সমাজৰ বাধা নেওচি ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশিক্ষক হ'ল ছাকিনা আখতাৰ

Story by  atv | Posted by  Munni Begum • 5 h ago
ছাকিনা আখতাৰ
ছাকিনা আখতাৰ
 
ডেনিছ আলী / শ্ৰীনগৰ
 
জম্মু আৰু কাশ্মীৰৰ প্ৰথম মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশিক্ষক হ'লেও ছাকিনা আখতাৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰায় দহ বছৰ সময় লয়। প্ৰাৰম্ভিক সময়ছোৱাত তেওঁ প্ৰায়েই কাশ্মীৰ বিশ্ববিদ্যালয়ৰ ক্ৰিকেট খেলপথাৰত একমাত্ৰ মহিলা হিচাপে যুৱ খেলুৱৈসকলক প্ৰশিক্ষণ দিছিল। তেওঁ সামাজিক নিষেধাজ্ঞাসমূহৰ বিৰুদ্ধে যুঁজি মহিলাসকলক খেলত অংশ ল'বলৈ উৎসাহিত কৰিছিল। 
 
আজি তেওঁ দেশৰ শীৰ্ষ ৰাষ্ট্ৰীয় প্ৰশিক্ষকসকলৰ এজন হিচাপে স্বীকৃত। তেওঁৰ এই সফলতা বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু ক্ৰিকেটৰ প্ৰতি গভীৰ ভালপোৱাৰ ফল। এতিয়া ৪২ বছৰীয়া শ্ৰীনগৰৰ বাসিন্দা ছাকিনাৰ এই যাত্ৰা সাহস, নীৰৱ প্ৰত্যাহ্বান আৰু আবেগৰে ভৰা। 
 
কিশোৰী হোৱাৰ সময়ত সমাজৰ ৰক্ষণশীল মানসিকতাৰ বাবে তেওঁ এবাৰ ল'ৰা-ছোৱালীৰ সৈতে ক্ৰিকেট খেলা বন্ধ কৰিবলৈ বাধ্য হৈছিল। কিন্তু তেওঁ কেতিয়াও নিজৰ সপোনক ত্যাগ কৰা নাছিল। আজি তেওঁ ভাৰতীয় মহিলা ক্ৰিকেটৰ ভৱিষ্যত গঢ়াত সহায় কৰিছে আৰু প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ আবেগক অনুসৰণ কৰিবলৈ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিছে।
 
খেলপথাৰত ছাকিনা আখতাৰ
 
ছাকিনা আখটাৰৰ যাত্ৰা মুনাৱাৰাবাদৰ সংকীৰ্ণ পথৰ পৰা আৰম্ভ হৈছিল, য'ত তেওঁ একমাত্ৰ ছোৱালী হিচাপে ল'ৰা ক্ৰিকেট দলৰ হৈ খেলিছিল। "সেই ঠাইতে মই বেট ছুইং কৰা, বল ধৰা আৰু বাউন্সাৰৰ মুখামুখি হ'বলৈ শিকিছিলো। আৰু জীৱনটোৱে মোক সেইবোৰ বহুত দিলে", তেওঁ আৱাজ-দ্য ভইচক এইদৰে কয়। 
 
উল্লেখ্য যে, ১৯৯৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে দিল্লীত ১৯ বছৰ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় মেচ খেলিছিল। তেওঁক শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নামকৰণ কৰা হয়। সেয়া আছিল তেওঁৰ কেৰিয়াৰৰ এক গৌৰৱ আৰু প্ৰতিশ্ৰুতিপূৰ্ণ মুহূৰ্ত। তেওঁৰ ভৱিষ্যত উজ্জ্বল যেন অনুভৱ হোৱাৰ সময়তে পৰিয়ালৰ আৰু সমাজৰ চাপে তেওঁক খেলৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰিছিল। 
 
কিন্তু তেওঁ খেলা-ধূলাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থকাৰ পৰিৱৰ্তে প্ৰশিক্ষণৰ ক্ষেত্ৰখনৰ ফালে আগবাঢ়িছিল। প্ৰাৰম্ভিক অৱস্থাত প্ৰতিষ্ঠানসমূহে অলপ সহায় আগবঢ়াইছিল যদিও পৰৱৰ্তী সময়ত ছাকিনাই নিজৰ প্ৰচেষ্টাত আনুষ্ঠানিক প্ৰশিক্ষকৰ পাঠ্যক্ৰম গ্ৰহণ কৰে আৰু যুৱ খেলুৱৈসকলক তেওঁৰ জ্ঞান প্ৰদান কৰিবলৈ আৰম্ভ কৰে।
 
ছাকিনাই প্ৰশিক্ষণ দিয়া যুৱতী ক্ৰিকেটাৰসকল
 
সময়ৰ লগে লগে ছাকিনা আখটাৰৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱা গ'ল। ২০১৭ চনত তেওঁক কাশ্মীৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা ক্ৰিকেট প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। পৰৱৰ্তী আঠ বছৰত তেওঁ ল'ৰা-ছোৱালী উভয়কে প্ৰশিক্ষণ দিলে আৰু কঠোৰ অথচ দয়ালু মনৰ এজন প্ৰশিক্ষক হিচাপে পৰিচিত হ'ল। 
 
"বহু কেইগৰাকী ছোৱালী অনিশ্চিত হৈ মোৰ ওচৰলৈ আহিছিল, খেলক জীৱনৰ অংশ কৰি ল'ব পাৰে নে নাই, সেই বিষয়ে তেওঁলোক নিশ্চিত নাছিল। মই তেওঁলোকক কৈছিলো যে মোৰ ফালে চোৱা। যদি মই কৰিব পাৰো, তেন্তে তোমালোকেও পাৰিবা।"-ছাকিনাই কয়।
 
তেওঁ কেইবাজনো অনূৰ্ধ্ব-১৯ ৰাজ্যিক খেলুৱৈক প্ৰশিক্ষণ দিছে, আৰু তেওঁলোকৰ কিছুমানে এতিয়া মাণ্ডলিক দলত খেলিছে আৰু ৰাষ্ট্ৰীয় নিৰ্বাচকসকলেও লক্ষ্য কৰিছে। অৱশেষত ২০২৪ চনত, তেওঁৰ নিষ্ঠাক সৰ্বোচ্চ পৰ্যায়ত স্বীকৃতি দিয়া হয়। 
 
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) ছাকিনা আখটাৰক ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিৰ্বাচিত কৰে। তেওঁ ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ পেনেলৰো অংশ হৈছিল। তেওঁ এই কৃতিত্ব অৰ্জন কৰা জম্মু আৰু কাশ্মীৰৰ প্ৰথমগৰাকী মহিলা। 
 
ছাকিনাৰ পৰা প্ৰশিক্ষণ লাভ কৰা যুৱতী ক্ৰিকেটাৰৰ এটা দল
 
ক্ৰিকেটৰ ক্ষেত্ৰখনত তেওঁৰ সফলতাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। শ্ৰীনগৰৰ বহুতো ক্ৰিকেট একাডেমীয়ে এতিয়া ছোৱালীৰ বাবে পৃথক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এদিন ক্ৰিকেট খেলপথাৰত অকলে থিয় হৈ থকা এই ছোৱালীজনীৰ পাছে পাছে এতিয়া বহুতো যুৱতী আগবাঢ়িছে। 
 
"মই যেতিয়া আৰম্ভ কৰিছিলো, মানুহে কৈছিল যে ছোৱালীবোৰে ক্ৰিকেট খেলিব নালাগে। আজি সেই একেই লোকসকলে তেওঁলোকৰ কন্যাসকলক মোৰ অধীনত প্ৰশিক্ষণ দিবলৈ আনিছে।"-প্ৰশিক্ষকগৰাকীয়ে কয়। 
 
উল্লেখ্য যে, ভৱিষ্যতলৈ লক্ষ্য ৰাখি ছাকিনাই কাশ্মীৰত ছোৱালীৰ বাবে এখন আবাসিক ক্ৰিকেট একাডেমী আৰম্ভ কৰিব বিচাৰিছে। "আমাক ভাল সা-সুবিধা, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে বিশ্বাসৰ প্ৰয়োজন। যদিহে মই কিছুমান ছোৱালীক সেই সুবিধাখিনি দিব পাৰো, তেন্তে মই নিজকে সম্পূৰ্ণ আনন্দিত অনুভৱ কৰিম", তেওঁ কয়। 
 
শ্ৰীনগৰৰ ঠেক পথৰ পৰা ভাৰতৰ ক্ৰিকেট ষ্টেডিয়ামলৈ ছাকিনাৰ যাত্ৰাৰ কাহিনী বৰ্ণনা কৰি 'বিয়ণ্ড দ্য বাউণ্ডাৰী' (Beyond the Boundary) নামৰ এখন আত্মজীৱনী লিখাৰ পৰিকল্পনা কৰিছে। ছাকিনা আখতাৰ কেৱল এগৰাকী প্ৰশিক্ষক নহয়। তেওঁ এগৰাকী পথ প্ৰদৰ্শক, এগৰাকী পৰামৰ্শদাতা, আৰু এক জীৱন্ত প্ৰমাণ যে সপোনবোৰ যিমানেই ডাঙৰ নহওক কিয়, এদিন বাস্তৱত পৰিণত হ'ব পাৰে।