সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাছিয়াৰ প্ৰতি ভাৰতৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি অজিত ডোভালৰ

Story by  atv | Posted by  Munni Begum • 9 d ago
চেণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হোৱা 'নিৰাপত্তা বিষয়ৰ বাবে দায়বদ্ধ উচ্চ পদস্থ বিষয়াৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় বৈঠক'ত অংশগ্ৰহণ কৰা উচ্চ পদস্থ বিষয়াসকল
চেণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হোৱা 'নিৰাপত্তা বিষয়ৰ বাবে দায়বদ্ধ উচ্চ পদস্থ বিষয়াৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় বৈঠক'ত অংশগ্ৰহণ কৰা উচ্চ পদস্থ বিষয়াসকল
 
চেন্ট পিটাৰ্ছবাৰ্গ
 
বুধবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদী আৰু অপৰাধীৰ দ্বাৰা তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ অপব্যৱহাৰ প্ৰতিহত কৰাৰ লগতে সন্ত্ৰাসবাদী পুঁজি প্ৰতিহত কৰাৰ বাবে ভাৰতে সহযোগিতা অব্যাহত ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।   
 
চেণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত হোৱা 'নিৰাপত্তা বিষয়ৰ বাবে দায়বদ্ধ উচ্চ পদস্থ বিষয়াৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় বৈঠক'ৰ পূৰ্ণাংগ অধিবেশনত ভাষণ দি এন এছ এ ড’ভালে ভাৰতৰ সৰ্বাংগীন অৰ্থনৈতিক উন্নয়নৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰৰ নীতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু তথ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক মুক্ত, সুস্থিৰ ,সুৰক্ষিত নিৰ্ভৰযোগ্য আৰু অন্তৰ্ভুক্ত কাঠামোৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আহ্বান জনায়।   
এন এছ এ ড’ভালে এনে সহযোগিতাৰ বাবে এক পৰিকল্পনা ৰচনা কৰিছিল, য’ত চৰকাৰৰ পৰা আৰম্ভ কৰি ব্যক্তিগত খণ্ড, শিক্ষাবিদ, কাৰিকৰী সম্প্ৰদায় আৰু নাগৰিক সমাজলৈকে সকলো অংশীদাৰক অন্তৰ্ভুক্ত কৰিব লাগে। 
 
তেওঁ জটিল বিষয়সমূহৰ ওপৰত এক উমৈহতীয়া বুজাবুজি গঢ়ি তোলাত সহায়ক হোৱাকৈ নিয়মীয়াকৈ প্ৰতিষ্ঠানিক আলোচনা অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লগতে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশিক্ষণ, শিক্ষা, সজাগতা কাৰ্যসূচীৰ জৰিয়তে সমমনা জাতিসমূহৰ সামৰ্থ্য বিকাশ আৰু উদীয়মান প্ৰযুক্তিসমূহৰ বাবে নিৰাপত্তাৰ মানদণ্ডৰ বিকাশৰ উপৰিও সহযোগিতাৰ ব্যৱস্থা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। 
 
এই অনুষ্ঠানৰ আঁৰত এন এছ এ ডোভালে চুবুৰীয়া দেশখনৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ম্যানমাৰৰ ভাৰতৰ পুঁজিৰে চলি থকা আন্তঃগাঁথনি প্ৰকল্পৰ সন্দৰ্ভত ম্যানমাৰৰ সমকক্ষ এডমিৰেল মো আউঙৰ সৈতেও দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিছে।  
 
ৰাছিয়াত থকা ভাৰতীয় দূতাবাসে এক্সত পোষ্ট কৰি কয় যে, "তেওঁলোকে ভাৰত-ম্যানমাৰ সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বিষয়েও আলোচনা কৰিছে, য’ত নিৰাপত্তা, শৰণাৰ্থী, উন্নয়নমূলক প্ৰকল্প আদিৰ সৈতে জড়িত বিষয়সমূহো আলোচনা কৰা হয়।"
 
 
তিনিদিনীয়া বৈঠকত নিৰাপত্তা পৰিষদৰ সম্পাদক, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু সহায়ক, উপ-প্ৰধানমন্ত্ৰী, ১০৬খন দেশৰ নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱা সেৱাৰ মুৰব্বীৰ লগতে ১০টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। 
 
বুধবাৰে ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ সচিব নিকোলাই পাত্ৰুশ্বেভৰ সৈতেও এন এছ এ ডোভালে মত বিনিময় কৰে। পাত্ৰুছেভে কয় যে, "ৰাছিয়াই সাংস্কৃতিক আৰু সভ্যতামূলক পৰিচয়ৰ প্ৰতি সমতা আৰু সন্মানৰ নীতিৰ ওপৰত ভিত্তি কৰি গৰিষ্ঠসংখ্যক দেশৰ স্বাৰ্থ পূৰণ কৰা এক ন্যায্য বিশ্ব ব্যৱস্থাৰ সৃষ্টিৰ ৰক্ষা কৰি যাব।" 
 
ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অংশগ্ৰহণকাৰীসকলক ভাৰ্চুৱেলভাৱে সম্বোধন কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ একবিংশ শতিকাৰ এক অন্যতম 'গুৰুতৰ ভাবুকি' হৈয়েই আছে আৰু সন্ত্ৰাসবাদীসকল ক্ৰমান্বয়ে জটিল আৰু বৰ্বৰ হৈ পৰিছে।