যুদ্ধকালীন পৰিস্থিতিত যিকোনো সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যসমূহক বিশেষ ক্ষমতা প্রদান কেন্দ্ৰৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্রহণ কৰিছে বৃহৎ সিদ্ধান্ত। যুদ্ধকালীন পৰিস্থিতিত যিকোনো সমস্যাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ৰাজ্যসমূহক বিশেষ ক্ষমতা প্রদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলক জৰুৰীকালীন ক্ষমতা বলৱৎ কৰাৰ কর্তৃত্ব প্রদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে। 
 
গৃহ মন্ত্রী অমিত শ্বাহ নেতৃত্বাধীন কেন্দ্রীয় গৃহ ম্যালয়ে এই সন্দৰ্ভত শুকুৰবাৰ দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ প্রেৰণ কৰিছে জৰুৰী পত্র। ইয়াৰ লগে লগে জৰুৰীকালীন পৰিস্থিতিৰ সৈতে ৰাজ্যসমূহে নিজাববীয়াকৈ মোকাবিলা কৰাৰ সকলো ক্ষমতা লাভ কৰিলে। সমান্তৰালভাৱে যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ হ'লে ৰাজ্যসমূহে এতিয়াৰে পৰা যিকোনো ধৰণৰ সিদ্ধান্ত গ্রহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ অপেক্ষা কৰিব নালাগে। 
 
বিগত দুদিন ধৰি ভাৰত-পাকিস্তানৰ মাজত ক্রমান্বয়ে বৃদ্ধি পোৱা যুদ্ধৰ উত্তেজনাৰ মাজত কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে গ্রহণ কৰা সিদ্ধান্তই স্বাভাৱিকতে তাৎপর্য বহন কৰিছে। লক্ষণীয়ভাৱে অসামৰিক প্ৰতিৰক্ষা আইন, ১৯৬৮ৰ ১১ নং ধাৰাত জৰুৰীকালীন ক্ষমতা প্রয়োগ কৰিবলৈ ৰাজ্যসমূহক নির্দেশ দিয়ে কেন্দ্রীয় গৃহ ম্যালয়ে। 
 
উল্লেখযোগ্য যে, সাধাৰণতে যুদ্ধ পৰিস্থিতিৰ দৰে জৰুৰীকালীন অৱস্থাত এই আইনৰ অধীনত নাগৰিকক সুৰক্ষা প্রদান, সা-সম্পত্তিৰ সুৰক্ষা প্রদান, বিদ্যুৎ-পানী-পৰিবহণৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে ৰাজ্যসমূহক ক্ষিপ্ৰ পদক্ষেপ ল'বলৈ এই আইনৰ জৰিয়তে ক্ষমতা প্রদান কৰা হয়। 
 
লক্ষণীয়ভাৱে অসামৰিক প্ৰতিৰক্ষা আইনৰ ১১ নং ধাৰাই নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে প্রয়োজন অনুসৰি জৰুৰী পদক্ষেপ গ্ৰহণৰ কর্তৃত্ব ৰাজ্যসমূহক প্রদান কৰে। তদুপৰি জৰুৰী অৱস্থাত পানী, বিদ্যুৎ আৰু চিকিৎসা সেৱা আৰু যোগাযোগ ব্যৱস্থা যাতে কার্যক্ষম হৈ থাকে, তাৰ বাবে এই আইনৰ অধীনত ৰাজ্য চৰকাৰে যিকোনো পদক্ষেপ গ্রহণ কৰিব পাৰে। 
 
কেৱল সেয়ে নহয়, অসামৰিক প্ৰতিৰক্ষাৰ বাবে যদি সঁজুলি ক্ৰয়ৰ প্রয়োজন হয়, তেন্তে সমগ্র প্রক্রিয়াটোত যাতে কোনো ধৰণৰ বিলম্ব নহয়, তাৰ বাবে এই আইনৰ অধীনত প্রয়োজনীয় নিয়মবোৰ মানি চলাৰো প্রয়োজন নাথাকে। এক কথাত ক'বলৈ গ'লে জৰুৰীকালীন ক্ষমতা প্রয়োগৰ জৰিয়তে কেন্দ্ৰই ৰাজ্যসমূহক প্রদান কৰিছে অধিক ক্ষমতা। বিশেষকৈ শত্রু ৰাষ্ট্ৰই অতর্কিতে কোনো আক্রমণ সংঘটিত কৰিলে ৰাজ্যসমূহে যাতে ক্ষিপ্র আৰু ন্যায্যভাৱে সিদ্ধান্ত গ্রহণ কৰিব পাৰে, তাৰ বাবে এই আইনৰ অধীনত ৰাজ্যসমূহক প্ৰদান কৰা হৈছে ক্ষমতা। 
 
তাৎপর্যপূর্ণভাৱে ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা দৈনিক ক্ষিপ্র গতিত বৃদ্ধি পাইছে। বিশেষকৈ ভাৰতে 'অপাৰেচন সেন্দুৰ' আৰম্ভ কৰি পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটি বোমাৰে তচনচ কৰি দিয়াৰ পিচত শত্রু দেশখনে সঘন প্রত্যাক্রমণ চলাইছে। সীমান্তৱর্তী সাধাৰণ লোকৰ জনবসতি অঞ্চলসমূহক লক্ষ্য কৰি লৈ পাকিস্তানে সঘন গুলীবর্ষণ কৰিছে। মিছাইল, মর্টাৰ, ড্রোনেৰে আক্ৰমণৰ চেষ্টা চলাইছে। অৱশ্যে ভাৰতৰ 'এয়াৰ ডিফেন্স ছিষ্টেমে' পাকিস্তানৰ সকলো প্রচেষ্টা বিফল কৰিবলৈ সক্ষম হৈছে। 
 
মুঠৰ ওপৰত চুবুৰীয়া দেশ দুখনৰ মাজত একপ্ৰকাৰ আৰম্ভ হৈছে এখন পূর্ণ পর্যায়ৰ যুদ্ধ। সীমান্তৱর্তী অঞ্চলসমূহৰ উপৰি দেশৰ প্রধান প্রধান চহৰ, সেনা শিবিৰসমূহ শত্রুৰ লক্ষ্য হৈ পৰিছে। দৈনিক বৃদ্ধি পাইছে সংশয়, শংকা আৰু উত্তেজনা। এনে পৰিস্থিতিত শত্রুৰ স'তে মোকাবিলা কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে ভাৰত। যাৰ অংশস্বৰূপে ৰাজ্যসমূহক জৰুৰীকালীন ক্ষমতা বলৱতৰ কর্তৃত্ব প্রদান কৰা হৈছে।