ৰোগীৰ শৰীৰৰ পৰা কাটি পেলোৱা বিকল অংগসমূহ সমাধিস্থ কৰা এখন বিশেষ কৱৰস্থান

Story by  atv | Posted by  Munni Begum • 13 d ago
 ‘অঞ্জুমান বগীয়া’ বিশেষ কৱৰস্থান
‘অঞ্জুমান বগীয়া’ বিশেষ কৱৰস্থান
 
মালিক আছঘৰ হাচমী / গুৰুগ্ৰাম
 
শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা। দিল্লীৰ নিকটৱৰ্তী চহৰ গুৰুগ্ৰামৰ এখন কৱৰস্থানত ৰোগীৰ শৰীৰৰ পৰা কাটি পেলোৱা বিকল অংগসমূহ সমাধিস্থ কৰা হয়। এই ব্যতিক্ৰমী কৱৰস্থানখন গুৰুগ্ৰামৰ ছেক্টৰ ৫৬ত অৱস্থিত। ইয়াৰ নাম হৈছে ‘অঞ্জুমান বগীয়া’, যিটো অ-লাভজনক সংস্থা হাৰিয়ানা অঞ্জুমান চেৰিটেবল ট্ৰাষ্টৰ দ্বাৰা ২০০৪ চনৰ পৰা পৰিচালিত হৈ আছে।
 
‘অঞ্জুমান বগীয়া’ত প্ৰায় ২০০০ লোকক সমাধিস্থ কৰাৰ সক্ষমতা আছে। এই কৱৰস্থানখন সম্পূৰ্ণ সেউজীয়া আৰু ইয়াত বহুতো ফলমূলৰ গছ আছে। উল্লেখ্য যে, গুৰুগ্ৰাম আৰু ইয়াৰ আশে-পাশে থকা চহৰৰ মেডান্টা আৰু ফৰ্টিছকে ধৰি বহু সুবিধা থকা চিকিৎসালয়ত মুছলমান দেশৰ পৰা বৃহৎ সংখ্যক ৰোগী চিকিৎসাৰ বাবে আহে। 
 
‘অঞ্জুমান বগীয়া’ৰ ভিতৰৰ অংশ
 
'আৱাজ দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত হাৰিয়ানা অঞ্জুমান চেৰিটেবল ট্ৰাষ্টৰ অধ্যক্ষ আছলাম খানে কয় যে তেওঁৰ কবৰস্থান সেই সকলোবোৰ ডাঙৰ চিকিৎসালয়ৰ তালিকাত সন্নিবিষ্ট হৈ আছে।
 
ইছলামত শৰীৰৰ পৰা আঁতৰোৱা বিকল অংগবোৰক কবৰ দিয়াৰ আদেশ আছে। আছলাম খানে কয় যে মুছলমান বিশ্বৰ বহুতো ৰোগীয়ে দিল্লী-এনচিআৰলৈ চিকিৎসাৰ বাবে আহে। চিকিৎসাৰ সময়ত তেওঁলোকৰ বহু অংগ অস্ত্ৰোপচাৰ কৰি শৰীৰৰ পৰা আঁতৰাবলগীয়া হয়। এনে ৰোগীৰ আত্মীয়ই অংগ সমাধিস্থ কৰিবলৈ ‘অঞ্জুমান বগীয়া’লৈ আহে।
 
‘অঞ্জুমান বগীয়া’ৰ ভিতৰৰ এক দৃশ্য
 
যোৱা দুটা দশকত ইয়াত কিমান বিকল শৰীৰৰ অংগ পুতি থোৱা হৈছে সেই সম্পৰ্কে আছলাম খানে সবিশেষ দিয়াৰ পৰা বিৰত থাকে যদিও তেওঁ কয় যে প্ৰতিমাহে প্ৰায় দুটা-চাৰিজন ৰোগীৰ বিকল অংগ ইয়াত সমাধিস্থ কৰা হৈছে। তেওঁৰ মতে চিকিৎসালয়ত অপাৰেচনৰ সময়ত বহু ভাৰতীয় লোকৰ শৰীৰৰ পৰাও অংগ উলিয়াব লগা হয়। সেই ৰোগীসকলৰ অংগসমূহো ইয়ালৈ আনি সমাধিস্থ কৰা হয়।
 
তেওঁৰ মতে, গুৰুগ্ৰাম আৰু ইয়াৰ আশে-পাশে থকা চহৰবোৰত বহু মুছলমান কবৰস্থান আছে যদিও বিকল অংগ সমাধিস্থ কৰাৰ বিশেষ ব্যৱস্থা নাই। যিহেতু সংক্ৰমণৰ বাবে এনে অংগসমূহ অপাৰেচনৰ দ্বাৰা শৰীৰৰ পৰা আঁতৰাই পেলোৱা হয়, সেয়েহে বেছিভাগ কৱৰস্থানতে সেইবোৰ সমাধিস্থ কৰাৰ পৰা বিৰত থাকে।