অসম চৰকাৰে ৰাজ্যত ত্ৰিতীয় লিংগৰ ব্যক্তিসকলক SEBC মৰ্যাদা প্ৰদান কৰে

Story by  atv | Posted by   Imtiaz Ahmed • 2 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
গুৱাহাটী

অসম চৰকাৰে আনুষ্ঠানিকভাৱে তৃতীয় লিংগ বুলি পৰিচয় দিয়া ব্যক্তিসকলক সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় আইনি সেৱা প্ৰাধিকৰণ (NALSA)বনাম ভাৰত চৰকাৰ গোচৰত ২০১৪ চনৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দানৰ মূলতে এই সিদ্ধান্ত দেওবাৰে ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অসমৰ বাবে এয়া এক ঐতিহাসিক পদক্ষেপ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি ৰাজ্যৰ ত্ৰিতীয় লিংগৰ ব্যক্তিসকলক এতিয়া SEBC শিতানত স্বীকৃতি দিয়া হ’ব। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা তেওঁলোকক উন্নয়ন আৰু জনকল্যাণৰ মূলসুঁতিত একত্ৰিত কৰাত সহায়ক হ’ব।

অৱশ্যে এই বিধানৰ অধীনত সুবিধাসমূহ অসমৰ স্থায়ী বাসিন্দাসকলৰ মাজতে সীমাবদ্ধ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয়, “এই আঁচনিখন কেৱল স্থানীয় তৃতীয় লিংগৰ ব্যক্তিৰ বাবেহে। যিসকলে কৰ্ম, শিক্ষা বা অন্যান্য কাৰণত অন্য ৰাজ্যৰ পৰা প্ৰব্ৰজন কৰিছে তেওঁলোক যোগ্য নহ’ব।”

এই পদক্ষেপৰ লক্ষ্য হৈছে শিক্ষা, নিয়োগ, আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত সুবিধাসমূহ দীৰ্ঘদিন ধৰি নীতিগত বাধাৰ বাবে বাহিৰত থকা এটা সম্প্ৰদায়লৈ সম্প্ৰসাৰিত কৰা। তৃতীয় লিংগ সম্প্ৰদায়ক আনুষ্ঠানিকভাৱে SEBC শিতানৰ অংশ হিচাপে স্বীকৃতি দি অসমে উচ্চতম ন্যায়ালয়ৰ প্ৰগতিশীল দৃষ্টিভংগীক প্ৰশাসনিক কাৰ্য্যলৈ ৰূপান্তৰিত কৰা ৰাজ্যসমূহৰ এক নিৰ্বাচিত গোটত যোগদান কৰে।

২০১৪ চনৰ NALSAৰ ৰায়দানত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়কে হিজড়াক তৃতীয় লিংগ হিচাপে গণ্য কৰি প্ৰান্তীয় সম্প্ৰদায়লৈ উন্নীত কৰাৰ লক্ষ্যৰে ৰাজহুৱা আঁচনি আৰু নীতিত অন্তৰ্ভুক্ত কৰিবলৈ বাধ্যতামূলক কৰা হৈছিল।