চুফী সংগীতৰ ৮০০ বছৰীয়া পৰম্পৰা ৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰিছে মুখতিয়াৰ আলীয়ে

Story by  atv | Posted by  Munni Begum • 5 Months ago
 মুখতিয়াৰ আলী
মুখতিয়াৰ আলী
 
ছাংৰংগ খানাপুৰকাৰ / পুনে
 
ৰাজস্থানৰ বিকানেৰৰ মুখতিয়াৰ আলীয়ে যাযাবৰী মিৰাচী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে। এই সম্প্ৰদায়টোৱে ৮০০ বছৰ ধৰি চুফী গায়নৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। কবীৰ, ভূলে শ্বাহ, মীৰাৰ গীতৰ হৃদয়স্পৰ্শী পৰিবেশনৰ বাবে মুখতিয়াৰ আলী আজি দেশৰ অন্যতম বিখ্যাত চুফী গায়ক।
 
আমোদজনক কথাটো হ’ল, দক্ষিণ ভাৰতত মুখতিয়াৰ আলীৰ জনপ্ৰিয়তা যথেষ্ট বেছি। কিছুদিনৰ আগতে মহাৰাষ্ট্ৰৰ পুনে ভ্ৰমণৰ সময়ত আৱাজ-দ্য ভইচ-এ তেওঁৰ এটা চমু সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। সেই সাক্ষাৎকাৰৰ উদ্ধৃতিসমূহ তলত উল্লেখ কৰা হ'লঃ
 

এক সংগীত অনুষ্ঠানত গীত পৰিবেন কৰাৰ এক দৃশ্য
 
প্ৰশ্নঃ চুফী সংগীতৰ বিশেষত্ব কি ?
 
উত্তৰঃ যি শৈলীত গাই নাথাকক কিয়, সংগীতে মানুহক সংযুক্ত কৰে। অৱশ্যে লোক-চুফী সংগীতৰ বিশেষত্ব হ’ল মানুহৰ হৃদয় সংযোগ কৰা। চুফী সংগীতত এই দিশটো আৰু অধিক গুৰুত্ব দিয়া হয়। আমি আমাৰ গীত আৰু সংগীতৰ জৰিয়তে মানুহৰ মাজত প্ৰেম আৰু ঘনিষ্ঠতাৰ অনুভূতি কেনেকৈ সৃষ্টি কৰিব পাৰি সেই বিষয়ে শিকিব পাৰো। কবীৰ, মীৰা, বাবা বুলহে শ্বাহৰ দৰে আমাৰ সন্ত আৰু ৰহস্যবাদীসকলে আমাক এই কথা শিকাইছে আৰু আমি সংগীতৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰোঁ।
 
চুফী সংগীত বহু শতিকাৰ পৰাই এক পৰম্পৰা হৈ আহিছে। কিন্তু আজিও এই সংগীত অতি জনপ্ৰিয়। হিন্দী চিনেমাতো চুফী সংগীত আৰু নৃত্য ব্যৱহৃত হয়। আমাৰ পৰম্পৰা ৰক্ষা কৰাত আচল আনন্দ নিহিত হৈ আছে। এই পৰম্পৰা আৰু ইয়াৰ প্ৰতিষ্ঠাপক সন্তসকলে আমাক শিকাইছে যে মানুহ এটা জাতি। এই পৰম্পৰা যদি মই পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াব পাৰো তেন্তে নিজকে ভাগ্যৱান বুলি গণ্য কৰিম। 
 
মঞ্চত গীত পৰিবেশন কৰা এক দৃশ্য
 
প্ৰশ্নঃ ​কবীৰৰ প্ৰতি আপোনাৰ গভীৰ মৰম আছে। ইয়াৰ কাৰণ কি?
 
উত্তৰঃ জীৱনত কেতিয়াও আপোচ কৰা নাছিল সন্ত কবীৰে। যেতিয়া তেওঁ অনুভৱ কৰিলে যে মানুহক এটা বাৰ্তা দিয়াৰ প্ৰয়োজন আছে, তেতিয়া তেওঁ সেই বাৰ্তাটো স্পষ্ট ভাষাত দিলে। এই কামটো কৰি থাকোঁতে তেওঁ কোনো ভয় অনুভৱ কৰা নাছিল। এই কাৰণেই মই কবীৰক ইমান সন্মান কৰো।
 
প্ৰশ্নঃ তেওঁক লৈ এখন ছবি নিৰ্মাণ কৰাৰ অভিজ্ঞতা কেনেকুৱা আছিল?
 
উত্তৰঃ কেইবছৰমান পূৰ্বে মুক্তি পাইছিল কবীৰৰ ওপৰত এখন তথ্যচিত্ৰ। তাৰ নাম আছিল হাদ-আনাহাদ (Had-Anahad)। এই চিনেমাখন যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল আৰু ছবি নিৰ্মাতাজন দেশৰ লগতে বিদেশতো বিখ্যাত হৈছিল। ইয়াত মই চুফী সংগীতৰ কথা কওঁ। এজন লোকশিল্পী হিচাপে মই কেমেৰাৰ সন্মুখত মোৰ মনৰ কথা ক’লোঁ। সেই সময়ত মই বুজি পোৱা নাছিলো আমি কি কথা পাতি আছিলো। কিন্তু চিনেমাখন চাই বুজিলোঁ যে কথা-বতৰাৰ সময়ত মই বহুত ডাঙৰ ডাঙৰ কথা কৈছিলো। মই কোৱা কথাখিনিৰ লগত খাপ খুৱাই জীয়াই থকাৰ মহান দায়িত্ব অনুভৱ কৰিলোঁ। এইটোৱে মোক অন্তৰ্মুখী কৰি তুলিলে।
 
অৱশ্যে মই অনুভৱ কৰিলোঁ যে আমি কেৱল কবীৰ, বাবা বুলহে শ্বাহ গোৱা শিল্পী। মই বুজিলোঁ যে ছবি মোৰ শক্তি নহয়। মই মোৰ সীমা পুনৰ নিৰ্ধাৰণ কৰি লওঁ। মই সিদ্ধান্ত লৈছিলো যে মই ডাঙৰ সপোন নেদেখো। ছবিত কাম কৰাটো এটা বেলেগ অভিজ্ঞতা। মই ফাইণ্ডিং ফেনী আৰু আন কেইখনমান ছবিত কাম কৰিছো কিন্তু, মই অনুভৱ কৰোঁ যে এইটো মোৰ পথ নহয়। মই মোৰ ২৬ প্ৰজন্মৰ পৰম্পৰা বজাই ৰাখিব বিচাৰো।
 
মুখতিয়াৰ আলীয়ে গীত পৰিবেশন কৰি থকা এক মূহুৰ্ত
 
মই বলীউডলৈ গ’লে মোৰ পৰিয়ালৰ পৰম্পৰা কোনে বজাই ৰাখিব ? এই পৰম্পৰা পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াব পাৰিলেহে মই সুখী হ'ম। গতিকে মই কেৱল চুফী গান গোৱাৰ সিদ্ধান্ত ললোঁ। কবীৰ, আৰু বাবা ফৰিদৰ দৰে সাধুৰ কথা গাব লাগিব তেতিয়াহে চিনেমাৰ বাবে গান গাম, নহ'লে নাগাও।
 
প্ৰশ্নঃ ফৰাচী সুৰকাৰ মেথিউ ডু প্লেছিছৰ সৈতেও আপুনি কাম কৰিছিল। পাশ্চাত্য সংগীত আৰু আমাৰ সংগীতৰ মাজত কি পাৰ্থক্য আছে?
 
উত্তৰঃ ডু প্লেছিছৰ সৈতে ‘ফাইণ্ডিং ফেনী’ আৰু এটা এলবামৰ বাবে কাম কৰিছিলো। মানুহে ভাল পাইছিল যদিও আমাৰ সংগীতটো অধিক কঠিন যেন অনুভৱ হৈছিল। আমাৰ সংগীতৰ আধাৰ শাস্ত্ৰীয়। মোৰ বিশ্বাস চুফী সংগীতো শাস্ত্ৰীয়। পশ্চিমীয়া সংগীতৰ উদ্দেশ্য হৈছে মানুহৰ ভিৰ আকৰ্ষণ কৰা আৰু বৃহৎ দৰ্শক গোট খোৱা। ইয়াৰ বিপৰীতে আমাৰ সংগীতে মনক শান্ত কৰে। গতিকে ই আমাক ঈশ্বৰৰ লগত সংযোগ কৰে।

প্ৰশ্নঃ আপোনাৰ পৰৱৰ্তী প্ৰজন্মই আপোনাৰ পৰা সংগীতৰ পাঠ লৈছে নেকি?
 
উত্তৰঃ হয়, দেউতাৰ পৰা শিকি অহা সকলো কথা মই মোৰ ল’ৰাক শিকাই দিছো। অৱশ্যে আমাৰ মাজত শিক্ষণৰ ক্ষেত্ৰত বহুত পাৰ্থক্য আছে। ল’ৰাটোৱে অনুভৱ কৰে যে তেওঁৰ পুৰণি গীতবোৰ আৰু কোনেও নুশুনে। গতিকে তেওঁ এজন পেছাদাৰী গায়ক হ’ব বিচাৰে। মই গান গাই জীৱনটো উপভোগ কৰিছো। যদি তেওঁৰ ভাগ্য ভাল হয়, তেন্তে তেৱোঁ একে সুখ অনুভৱ কৰিব পাৰিব।
 
 মুখতিয়াৰ আলী
 
প্ৰশ্নঃ আপুনি ৰাজস্থানৰ জন্ম গাঁৱত বাস কৰি আছে; কিয় ডাঙৰ চহৰলৈ স্থানান্তৰিত নহয়?

উত্তৰঃ নিজৰ জন্ম গাঁৱত জীৱনৰ যি মজা পাব পাৰে, আন ক’তো কেতিয়াও পোৱা নাযায়৷ মই এনেকুৱা মানুহৰ মাজত আছো, যাৰ লগত মই ডাঙৰ হৈছো, যাৰ পৰা মই শিকিছো আৰু তেওঁলোকৰ লগত থাকি ভাল পাওঁ। চহৰত বসবাস কৰাটো মোৰ স্বভাৱ নহয়। তাৰোপৰি ডাঙৰ চহৰত থাকিবলৈ মই ইমান ডাঙৰ মানুহো নহয়।
 
প্ৰশ্নঃ আজি চুফী সংগীতে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে?

উত্তৰঃ এইটো এটা বাস্তৱ যে চুফী সংগীত অতি জনপ্ৰিয় কাৰণ ইয়াৰ মানুহক সংযোগ কৰাৰ ক্ষমতা অতিশয় বেছি। কিন্তু এই সংগীতক মূল ৰূপত সংৰক্ষণ কৰাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। কাৰণ সংগীতৰ ধাৰাবোৰ দ্ৰুতগতিত সলনি হৈছে। মানুহৰ পছন্দ অনুসৰি সলনি হৈ আছে, কিন্তু চুফী সংগীত মানুহৰ পছন্দ অনুসৰি সলনি কৰিব নোৱাৰি৷ চুফী সংগীতক দ্ৰুতগতিত জনপ্ৰিয় কৰিবলৈ পাশ্চাত্য সংগীত আৰু বাদ্যযন্ত্ৰৰ আশ্ৰয় লোৱাৰ পৰা বিৰত থকা উচিত। আমি যদি ট্ৰেণ্ড অনুসৰণ কৰো তেন্তে চুফী সংগীতৰ আধ্যাত্মিকতা হেৰাই যাব। লগতে, তেনে ক্ষেত্ৰত সংগীতটো আৰু আমাৰ হৈ নাথাকিব।