কিংবদন্তী সংগীত শিল্পী ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি বৰ্তমানৰ ভাৰতৰ বাবে প্ৰাসংগিক

Story by  atv | Posted by  Munni Begum • 1 Years ago
বাওঁফালে আজান পীৰ দৰগাহ আৰু সোঁফালে ভূপেন হাজৰিকা
বাওঁফালে আজান পীৰ দৰগাহ আৰু সোঁফালে ভূপেন হাজৰিকা
অনন্ত কুমাৰ নাথ / যোৰহাট
 
ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে সম্প্ৰতি দেশৰ চৌদিশ অস্থিৰ কৰি তোলাৰ সময়তে পুনৰ এবাৰ প্ৰাসংগিক হৈ উঠিছে মানৱতাৰ জয়গান গোৱা ড০ ভূপেন হাজৰিকাৰ বিশ্বজনীন ভাতৃত্ববোধ আৰু শান্তিৰ বাৰ্তা বিলোৱা কালজয়ী গীতসমূহ। প্ৰায় তিনি-চাৰি দশক পূৰ্বে তেওঁ গাই যোৱা এই গীতসমূহৰ প্ৰাসংগিকতা এতিয়াও হেৰাই যোৱা নাই। মহান শিল্পীগৰাকীৰ এনে কিছু উল্লেখনীয় গীতৰ বিষয়ে যথাসাধ্য গৱেষণালব্ধ অধ্যয়ন কৰাটো অতিশয় জৰুৰী হৈ পৰিছে। 
 
'এই বেহতৰিণ দোস্তি ভাঙে সেই দুচমন কোন?'- ইয়াতকৈ মৰ্মস্পৰ্শী আৰু মানৱীয় টানৰ গীত কিবা আছেনে বাৰু ? ‘মানুহে মানুহৰ বাবে’ৰ দৰে হৃদয়স্পৰ্শী গীত গাই বিশ্বজনীন ভাতৃত্ববোধ আৰু শান্তিৰ বাৰ্তা প্ৰচাৰ কৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰই 'ৰমজানৰে ৰোজা গ'ল' গীতটোৰে সাম্প্ৰদায়িক-সম্প‌্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে। এনে গীতৰ প্ৰাসংগিকতা চিৰকাল এক অম্লান নুৰৰ দৰে জিলিকি থাকিব।
একেদৰে, ‘আজিৰ ঈদ মজলিছতে’ গীতত সাম্প্ৰদায়িক সম্প‌্ৰীতি বিষয়ক এনে এক সনাতন ভাৱধাৰা পৰিস্ফুট হৈ উঠিছে, যি হয়তো সমগ্ৰ বিশ্বতে বিৰল। এনেধৰণৰ গীত পুনৰ সৃষ্টি নহ’ব বুলি ক'লেও বঢ়াই কোৱা নহ’ব। চেনেহৰে মেহফিলতে বুলি ইমান আবেগিক শব্দৰ প্ৰয়োগ কেৱল ভূপেন হাজৰিকাৰ বাবেহে সম্ভৱ যেন বোধ হয়। 
ৰহিম চাচা, ফাটেমা পেহী, তৈয়ব মোমাইটি, জেফৰ খুৰাৰ উপৰিও ইনচানিয়ত লৈ আমিও বহিছো বুলি কওতে নিশ্চয়কৈ আমাৰ বুকুত এক বিজুলী সঞ্চাৰিত হয়। এয়া ভূপেন হাজৰিকাৰ যাদুকৰী দক্ষতা। আকৌ আতাজানে পুৰণি কথা জানে বুলি ওমৰ খৈয়াম, আকবৰ, মোগল-ৰাজপুত, গান্ধীজীৰ হত্যা কৰা টানি আনি তেওঁ ইতিহাস অংকণতো সিদ্ধহস্ততাৰ প্ৰমাণ দি গৈছে।
 
আজান পীৰৰ দৰগাহ আৰু বৰদোৱা সত্ৰ
 
এনে বহুসংখ্যক ঘটনাৰ সমাহাৰেৰে বৈচিত্ৰ্যৰ মাজত ঐক্য বিচাৰোঁতে ভূপেন হাজৰিকাই প্ৰেমৰ সোণ সিচাঁৰ আকাংক্ষাৰ কথাও ব্যক্ত নকৰাকৈ থকা নাই। অসমৰ প্ৰসংগ হঠাতে টানি আনি পোৱামক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কথাৰে শংকৰদেৱে ইছলামকো সন্মান যাচিছে বুলি ঐতিহাসিক সম্পৰ্কক সুদৃঢ় কৰিছে। 
আজান ফকীৰে জিকিৰ ৰচিছে, ভকতক ফকীৰে চেলামেৰে সন্মান যচা, দিলোৱাৰ দোচায়ে শ্ৰীহস্তী পুঠি অকাৰ কথা, লক্ষীধৰে চিৰাজ ৰচনা কৰা, মফিজুদ্দিন আহমদ হাজৰিকাৰ জ্ঞান মালিনী, কোৰাণ গীতাই মানুহক মানুহ হ'বলৈ, ৰাম ৰহিম, ফৰমুদ আলী, বাহাদুৰ গাওবুঢ়া আদিৰ প্ৰসংগ আনি তেওঁ গভীৰ অধ্যয়নশীলতাৰ পৰিচয় দিছে। একেদৰে, ইমান ভাল বন্ধুত্ব ভাঙিবলৈ চেষ্টা কৰাজনক শত্ৰু বুলিবলৈও কুণ্ঠাবোধ নকৰা বিষয়টোৱে তেওঁৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সুধাকণ্ঠৰ দৰ্শনক প্ৰতিফলিত কৰে। কাৱালী গীতক নতুনকৈ অসমত প্ৰথম পৰিচয়, প্ৰসাৰ আৰু প্ৰচাৰ কৰি তেওঁ ইছলাম ধৰ্মৰ লোকৰ হিয়াৰ আমঠু হৈ চিৰকাল উদ্ভাসিত হৈ থাকিব। 
'চাহেব যায় আগতে' গীতটো জিকিৰ আৰু জাৰিৰ সাঁজত শ্ৰোতাৰ মাজত এক নতুন সোৱাদ দিবলৈ সক্ষম হৈছিল। ইতিহাস আশ্ৰিত ভাৱধাৰাৰ গইনা লৈ সম্প্ৰীতিৰ প্ৰতীক হিচাপে গীতৰ সন্মোহনী শক্তিৰ দ্বাৰা তেওঁ ' শ্বম্মা থাকিলে জৰুৰ জৰুৰ পৰৱানাতো থাকিবই' গীততো এনে মানৱীয় আৱেদন মনকৰিবলগীয়া। লগতে মহম্মদ ৰফি, দোস্ত হবিবুৰ ৰহমান, ৰাজকুমাৰ বৰুৱা আদিৰ উল্লেখৰ কথা নকলোৱেইবা!
 
মুছলমান স্বেচ্ছাসেৱকসকলে নলবাৰীৰ বিজয়া  দশমীত ভক্তসকলক পানী পৰিৱেশন কৰিছে (ফাইল ফটো)
 
'কপি উঠে কিয় তাজমহল', ‘মহাত্মাই হাসি বোলে’, ‘মগৰিবৰ আজান’ আদিয়ে দেখোন সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিৰ প্ৰতীক হিচাপে মহামিলনৰ তীৰ্থস্থান বুলি 'মহাবাহু ব্ৰহ্মপুত্ৰ' ৰ জৰিয়তে কেতিয়াবাই আমাক সোৱঁৰাই গৈছে।
ভূপেন হাজৰিকাৰ গীতত সমন্বয়ৰ কথা ভূৰুকাত হাতী ভৰোৱাৰ দৰে থাউকতে কৈ থোৱা নাই। ইয়াক স্বতঃস্ফুৰ্ত প্ৰকাশ বুলি গণ্য কৰি তেওঁ যথাযোগ্য ব্যাখ্যা কৰিছে। 'কুবলাই খাঁ'ত বুৰঞ্জীৰ অভূতপূৰ্ব প্ৰকাশ যেনেদৰে বিদ্যমান, ঠিক তেনেদৰে 'অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা' ত এক নতুন চৰিত্ৰৰ পৰিচয় পাবলৈ শ্ৰোতা সক্ষম হৈছে। খান আব্দুল গফুৰ খানৰ কথা ফ্ৰণ্টিয়াৰ গান্ধী বুলি সুন্দৰ চিত্ৰ অংকন কৰাত সফল হৈছিল ' বনজুই বনত জ্বলে' ত। এই বাবে প্ৰখ্যাত চিত্ৰকৰ এম এফ হুছেইনে তেওঁৰ প্ৰেমত ফিদা হৈছিল।
কাৰবালা, মিছৰীয় সভ্যতা, আফগানিস্তান, জয় জয় নৱজাত বাংলাদেশ,ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হক আদিৰ দৰে বিষয়সমূহ ৰং বিৰঙী ফুলৰ দৰেই তেওঁৰ গীতত উদ্ভাসিত হৈ উঠিছে। এনেকৈয়ে বুৰঞ্জীৰ এজন প্ৰবক্তা আৰু  ধাৰাভাষ্যকাৰ হিচাপেও তেওঁক অভিহিত কৰিব পাৰোঁ।
 
ভূপেন হাজৰিকাই তেওঁৰ অনুৰাগীসকলৰ মাজত সংগীত পৰিবেশনৰ এক মূহুৰ্ত ( ফটো সংগ্ৰহ- ইণ্টাৰনেট)
 
সুধাকণ্ঠৰ সমুহ গীতৰ পৰ্যালোচনা কৰিলে বহু ধৰণৰ সমলেৰে চহকী এইবোৰ বিভিন্ন দিশৰ গৱেষণাৰ ক্ষেত্ৰ মুকলি কৰিব। মিনাৰত গালিবৰ শ্বেৰ শুনাৰ কথা কওঁতে, হাচান হোছেইনৰ ভাতৃত্ববোধৰ কথা কওতে, ছাহজাহান মমতাজৰ প্ৰেমৰ কাহিনী কথনৰ জুতি লওতে যাযাবৰী বিহংগজনৰ উদাৰবাদী বিশ্বজনীন মানৱ প্ৰেমৰ সংজ্ঞা প্ৰকট হৈ উঠে।