বাছ চলোৱাৰ লক্ষ্য অটো চালক বিলকিছ খানৰ

Story by  atv | Posted by  [email protected] • 9 d ago
অটো চালক বিলকিছ খান
অটো চালক বিলকিছ খান
 
অনিকা মহেশ্বৰী/নতুন দিল্লী
 
পুৰুষৰ সমানে-সমানে আগবাঢ়িছে বৰ্তমানৰ নাৰী। কেৱল ঘৰৰ বাচন-বৰ্তনতে আৱদ্ধ নাথাকি প্ৰতিটো কামতে নিজকে প্ৰতিষ্ঠিত কৰিছে আজিৰ নাৰীয়ে। তেনে বহু উদাহৰণ আছে। তাৰে ভিতৰত অন্যতম বিলকিছ খান। ৰাজধানী দিল্লীৰ ৰাজপথত অটোৰিক্সা চলাই ৩ সন্তানক পোহপাল দি আহিছে বিলকিছ খান নামৰ মহিলাগৰাকীয়ে।
 
বিলকিছ খানে আৱাজ-দ্য ভইচক জনাই যে সকলো মহিলাৰ দৰে তেওঁ এগৰাকী গৃহিণীৰ দৰে স্বাভাৱিক জীৱন অতিবাহিত কৰিব বিচাৰে, পৰিয়ালৰ যত্ন ল’ব বিচাৰে আৰু ঘৰৰ প্ৰতিটো কাম পৰিচালনা কৰিব বিচাৰে। কিন্তু মদ আৰু ড্ৰাগছৰ প্ৰতি আসক্ত এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ১৭ বছৰৰ বৈবাহিক জীৱনত তেওঁৰ পৰা যেন সুখ আৰু শান্তি আঁতৰি গৈছিল। 
 
দৈনিক অশান্তি আৰু দুখৰ বাবে অতিষ্ঠ হৈ দুবছৰ পূৰ্বে বিলকিছ খানে নিজৰ জীৱনৰ দায়িত্ব নিজেই ল’বলৈ স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল।
 
বিলকিছ খান
 
“মোৰ নিৰক্ষৰ স্বামীয়ে মোৰ সন্তানে পঢ়া-শুনা কৰাটো বিচৰা নাছিল। তেওঁ আছিল মদ আৰু ড্ৰাগছ আসক্ত। মই হোষ্টেলত হাউচকিপিংৰ কাম কৰিছিলো কিন্তু সেই টকাখিনি আমাৰ স্বাভাৱিক জীৱন যাপনৰ বাবে যথেষ্ট নাছিল", বিলকিছ খানে কয়।
 
বিলকিছে অষ্টম শ্ৰেণীলৈ পঢ়িছিল। “মোৰ মা-দেউতাই এই পৃথিৱীখন এৰি থৈ গৈছে। মই মোৰ ল’ৰা-ছোৱালীক ভাল জীৱন আৰু উজ্জ্বল ভৱিষ্যত দিবলৈ উপাৰ্জনৰ পথ বিচাৰি আছিলোঁ। বাছ চলোৱা মোৰ ভন্টীয়ে মোক জীৱিকাৰ বাবে অটোৰিক্সা চলোৱাৰ পৰামৰ্শ দিছিল।”
 
বিলকিছ খানে কয়, "মই দিল্লী চৰকাৰী আঁচনিৰ অধীনত অটোৰিক্সা চলোৱাৰ বাবে ২৮ দিনীয়া প্ৰশিক্ষণত যোগদান কৰিছিলোঁ। ইয়াৰ শেষত মই মোৰ ড্ৰাইভিং লাইচেন্স পাইছিলোঁ। মোক প্ৰশিক্ষণ আৰু লাইচেন্সৰ মাচুল ৰেহাই দিয়া হৈছিল।"
 
ইয়াৰ পিছত বিলকিছে অটো ৰিক্সা চলাবলৈ দিল্লীস্থিত ইটিঅ’ কোম্পানীত যোগদান কৰে। “প্ৰতিদিনে ৰাতিপুৱা কোম্পানীটোৰ হাবৰ পৰা ১৩৮২ নম্বৰৰ অটোৰিক্সাখন লৈ যাত্ৰী কঢ়িয়াই ভাড়া মাৰো", তেওঁ কয়।
 
বিলকিছ খান
 
বিলকিছ খানে স্বীকাৰ কৰে যে প্ৰথম অৱস্থাত তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল, কাৰণ পুৰুষ চালকসকলে তেওঁৰ এই কামক স্বাভাৱিক ভাৱে লোৱা নাছিল। তেওঁ কয়; “তেওঁলোকে মোক অটো ষ্টেণ্ডৰ পৰা মোৰ অটোখন আঁতৰাবলৈ কৈছিল। ইয়াৰ বাবে মই যুঁজিব লগা হৈছিল আৰু নিজৰ স্থিতিত অটল থাকিবলগীয়া হৈছিল। আনকি কিছুমানে মোৰ বিষয়ে কিছু কুৎসিত শব্দও ব্যৱহাৰ কৰিছিল যদিও মই হাৰ মনা নাছিলোঁ।”
 
লাহে লাহে সমাজে বিলকিছক আৰু আন মহিলা অটো চালকসকলক স্বাভাৱিক ভাৱে গ্ৰহণ কৰিলে। “আজিও বহু যাত্ৰীয়ে মোৰ অটোত বহিব ভয় কৰে, কাৰণ তেওঁলোকে ভাৱে যে এগৰাকী মহিলা কেৱল পাকঘৰতে সীমাবদ্ধ, ৰাস্তাত অটো চলোৱাটো তেওঁলোকৰ পাকঘৰৰ চাহকাপৰ দৰে সহজ নহয়”, বিলকিছে কয়। 
 
অটো চালক বিলকিছ খানে প্ৰথম অৱস্থাত অটো ৰিক্সা চলাবলৈ লাজ কৰিছিল, কাৰণ তেওঁ ছেক্সন আৰু পথৰ কাষত যাত্ৰীক অটোত উঠিবলৈ আহ্বান কৰিব অসুবিধা পাইছিল। “ক্ৰমান্বয়ে মই দেখিলোঁ যে মোৰ অটোখনত উঠি যাত্ৰীয়ে সুখী অনুভৱ কৰে; আনকি বহু যাত্ৰীয়ে মোৰ গাড়ী চলোৱাৰ শৈলীক প্ৰশংসা কৰিছিল। এই কথাই মোক যথেষ্ট উৎসাহিত কৰিছিল”, বিলকিছ খানে কয়। 
 
ইয়াৰ পিছত তেওঁ উপলব্ধি কৰিলে যে আন কাৰোবাৰ কাম কৰাতকৈ বা কাৰোবাৰ ঘৰ চাফা কৰাতকৈ অটো ড্ৰাইভিং বহুত ভাল। "মই কেৱল অটো চালকে নহয়, মোৰ জীৱনৰো চালক। মোৰ কোম্পানীটোৰ পৰা মই মাহিলী ১৫,০০০ টকা দৰমহা পাওঁ তাৰে ঘৰৰ ভাড়া, ল’ৰা-ছোৱালীৰ স্কুলৰ মাচুল, গেলামালৰ দোকানৰ সামগ্ৰী কিনিবলৈ ৪৫০০ টকা দিব লগা হয়।”
 
অটো চালক বিলকিছ খানে কয় যে, তেওঁ নিজৰ সন্তানৰ সৈতে পূব দিল্লীৰ এটা ভাড়াঘৰত সুখেৰে জীৱন অতিবাহিত কৰি আছে। ১৭ বছৰীয়া জ্যেষ্ঠ কন্যা ছিজা খানে কলেজত নামভৰ্তি  কৰিছে। তেওঁৰ সৰু কন্যা জয়া (১৫) আৰু পুত্ৰ আয়ান (১০) স্কুলত পঢ়ি আছে।
 
বিলকিছ খানে কয় যে তেওঁ নিজৰ সন্তানক আৰ্থিকভাৱে স্বাধীন কৰি তুলিব বিচাৰে। “মোৰ সন্তানকেইটা নিজৰ ভৰিৰ ওপৰত থিয় হ’ব লাগে, বিশেষকৈ মোৰ মৰমলগা ছোৱালীকেইজনীয়ে। পঢ়া-শুনা সম্পূৰ্ণ কৰি উপাৰ্জন আৰম্ভ কৰিবলৈ সক্ষম নোহোৱালৈকে মই সিহঁতক কাম কৰিবলৈ নিদিওঁ", দায়িত্বশীল মাতৃ বিলকিছে কয়। 
 
"মই দুবছৰ পূৰ্বে মোৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিলোঁ। মোৰ বিয়াৰ দিনটো মনত নাই যদিও মোৰ কষ্টৰে উপাৰ্জন কৰা প্ৰতিটো মুহূৰ্ত মনত পৰে। মোক এই উপাৰ্জনৰ পথ দেখুৱাই দিয়া ভণ্টিক ধন্যবাদ জনাইছো। ভৱিষ্যতে মোৰ ভন্টীৰ দৰে এগৰাকী বাছ চালক হ’বলৈ মন যায়",তেওঁ কয়।
 
অটো চালক বিলকিছ খানে কয়, "মই অটো চলোৱা এবছৰতকৈও অধিক হ'ল। মই মোৰ অটো বেছিভাগ ল'টাছ টেম্পল, কলকাজী মন্দিৰ, ইস্কন মন্দিৰ, নেহৰু প্লেচ, অক্ষৰ্ধম মন্দিৰ, বা মেট্ৰ' ষ্টেচনৰ বাহিৰত পাৰ্ক কৰো।"
 
বিলকিছ খানে কয়; "আমাৰ ইলেক্ট্ৰিক অটো কোম্পানীয়ে মোক প্ৰতিদিনে ৬৫০ টকা সংগ্ৰহৰ লক্ষ্য দিছে। মই মোৰ অটো কোম্পানী হাবৰ মানসী মেডামৰ নিৰ্দেশনাত কাম কৰো। কেতিয়াবা যদি মোৰ অটোখন ৰাস্তাৰ মাজত ৰৈ যায় তেন্তে কোম্পানীক খবৰ দি মই সেই ঠাইতে থৈ আহিব পাৰো।”
 
বিলকিছ খানে কয় যে দুপৰীয়াৰ ভিতৰত ঘৰৰ কাম-কাজ সমাপ্ত কৰি ল’ৰা-ছোৱালীক স্কুললৈ পঠিয়াই তেওঁ অটো চলাবলৈ ওলাই যায়। “কেতিয়াবা ৰাতিও গাড়ী চলাওঁ। মই দিনটোত প্ৰায় ৮ ৰ পৰা ৯ ঘণ্টা অটো চলাওঁ। কেতিয়াবা যাত্ৰীৰ লগত ভাড়াকলৈ কাজিয়া হয় কিন্তু সেয়া মোৰ কামৰ অংশ", তেওঁ কয়।
 
২৪ ঘণ্টাই অনলাইন ৰাইড বুকিং কৰাৰ বাবে তেওঁৰ কোম্পানীয়ে ছ’জো এপ নামৰ এটা মোবাইল এপ্লিকেচনো মুকলি কৰিছে বুলি বিলকিছে কয়।
 
এই প্ৰতিযোগিতাৰ যুগত বিলকিছ খানে অনলাইন আৰু অফলাইন দুয়োটা ৰাইডৰ জৰিয়তে যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যায়। শেহতীয়াকৈ দিল্লীত বিলকিছ খানক পিংক অটো ৰাইডাৰ বঁটা প্ৰদান কৰা হৈছে।
 
বিলকিছে অনুভৱ কৰে যে মহিলাসকল কোনো ক্ষেত্ৰতে পিছ পৰি থাকিব নালাগে। “মহিলা যদি দৃঢ়প্ৰতিজ্ঞ হয়, তেন্তে তেওঁলোকে যিকোনো কাম কৰিব পাৰে, সমাজে মোক মোৰ কামৰ বাবে সন্মান কৰে”, বিলকিছ খানে কয়।