পৱিত্ৰ কেদাৰনাথ, বদ্ৰীনাথ ধামৰ প্ৰৱেশদ্বাৰৰ শোভা বৃদ্ধি কৰিছে অসমীয়া জাপিয়ে

Story by  atv | Posted by  [email protected] • 1 Years ago
পৱিত্ৰ কেদাৰনাথ ধামৰ মনোমোহা পৰিৱেশ
পৱিত্ৰ কেদাৰনাথ ধামৰ মনোমোহা পৰিৱেশ
 
গুৱাহাটী

হিন্দু ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ধাম তথা দেশ-বিদেশৰ অজস্ৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কেদাৰনাথ আৰু বদ্ৰীনাথৰ শোভা বৃদ্ধি কৰিছে অসমীয়া জাপিয়ে। সৰ্বসাধাৰণৰ বাবে মুকলি কৰাৰ পূৰ্বে কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰৰ প্ৰৱেশদ্বাৰক অসমীয়া জাপি আৰু ২০ হাজাৰ কুইণ্টল ফুলেৰে মনোমোহা ৰূপত সজোৱা হৈছে।
 
এনে এক মনোমোহা দৃশ্যৰে কেদাৰনাথ আৰু বদ্ৰীনাথ ধামে সমগ্ৰ বিশ্বৰ পৰ্যটকক মোহিত কৰিবলৈ সাজু হৈছে। এই বিখ্যাত আৰু পবিত্ৰ স্থানত অসমৰ পৰম্পৰাগত কাৰুকাৰ্য্য আৰু ঐতিহ্যৰ প্ৰতিনিধি অসমীয়া জাপি জিলিকি উঠাটো প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱ কথা।
উল্লেখ্য যে, জাপি হৈছে অসমীয়া সংস্কৃতি আৰু ৰীতি-নীতিৰ এক গুৰুত্বপূৰ্ণ উপাদান। বাঁহেৰে নিৰ্মিত আৰু ৰেচম আৰু কপাহৰ সামগ্ৰীৰে আবৃত জাপি দশক দশক ধৰি অসমীয়া সমাজৰ সন্মান আৰু মৰ্যাদাৰ প্ৰতীক হৈ আহিছে।