মকৰ সংক্ৰান্তিত বৰাক উপত্যকাত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন

Story by  atv | Posted by  Munni Begum • 1 Years ago
গৌৰাঙ্গ মহাপ্ৰভুৰ ৰথ পৰিস্কাৰ কৰি থকা এক দৃশ্য
গৌৰাঙ্গ মহাপ্ৰভুৰ ৰথ পৰিস্কাৰ কৰি থকা এক দৃশ্য
শতানন্দ ভট্টাচাৰ্য
 
মকৰ সংক্ৰান্তিৰ দিনা দক্ষিণ অসমৰ বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বাৰৈগ্ৰামৰ অন্যতম ধৰ্মীয় প্ৰতিষ্ঠান শ্ৰী শ্ৰী গোপাল জীউ শ্ৰী শ্ৰী ৰাধাবিনোদ জীউ শ্ৰী শ্ৰী ৰাধাৰমন জীউ আশ্ৰমৰ পৰা উলিওৱা হয় গৌৰাঙ্গ মহাপ্ৰভুৰ ৰথ। সেই ৰথখন চাফা কৰাৰ পৰা আদি কৰি সকলোখিনি কামেই ইছলাম ধৰ্মালম্বীলোকে সম্পন্ন কৰি আহিছে। প্ৰসাদ খোৱাৰ সময়তো হিন্দু-মুছলমান উভয়ে সৰ্বধৰ্মৰ লোকৰ মাজত উৎসাহ পৰিলক্ষিত হোৱা দেখা যায়। 
 
যি সময়ত ধৰ্মৰ নামত সমগ্ৰ দেশতে সংঘাত সৃষ্টি হোৱা দেখা গৈছে সেই সময়তে ৰাধাৰমন আশ্ৰমে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। ৰথ যাত্ৰাৰ দিনটোত বাৰৈগ্ৰামত যিখন মেলাৰ অনুষ্ঠিত কৰা হয়, সেই মেলাখনত অংশগ্ৰহণ কৰা অধিকাংশ ব্যৱসায়ীয়ে  হৈছে ইছলাম ধৰ্মালম্বীৰ লোক। তেওঁলোকে এই এটা দিনৰ বাবে গোটেই বছৰটো অপেক্ষা কৰি থাকে। প্ৰকৃততে সুন্দৰ শীতৰ এটি দিনত সকলোৱে  একত্ৰিত হৈ আনন্দ কৰি এক বন্ধন সৃষ্টি কৰাটোহে হৈছে তেওঁলোকৰ মূল উদ্দেশ্য।       
ফৈজুল ৰহমান, কৰিম উদ্দীনৰ দৰে উদ্যোগী যুৱকৰ বাবে ধৰ্ম কোনো হেঙাৰ হব নোৱাৰে। সকলোৱে একত্ৰিত হৈ একাত্ম হোৱাই হৈছে পৰম ধৰ্ম। গোটেই বছৰ আশ্ৰমৰ বিভিন্ন কৃষি কামত সহায়-সহযোগিতা আগবঢ়াই আহিছে ফৈজুল, কৰিমহঁতে। 
কৰিম উদ্দীনে কয় যে বিগত ১৫ বছৰ ধৰি তেওঁলোকে মন্দিৰৰ কৃষি কামত সহায় কৰি আহিছে। কিন্তু মকৰ সংক্ৰান্তিৰ দিনটোত উলিওৱা ৰথখন  পৰিষ্কাৰ কৰাটো তেঁওলোকে মহাপূণ্য আৰু আনন্দৰ কাম বুলি অনুভৱ কৰে। তেওঁৰ মতে "আশ্রমত বছৰৰ প্ৰতিটো দিনে উৎসৱৰ দিন। কিন্তু মকৰ সংক্ৰান্তিৰ ৰথ যাত্ৰাই এক বিৰল আনন্দ সঞ্চাৰ কৰি আহিছে। যত সকলো সম্প্ৰদায়ৰ লোকে আনন্দ কৰাৰ লগতে ব্যৱসায়ো কৰি লাভবান হৈ আহিছে।"  
 
গৌৰাঙ্গ মহাপ্ৰভুৰ ৰথ পানীৰে পৰিস্কাৰ কৰি থকা এক দৃশ্য
 
ইফালে আশ্ৰম সমিতিৰ ফালৰ পৰা এগৰাকী সদস্য তথা বিশিষ্ট সাংবাদিক অৰূপ ৰায়ে আশ্রমখন সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উৎকৃষ্ট উদাহৰণ বুলি মন্তব্য কৰিছে। তেওঁ কয় নিজৰ ইচ্ছাৰে আগবাঢ়ি আহিছে ফৈজুল, কৰিমৰ নিচিনা যুৱকসকলে। আশ্ৰমৰ প্ৰায়  শতবৰ্ষৰ ইতিহাসত এনে বহু সম্প্ৰীতিৰ নজিৰ বহুতৰ দৃষ্টিগোচৰ হৈছে বুলি ৰায়ে ব্যক্ত কৰিছে।