নতুন দিল্লী
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালেই বৃহস্পতিবাৰে দাবী জনাই যে ৫০ বছৰ পূৰ্বে ইন্দিৰা গান্ধী চৰকাৰে জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ বাবে কংগ্ৰেছে ক্ষমা খুজিব লাগে।
নতুন দিল্লীত এক অনুষ্ঠানত ভাষণ দি হোছাবালে সংবিধানৰ প্ৰস্তাৱনাৰ পৰা “সমাজবাদী” আৰু “ধৰ্মনিৰপেক্ষ” শব্দ দুটা আঁতৰোৱাৰ বাবে আহ্বান জনাই কয় যে জৰুৰীকালীন অৱস্থাত কংগ্ৰেছ চৰকাৰে এই শব্দবোৰ সংবিধানত সুমুৱাই দিছিল।
১৯৭৫ চনৰ ২৫ জুনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ কথা মনত পেলাই হোছাবালে কয় যে সেই সময়ছোৱাত হাজাৰ হাজাৰ লোকক কাৰাগাৰত বন্দী আৰু নিৰ্যাতন চলোৱা হৈছিল, আৰু ন্যায়পালিকা আৰু সংবাদ মাধ্যমৰ স্বাধীনতাও তীব্ৰভাৱে দমন কৰা হৈছিল।
আৰ এছ এছৰ নেতাগৰাকীয়ে জৰুৰীকালীন সময়ছোৱাত বৃহৎ পৰিসৰৰ বলপূৰ্বক বন্ধ্যাকৰণ অভিযান চলোৱাৰ কথাও আঙুলিয়াই দিয়ে।
"এনে কাম কৰা সকলে আজি সংবিধানৰ কপি লৈ ঘূৰি ফুৰিছে। এতিয়াও ক্ষমা বিচৰা নাই... ক্ষমা খুজক।’ - তেওঁ কয়।
“আপোনালোকৰ পূৰ্বপুৰুষে কৰিছিল... ইয়াৰ বাবে দেশৰ ওচৰত ক্ষমা খুজিব লাগিব,” হোছাবালে কয়।
ভাৰতত জৰুৰীকালীন অৱস্থা প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাৰি কৰিছিল আৰু ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে কাৰ্যকৰী হৈ আছিল।