গুৱাহাটী
কামাখ্যা ধামত চলি থকা অম্বুবাচী মহাযোগৰ আজি পবিত্ৰ নিবৃত্তি। বিগত তিনি দিন ধৰি মন্দিৰৰ দুৱাৰ বন্ধ থকাৰ পিছত, আজি পুৱা দেৱীৰ স্নান, যথাবিহিত পূজা–অৰ্চনাৰ পিছত খোলা হ’ল মন্দিৰৰ দুৱাৰ। লগে লগে মা কামাখ্যা দেৱীৰ দৰ্শন কৰে ভক্তসকলে।
উল্লেখযোগ্য যে, নিবৃত্তিৰ দিনা পুৱা ৪ বজাত বিশেষ পূজা-অর্চনাৰ লগত মন্দিৰ প্ৰাংগণত ব্ৰহ্মাৰ ধ্বনিৰে দেৱীক সজোৱা হয়। পূৰ্ণ বিশ্ৰামৰ পিছত মা কামাখ্যাৰ মূৰ্তি উজ্জ্বল নৱবসন আৰু ফুলেৰে সজোৱা হয়। মন্দিৰ খোলাৰ লগে লগে দেশ-বিদেশৰ পৰা অহা লাখ লাখ ভক্তে দৰ্শনৰ সুযোগ লাভ কৰে।
উল্লেখ্য যে, এই অম্বুবাচী মেলাৰ সময়ছোৱাত কামাখ্যা পাহাৰ আৰু পৰিসৰৰ লগতে সমগ্ৰ গুৱাহাটী নগৰ এখন ধৰ্মীয় নগৰলৈ পৰিণত হৈছিল। দৰ্শন, পূজা-পাঠৰ উপৰিও মেলাত আয়োজন কৰা হৈছিল সাধু-সন্তসকলৰ ধৰ্মীয় বক্তৃতা, পুণ্যস্নান আৰু নানা লোক সংস্কৃতিৰ প্ৰদৰ্শন।
অম্বুবাচী উপলক্ষে প্ৰশাসনৰ তৰফৰ পৰা ব্যাপক সুৰক্ষা ব্যৱস্থা, পানী, চিকিৎসা সহায় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। ইফালে মা কামাখ্যাৰ আশিস ল’বলৈ নিবৃত্তিৰ দিনটোলৈ ৰৈ থাকে সকলো। ৰাজ্যৰ লগতে দেশ–বিদেশৰ ভক্তসকলে মা কামাখ্যাৰ শৰণাপন্ন হৈ আশীৰ্বাদ লয়।