পাকিস্তানে প্রত্যাক্রমণ কৰা বুলি প্রকাশ কৰে৷ 
 
পাকিস্তানৰ এটা সামৰিক ঘাটিত অগ্নিসংযোগ
 
যোৱা নিশা ভাৰতীয় সেনাই দেশৰ কেইবাটাও স্থানত পাকিস্তানে কৰা ড্ৰ’ন আক্ৰমণ বিফল কৰিছিল আৰু কেইঘণ্টামানৰ পাছত শনিবাৰে পুৱা শ্ৰীনগৰ চহৰত একাধিক বিস্ফোৰণৰ শব্দ শুনা গৈছিল।
 
বিষয়াসকলৰ মতে, বিমানবন্দৰকে ধৰি গুৰুত্বপূৰ্ণ সংস্থাসমূহৰ ওচৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে। বিস্ফোৰণৰ শব্দ শুনাৰ লগে লগে চহৰখনত ছাইৰেন বাজি উঠিছিল। মহানগৰীৰ লগতে উপত্যকাৰ আন বেছিভাগ অঞ্চলতো বিদ্যুৎ বিচ্ছিন্ন কৰি দিয়া হৈছে বুলি বিষয়াসকলে জনায়।
 
ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সামৰিক সংঘাতৰ মাজতে শনিবাৰে পুৱা পঞ্জাৱৰ পাঠানকোট জিলাত বিস্ফোৰণৰ দৰে শব্দ শুনা গৈছে। পুৱা ৫ বজাৰ আশে-পাশে এই বিস্ফোৰণৰ শব্দ শুনা যায়। এই সন্দৰ্ভত কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাছিল।
 
শুকুৰবাৰে নিশা পাঠানকোটত ব্লেকআউট বলৱৎ কৰি কৰ্তৃপক্ষই বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনায়। পঞ্জাৱৰ ফিৰোজপুৰ, পাথানকোট, ফাজিলকা আৰু অমৃতসৰ জিলাত শুকুৰবাৰে সন্ধিয়া পাকিস্তানী ড্ৰোনৰ একাধিক আক্ৰমণ নিৰাপত্তা বাহিনীয়ে বিফল কৰে বুলি বিষয়াসকলে জনায়। বায়ুসেনাৰ সকলো সম্পত্তি সুৰক্ষিত হৈ আছে বুলিও তেওঁ দাবী কৰে।