ছৌদি আৰবৰ মৃত্যুদণ্ডৰ শাস্তিৰ পৰা কেনেকৈ ৰেহাই পালে ভাৰতৰ নাগৰীক আব্দুল ৰহিম

Story by  atv | Posted by  Munni Begum • 12 d ago
 আব্দুল ৰহিম
আব্দুল ৰহিম
 
কোঝিকোড 
 
সম্পূৰ্ণ ১৮ বছৰৰ অন্তত কোঝিকোডৰ বাসিন্দা মাচিলাকাথ আব্দুল ৰহিমে সম্প্ৰতি স্বস্তিৰ নিশ্বাস এৰিছে। কিয়নো আধুনিক প্ৰযুক্তি জৰিয়তে একাংশ উদাৰ লোকে ছৌদি আৰৱত মৃত্যুদণ্ডৰ শাস্তি পোৱা ৰহিমৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, আব্দুল ৰহিমে ২০০৬ চনত ছৌদিৰ এজন ল’ৰাক হত্যা কৰাৰ অভিযোগত দেশখনত ১৮ বছৰ কাৰাগাৰত কটাবলগীয়া হৈছিল। 
 
১১ মাৰ্চৰ পৰা আৰম্ভ হোৱা ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰু হিন্দু ধৰ্মালম্বী লোকসকলৰ বিষু উৎসৱৰ দুদিন পূৰ্বে অৰ্থাৎ ১২ এপ্ৰিলত জনসাধাৰণে একত্ৰিত হৈ কৰা ধন সংগ্ৰহৰ (ক্ৰাউডফাণ্ডিঙ)পদক্ষেপে ৰহিমৰ প্ৰান ৰক্ষা কৰিবলৈ সক্ষম হৈছে। কিয়নো মৃত্যু হোৱা লৰাজনৰ পৰিয়ালে 'জীৱনৰ মূল্য' ৩৪ কোটি টকা দিলেহে ৰহিমক ক্ষমা কৰি দিবলৈ সন্মত হব।  
 
কেৰালাৰ অন্যতম বৃহৎ জনসাধাৰণে একত্ৰিত হৈ কৰা ধন সংগ্ৰহৰ (ক্ৰাউডফাণ্ডিঙ) পদক্ষেপে এই কথা প্ৰমাণ কৰিছে যে, ধৰ্মীয় বিভেদ আঁতৰাই একত্ৰিত হৈ সকলোৱে সমাজৰ বাবে ভাল কাম কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত ব্যৱহাৰিক চিন্তা আৰু নিখুঁত পৰিকল্পনাইও ডাঙৰ ভূমিকা পালন কৰিছিল।  
 
এই অভিযান ৰমজানৰ সময় নিৰ্ধাৰণ কৰা হৈছিল, কিয়নো এই সময়ত মুছলমান লোকসকলে বাধ্যতামূলক জাকাত (দাতব্য)  আগবঢ়ায়। উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্মিত এটা এপে এই কাৰ্যৰ স্বচ্ছতা নিশ্চিত কৰিছিল। সকলোকে এই অভিযানৰ আওঁতালৈ  আনিবলৈ আইনী সাহায্য সমিতি আৰু ট্ৰাষ্টত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি আছিল। 
 
এটা দুৰ্ঘটনাই ৰহিমৰ জীৱন সলনি কৰিছিল 
 
২০০৬ চনৰ নৱেম্বৰ মাহত ছৌদি আৰৱলৈ যোৱাৰ পূৰ্বে ৰহিমে কোঝিকোডৰ  সমীপৰ ফেৰোকত অটোৰিক্সা  চলাই জীৱন নিৰ্বাহ কৰিছিল। পিছত তেওঁক ছৌদি আৰবৰ নাগৰিক আব্দুল্লা আব্দুৰহমান আল শ্বাহৰীৰ ড্ৰাইভাৰ হিচাপে কাম কৰিবলৈ ছৌদিলৈ গৈছিল। তেওঁক মূলতঃ আল শ্বাহৰীৰ বিশেষভাৱে সক্ষম পুত্ৰ আনাছৰ যত্ন লোৱাৰ দায়িত্ব অৰ্পন কৰা হৈছিল।  
 
ছৌদি আৰবৰ এখন আদালত
 
চাকৰিৰ মাত্ৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতে এদিন ভ্ৰমণৰ সময়ত উত্তেজিত হৈ পৰা আনাছক শান্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতে ভুলবশতঃ  আনাছৰ ডিঙিত সংলগ্ন নলীডালত (tube) ৰহিমৰ এখন হাত খুন্দা মাৰে আৰু  আনাছ অচেতন হৈ পৰে আৰু পিছতে মৃত্যু হয়। ইয়াৰ পিছত ৰিয়াদৰ এখন আদালতে ৰহিমক আনাছৰ হত্যাৰ বাবে দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে, যিটো উচ্চ ন্যায়ালয়ে সমৰ্থন কৰিছিল। 
 
এপে প্ৰক্ৰিয়াটো স্বচ্ছ কৰি তুলিছিল
 
২০২১ চনত গঠন হোৱাৰ পিছৰে পৰা আব্দুল ৰহিম আইনী সহায় সমিতিখনে ৰহিমৰ মুক্তি নিশ্চিত কৰাৰ চেষ্টা চলাই আহিছে যদিও ২০২৩ চনৰ ডিচেম্বৰ মাহত ৰিয়াদত থকা ইয়াৰ সহযোগীসকলে আল শ্বাহৰী পৰিয়ালৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰি ১.৫ কোটি ছৌদি ৰিয়াল 'জীৱনৰ মূল্য'ৰ চুক্তিত আলোচনা কৰি এই অগ্ৰগতি লাভ কৰিছিল।  
 
আইনী সাহায্য সমিতিৰ অধ্যক্ষ কে সুৰেছে কয় যে যদিও এই ধনৰাশি ভয়ংকৰ যেন লাগিছিল, তথাপিও তেওঁলোকে পবিত্ৰ ৰমজান মাহত সুফল আশা কৰিছিল,  কিয়নো ৰহিমৰ মুক্তিৰ বাবে জাকাতৰ ধন আগবঢ়াব পৰা যাব।  
 
ৰামনাট্টুকাৰা পৌৰসভাৰ উপ-সভাপতি সুৰেশে কয়, "আটাইতকৈ ভাল কথাটো আছিল যে আমি এটা উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্মিত এপৰ জৰিয়তে ধন সংগ্ৰহ কৰিব পাৰিছিলোঁ। ইয়াৰ পূৰ্বে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে (IUML) এটা এপৰ জৰিয়তে ক্ৰাউডফাণ্ড কৰিছিল আৰু আমি সেই  একে আৰ্হিয়ে অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিলো। এটা আই টি ফাৰ্মে আমাৰ বাবে স্পাইনকোড এপটো প্ৰস্তুত কৰি দিছিল।" 
 
এপটোৱে প্ৰদান কৰা স্বচ্ছতাৰ বাবে মানুহে বৰঙণি দিবলৈ আগবাঢ়ি আহিছিল। সুৰেশে কয় যে, "প্ৰতিজন দাতাই নিমিষতে ৰচিদ  লাভ কৰিছিল আৰু টকাখিনি বেংকত জমা হৈছিল। দাতাসকলে পুঁজিৰ অগ্ৰগতি অনুসৰণ কৰিব পাৰিছিল। আনকি এই এপটোৱে ৰাজ্যভিত্তিক আৰু জিলাভিত্তিক বৰঙণিৰ বিশ্লেষণো প্ৰদান কৰিছিল।" 
 
৯ মিনিটত ₹১ কোটি সংগ্ৰহ হৈছিল
 
এই কথা প্ৰচাৰৰ বাবে সমিতিখনে প্ৰায় এহেজাৰকৈ সদস্যৰে চাৰিটাকৈ হোৱাটছএপ গ্ৰুপ গঠন কৰিছিল। কাটাৰ, ইউএই, ছৌদি আৰব আদি উপসাগৰীয় দেশসমূহতো ধন সংগ্ৰহ কৰা হৈছিল। ৰমজান মাহৰ পঞ্চম দিনা পুঁজিৰ পৰিমাণ আছিল মাত্ৰ ₹৫ কোটি, যদিও ২০ দিনলৈকে ধনৰাশিৰ পৰিমান বৃদ্ধি হৈছিল। মছজিদত নামাজ পঢ়িবলৈ যোৱা লোকসকলক এই কাৰ্য্যত অৰিহণা যোগাবলৈ আহ্বান জনোৱা হৈছিল। 
 
স্পাইনকোড এপ
 
মুছলমানসকলে লাইলাতুল কাদৰৰ দিন বুলি বিশ্বাস কৰা ৰমজানৰ ২৭ তাৰিখটো পৰিৱৰ্তনশীল দিন আছিল, কিয়নো কেৱল সেইদিনাটোতে প্ৰায় ₹৯ কোটি সংগ্ৰহ হৈছিল। 
 
সুৰেশে কয়, "যেতিয়া আমি ১২ এপ্ৰিলত আমাৰ লক্ষ্যত উপনীত হৈছিলো, তেতিয়া ক্ৰাউডফাণ্ডিঙে সম্পূৰ্ণ গতি লাভ কৰিছিল আৰু মাত্ৰ ৯ মিনিটতে ₹১ কোটি যোগ হৈছিল। বিভিন্ন  মাধ্যমৰ জৰিয়তে লাভ কৰা ধনৰ তালিকাভুক্ত কৰিবলৈ আমি ₹৩১ কোটি স্পৰ্শ কৰাৰ পিছত সংগ্ৰহ বন্ধ কৰি দিছিলোঁ।" 
 
শ্ৰমিকসকলেও বৰঙণি আগবঢ়াইছিল 
 
ব্যৱসায়ী ববী চেম্মানুৰে ₹১ কোটিৰ একক সৰ্বোচ্চ বৰঙণি আগবঢ়াই আনকো ৰহিমৰ বাবে নিজৰ অংশখিনি আগবঢ়াবলৈ  উৎসাহত কৰিছিল বুলি সমিতিৰ বিষয়ববীয়াসকলে জনায়।  
 
কুডুম্বশ্ৰী কৰ্মী, এমএনৰেগাৰ কৰ্মী, হৰিতা কৰ্ম সেনাৰ স্বেচ্ছাসেৱক সকলোৱে ক্ষমতা অনুযায়ীয়ে ₹১০ পৰ্যন্ত বৰঙণি আগবঢ়াইছিল। প্ৰবাসী সংস্থা কেএমচিচিৰ ছৌদি ইউনিটে ₹১.৫ কোটি দিছে। এপটোৰ জৰিয়তে সংগ্ৰহ কৰা ₹৩১ কোটিৰ উপৰিও প্ৰায় ₹৪ কোটি পোনপটীয়াকৈ বেংকত জমা হৈছিল।
 
সমিতিৰ আহ্বায়ক কে কে আলিকুট্টিয়ে কয় যে অৱদানকাৰীসকলৰ অধিকাংশই সাধাৰণ মানুহ: "তেওঁলোকে নিজৰ  ক্ষমতা অনুযায়ীয়ে সহায়ৰ হাত আগবঢ়াইছে। অটো চালকৰ পৰা আৰম্ভ কৰি কুডুম্বশ্ৰী শ্ৰমিকলৈকে সকলোৱে নিজৰ নিজৰ কাম কৰি গৈছিল।"  
 
কেৰালাৰ ব্যৱসায়ী ববী চেম্মানুৰ ধন সংগ্ৰহৰ এক দৃশ্য
 
সুৰেশে কয়, "এইটো  কেৰালাৰ প্ৰকৃত কাহিনী। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে সময়ত মানুহক বিভাজিত কৰাৰ প্ৰচেষ্টা চলি আছিল,  সেই সময়তে এই কাৰ্য সম্পন্ন হৈছিল। মানুহে সকলো ভেদা-ভেদ পৰিহাৰ কৰি একত্ৰিত হৈ এজন লোকৰ জীৱন  ৰক্ষা কৰিছে।"   
 
ৰহিমৰ অধিবক্তাই ছৌদি আদালতক জনাইছে যে 'দিয়া' (জীৱনৰ মূল্য) সাজু হৈছে। ২০০৬ চনত ছৌদি যোৱাৰ দিনটোৰ পৰাই ৰহিমক  দেখা নোপোৱা ৰহিমৰ মাতৃ ফাতিমাই ৰহিমক ঘৰলৈ উভতি অহাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।  
 
ৰহিমৰ মাতৃয়ে কয় যে, "সকলোকে ধন্যবাদ জনাইছো। মোৰ ল'ৰাটো অৱশেষত ঘৰলৈ আহিব পাৰিব। মোৰ পুত্ৰক বচাবলৈ কৰা প্ৰচেষ্টাত মানুহৰ সমন্বয়ে সহায় কৰিছে।"