আমিৰ খুছৰোৰ কাহিনী বৰ্ণনা কৰিলে প্ৰেমানন্দ গোবিন্দ শৰণ জী মহাৰাজে

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰেমানন্দ গোবিন্দ শৰণ জী মহাৰাজ
প্ৰেমানন্দ গোবিন্দ শৰণ জী মহাৰাজ
 
মালিক আছঘৰ হাচমী/ নতুন দিল্লী

বৰ্তমান ভাৰতত যদি এনে এজন সাধু আছে যাৰ কথাই সকলো ধৰ্মৰ মানুহক সমানে আকৰ্ষণ কৰে, তেন্তে সেয়া হ’ল বৃন্দাবনৰ ৰসিক সন্ত প্ৰেমানন্দ গোবিন্দ শৰণজী মহাৰাজ। তেওঁৰ জনপ্ৰিয়তা কেৱল হিন্দু সমাজতে সীমাবদ্ধ নহয়, তেওঁৰ কথা শুনিবলৈ বৃন্দাবনত থকা তেওঁৰ শ্ৰী হিত ৰাধা কেলি কুঞ্জ আশ্ৰমলৈও বৃহৎ সংখ্যক মুছলমান অনুগামীও আহে।
 
তেওঁৰ আটাইতকৈ ডাঙৰ গুণ হ’ল তেওঁ ভণ্ডামি আৰু আড়ম্বৰৰ পৰা বহু যোজন দূৰত থাকে। নিজৰ ধৰ্মক প্ৰচাৰ কৰি থাকোঁতে তেওঁ কেতিয়াও কোনো ধৰ্মক সমালোচনা নকৰে। ইয়াৰ বিপৰীতে আনকি ৰাজহুৱা স্থানত নামাজ আগবঢ়োৱাসকলকো তেওঁ প্ৰশংসা কৰিছে।
 
এটা ভাষণত তেওঁ কৈছিল, "আমি মুছলমানসকলৰ পৰা শিকিব লাগে যে তেওঁলোকে সকলো সময়তে, সকলোতে নিজৰ মালিকক স্মৰণ কৰে।" কেৱল এয়াই নহয় তেওঁ মহাৰাজ চুফী সন্তৰো ডাঙৰ অনুৰাগী। তেওঁৰ কথাবোৰত প্ৰায়ে আউলিয়া আৰু ফকিৰৰ কথা উল্লেখ আছে।
 
প্ৰেমানন্দ গোবিন্দ শ্বৰণজীৰ চৰণত বিৰাট কোহলি-অনুষ্কা শৰ্মা
 
কিছুদিন পূৰ্বে তেওঁৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল য’ত তেওঁ খোৱাজা গৰীব নৱাজৰ প্ৰশংসা কৰা দেখা গৈছিল। এই কাৰণেই তেওঁৰ শিষ্য আৰু শ্ৰোতাসকলৰ ভিতৰত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি আৰু বলীউদৰ মোহময়ী অভিনেত্ৰী তথা কোহলিৰ পত্নী অনুষ্কা শৰ্মাৰ দৰে চেলিব্ৰিটিৰ লগতে বহু মুছলমান ব্যক্তি।
 
শেহতীয়াকৈ আন এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত বহু মুছলমান শিশুৱে তেওঁৰ আশ্ৰমলৈ গৈ তেওঁৰ পথ প্ৰদৰ্শন কৰা দেখা গৈছিল। এতিয়া তেওঁৰ আন এটা নতুন ভিডিঅ’ ছ’চিয়েল মিডিয়াত বহু চৰ্চিত হৈছে, য’ত তেওঁ আমিৰ খুছৰো, পীৰ হজৰত নিজামুদ্দিন আউলিয়া আৰু এজন দুখীয়া মানুহৰ কাহিনী অতি আৱেগেৰে বৰ্ণনা কৰিছে।
 

 

প্ৰেমানন্দ গোবিন্দ শৰণ জীয়ে কয়, "আমিৰ খুছৰো আছিল এজন সম্পূৰ্ণ নিষ্ঠাবান মহান ব্যক্তি।" তেওঁ কৈছিল যে এবাৰ আমিৰ খুছৰোৰ গুৰুদেৱ দিল্লীলৈ আহিছিল। তেতিয়া এজন দুখীয়া মানুহ এজনে টকাৰ অনুৰোধ লৈ তেওঁৰ ওচৰলৈ আহিছিল যাতে তেওঁ নিজৰ ছোৱালীজনীক বিয়া দিব পাৰে। গুৰুদেৱে পিছদিনা আহিবলৈ তেওঁক ক’লে। তাৰ পিছত যেতিয়া দুখীয়া ব্যক্তিজন আকৌ গুৰুদেৱৰ ওচৰলৈ আহিল তেতিয়া গুৰুদেৱে তেওঁক নিজৰ পাডুকাযোৰ (চপ্পল) দিলে। দৰিদ্ৰ ব্যক্তিজন বিমোৰত পৰিল, কিন্তু গুৰুদেৱৰ উপহাৰ হিচাপে তেওঁ ইয়াক মূৰত লৈ খোজ কাঢ়িবলৈ ধৰিলে।

বাটত আমিৰ খুছৰো তেৰটা উটৰ ওপৰত সোণৰ মুদ্ৰা লৈ আহি আছিল। হঠাৎ তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ গুৰুদেৱৰ কিবা বস্তু ওচৰে-পাজৰে আছে। সোধা-পোছা কৰি তেওঁ এজন দুখীয়া মানুহৰ মূৰৰ ওপৰত গুৰুদেৱৰ চেণ্ডেলযোৰ দেখিলে। খুছৰোৱে তেওঁক সেই চেণ্ডেলযোৰ বিচাৰিলে আৰু বিনিময়ত কাম কৰা মানুহৰ সৈতে তেৰটা উটৰ সোণৰ মুদ্ৰাও দিলে।
 
সেই চেণ্ডেলযোৰ লৈ খুছৰোৱে গুৰুদেৱৰ ওচৰ পাওঁতে গুৰুদেৱে সুধিলে-"কিমানত কিনিলা?" খুছৰোৱে উত্তৰ দিলে-"তেৰটা উটৰ সোণৰ মুদ্ৰাৰ বিনিময়ত কিনিলো।" এই কথাত গুৰুদেৱে হাঁহি এটা মাৰি ক'লে-"আপুনি বৰ সস্তীয়া চুক্তি কৰিলে!" এই কাহিনী বৰ্ণনা কৰি থাকোঁতে প্ৰেমানন্দ গোবিন্দ শৰণ জী মহাৰাজক অতি সুখী যেন লাগিছে।
 
এইটো কোনো ৰচনা কৰা কাহিনী নহয়, বৰঞ্চ চুফী ইতিহাসৰ এক বিখ্যাত ঘটনা, য’ত হজৰত নিজামুদ্দিন আউলিয়াই তেওঁৰ অতি মৰমৰ শিষ্য আমিৰ খুছৰোক তেওঁৰ ভক্তি আৰু নিষ্ঠাৰ বাবে ইমানেই সন্মান জনাইছিল যে তেওঁৰ মৃত্যুৰ আগতে তেওঁ ইচ্ছা কৰিছিল যে আমিৰ খুছৰোৰ কবৰটো তেওঁৰ কবৰৰ সৈতে একে ঠাইতে নিৰ্মাণ কৰা হওক।
 
আচলতে মূল কাহিনীত "পাডুকা"ৰ সলনি "জুটী"ৰ কথা উল্লেখ কৰা হৈছে, কিন্তু অৰ্থ একেটাই-গুৰুৰ প্ৰতি আনুগত্য, নিষ্ঠা আৰু ত্যাগ। ইয়াৰ পূৰ্বেও প্ৰেমানন্দ গোবিন্দ শৰণ জি মহাৰাজে আজমেৰস্থিত খোৱাজা গৰিব নাৱাজৰ অৱদান আৰু চিষ্টী পৰম্পৰাক এটা ভিডিঅ’ যোগে প্ৰশংসা কৰিছে।
 
উল্লেখযোগ্য যে খোৱাজা মইনুদ্দিন চিষ্টী আৰু নিজামুদ্দিন আউলিয়া দুয়োজনেই চিষ্টি ক্ৰমৰ অন্তৰ্গত মহান চুফী সন্ত আছিল। নিজামুদ্দিন আউলিয়া আচলতে খোৱাজা চাহেবৰ প্ৰপৌত্ৰ গুৰু বাবা ফৰিদৰ শিষ্য আছিল। দুয়োজন সাধুৰ জীৱন মানৱতা, প্ৰেম আৰু ভাতৃত্ববোধৰ নিদৰ্শন-ঠিক প্ৰেমানন্দ মহাৰাজৰ শিক্ষাৰ দৰেই।
 
প্ৰেমানন্দ গোবিন্দ শৰণ মহাৰাজৰ আশ্ৰমত আৰএছএছৰ মূৰব্বী মোহত ভাগৱত
 
প্ৰেমানন্দ গোবিন্দ শৰণ মহাৰাজে কানপুৰৰ চৰ্চাউল ব্লকৰ আখৰী গাঁৱত ১৯৬৯ চনৰ ৩০ মাৰ্চত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰকৃত নাম হৈছে অনিৰুদ্ধ কুমাৰ পাণ্ডে। ১৩ বছৰ বয়সত ঘৰৰ পৰা ওলাই আহি তেওঁ সন্ন্যাসৰ পথত খোজ দিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ আশ্ৰমখনৰ নাম হৈছে ২০১৬ চনত প্ৰতিষ্ঠিত  বৃন্দাবনৰ শ্ৰী হিত ৰাধা কেলি কুঞ্জ ট্ৰাষ্ট। 
 
এই আশ্ৰমৰ বিশেষ সেৱাসমূহ হৈছে বিনামূলীয়া খাদ্য, চিকিৎসা, থকাৰ ব্যৱস্থা, ভক্তিমূলক অনুশীলন। তেওঁ নিজেই বহুবাৰ কৈছে যে তেওঁ ডায়েলাইছিছ কৰি আছে, কাৰণ দুয়োটা বৃক্ক বেয়া।
 
আধ্যাত্মিকতা যে কোনো এটা পন্থাৰ বিষয় নহয়, বৰঞ্চ সমগ্ৰ মানৱতাৰ চৰ্চা, তাৰ প্ৰমাণ হৈছে প্ৰেমানন্দ গোবিন্দ শৰণ মহাৰাজৰ জীৱন। প্ৰেমানন্দ গোবিন্দ শৰণজী মহাৰাজৰ কথাত শুনা যায় চুফী আত্মাৰ হৃদস্পন্দন আৰু এই কাৰণেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্ম আৰু প্ৰতিটো শ্ৰেণীৰ মানুহে তেওঁৰ চৰণত একেলগে মূৰ পেলায়।