ডেনিছ আলী
শ্ৰীনগৰৰ অন্যতম পুৰণি চহৰ ছাফা কাদলৰ ব্যস্ত আলিবাটবোৰক যেতিয়া অশান্তি আৰু হিংসাৰ প্ৰতিধ্বনিয়ে স্তব্ধ কৰি ৰাখিছিল, তেতিয়াই এগৰাকী যুৱতীয়ে বেলেগ ধৰণে সপোন দেখিবলৈ সাহস কৰিছিল।
কাশ্মীৰৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা আৰু শক্তিৰ নাম হৈ পৰা মহিলাগৰাকী হৈছে ২৮ বছৰীয়া ইৰতিকা আয়ুব। তেওঁ নিজৰ বাবে এনে এটা স্থান খোদিত কৰিছে য’ত ইয়াৰ পূৰ্বে কাশ্মীৰৰ কম সংখ্যক মহিলাইহে ৰাগবীৰ ৰুক্ষ আৰু পুৰুষ প্ৰধান জগতখনত খোজ দিছে।
আজি তেওঁ জম্মু-কাশ্মীৰৰ আটাইতকৈ কম বয়সীয়া ৰাগবী উন্নয়ন বিষয়া (আৰ ডি অ’) হিচাপে প্ৰতিষ্ঠিত হৈছে। এগৰাকী প্ৰশিক্ষক, এগৰাকী গুৰু, আৰু সমগ্ৰ উপত্যকাটোৰ শ শ ছোৱালী আৰু ল’ৰাৰ বাবে আদৰ্শ হিচাপে থিয় দিছে। কিন্তু ৰাগবীৰ ক্ষেত্ৰখনলৈ তেওঁৰ যাত্ৰা কোনোপধ্যে সহজ নাছিল।
খেলপথাৰত ইৰতিকা আয়ুব
ৰাগবীৰ সৈতে ইৰতিকাৰ প্ৰেম আৰম্ভ হৈছিল মাত্ৰ ১৬ বছৰ বয়সৰ পৰা। তেতিয়া তেওঁ কোঠি বাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিল। তেতিয়ালৈকে ইৰতিকাই কেতিয়াও ৰাগবী বল দেখা নাছিল। সেই কথা মনত পেলাই হাঁহি হাঁহি তেওঁ কয় “প্ৰথমে মই দ্বিধাবোধ কৰিছিলোঁ। 'মই খেল, নিয়ম, আনকি বলটো কেনেকুৱা সেয়াও বুজিব পৰা নাছিলো। কিন্তু মোৰ প্ৰশিক্ষকে মোক চেষ্টা কৰিবলৈ উৎসাহিত কৰিছিল।'
অনুশীলনৰ এসপ্তাহৰ পাছতে তেওঁৰ দ্বিধাবোধ-আশংকা আবেগলৈ পৰিণত হ’ল। খেলৰ তীব্ৰতা, শাৰীৰিক গতিবিধি আৰু উদ্যমে তেওঁক আকৰ্ষিত কৰিছিল। ইতিমধ্যে নিজৰ স্থানীয় অঞ্চলৰ ল’ৰাৰ সৈতে ফুটবল খেলি নীতি-নিয়ম অৱজ্ঞা কৰি অহা ইৰতিকাই ৰাগবীত এক নতুন আমেজ বিচাৰি পালে।
কিন্তু তেওঁ এই আবেগক আকোৱালি লোৱাৰ অৰ্থ আছিল সমাজৰ আশাৰ বিৰুদ্ধে আগুৱাই যোৱা, আৰু আটাইতকৈ বেদনাদায়ক কথাটো হ’ল নিজৰ পৰিয়ালৰ অসন্মতি।
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইৰতিকাই কয়, “তেওঁলোকক পতিয়ন নিয়াবলৈ কৰা সংগ্ৰামত মই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলাৰ দুটা সুযোগ হেৰুৱালোঁ। তেতিয়া ছোৱালী এজনীয়ে ক্ৰীড়াৰ বাবে অকলে যাত্ৰা কৰাৰ ধাৰণাটো মোৰ পৰিয়ালত কল্পনাতীত আছিল।”
প্ৰশিক্ষণৰ সময়ত মহিলাসকলক নেতৃত্ব দিছে ইৰতিকা আয়ুবে
বাধাৰ মাজতো ইৰতিকাই নিজৰ স্থিতি ধৰি ৰাখিলে। নিজৰ অধ্যৱসায় আৰু আগ্ৰহৰ বলত অৱশেষত বছৰ বছৰ ধৰি চলি অহা প্ৰতিৰোধ ভাঙি তেওঁ ওলাই আহে। “আজি যেতিয়া মোৰ দেউতাই মোক শ শ ছাত্ৰ-ছাত্ৰীক খেলৰ প্ৰশিক্ষণ দিয়া দেখিছে, তেতিয়া তেওঁৰ চকু দুটা গৌৰৱেৰে জিলিকি উঠে,” তেওঁ কয়।
বছৰ বছৰ ধৰি ইৰতিকাৰ এই খেলবিধৰ প্ৰতি থকা প্ৰেম পৰিপক্ক হৈ পৰিছে আৰু ই এতিয়া এক ডাঙৰ অভিযানত পৰিণত হৈছে। প্ৰায় দুবছৰ আগতে তেওঁ খেলুৱৈৰ পৰা প্ৰশিক্ষক হিচাপে ৰূপান্তিৰত হৈছিল। ৰাগবীক তেওঁ সমগ্ৰ কাশ্মীৰৰ স্কুল, কলেজ, আনকি ব্যক্তিগত টিউচন চেণ্টাৰলৈও লৈ গৈছে।
ৰাগবী ডেভেলপমেণ্ট অফিচাৰ হিচাপে তেওঁ কেৱল নতুন খেলুৱৈসকলক এই খেলখনৰ পৰিচয় কৰাই দিয়াই নহয়, ক্ৰীড়াৰ জৰিয়তে নিজৰ কাহিনী পুনৰ লিখিবলৈ সংকল্পবদ্ধ কণমানি ছোৱালীৰ এটা সমূদায়ো গঢ়ি তুলিছে। প্ৰতিদিনে তেওঁ ৰ'দ-বৰষুণ, বৰফৰ বাধা নেওচি ৰাজবাগৰ গিণ্ডুন ষ্টেডিয়ামলৈ ৰাওনা হয়, আৰু তাত তেওঁ বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ যুৱ খেলুৱৈসকলক প্ৰশিক্ষণ দিয়ে। তেওঁ কয়, “গ্ৰাউণ্ডখন মোৰ দ্বিতীয় ঘৰ হৈ পৰিছে।"
ইৰতিকা আয়ুব
উল্লেখ্য যে, তেওঁ ৰাজ্যিক পৰ্যায়ত সাতটা সোণ, জিলা পৰ্যায়ত সাতটা, আৰু ২০১৬ আৰু ২০১৭ চনত ৰাগবী ছেভেনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইৰতিকাক সঁচাকৈয়ে বিশেষ কৰি তোলা কথাটো হ’ল আনক উন্নীত কৰাৰ বাবে তেওঁ চলাই থকা অভিযান।
তেওঁ নিজাকৈ এটা ক্লাব গঠন কৰিছে য’ত ইৰতিকাই নিজৰ সমান ডাঙৰ সপোন থকা ছোৱালীৰ দল এটাক প্ৰশিক্ষণ দিয়ে। ইয়াৰে কিছুমানে ইতিমধ্যে ভাৰতীয় দলৰ হৈ খেলিছে। স্প’ৰ্টছ কিট পিন্ধি খোজ কঢ়া ছোৱালীক মানুহে এতিয়াও ভ্ৰু কোঁচাই চোৱা ৰক্ষণশীল এক অঞ্চলৰ পৰা অহা ইৰতিকাই কয়, "যেতিয়া মই মোৰ কিটটো লৈ মোৰ স্কুটি চলাওঁ, তেতিয়া মানুহে বিভিন্ন মন্তব্য আগবঢ়ায়। কিন্তু মই মোৰ কামেৰে সমালোচনাৰ প্ৰত্যুত্তৰ দিওঁ।"
তেওঁৰ দৈনন্দিন ৰুটিন অত্যন্ত কঠোৰ। ইয়াৰ ভিতৰত আছে ৰাতিপুৱাৰ দৌৰ, জিম ৱৰ্কআউট, প্ৰশিক্ষক ছেচন, আৰু ছ’চিয়েল মিডিয়াত পৰৱৰ্তী পদক্ষেপৰ কৌশল নিৰ্ধাৰণ কৰি কটোৱা সময়বোৰ, য’ত তেওঁ আনক অনুপ্ৰাণিত কৰিবলৈ নিজৰ যাত্ৰা সক্ৰিয়ভাৱে শ্বেয়াৰ কৰে। 'মই ছ'চিয়েল মিডিয়াৰ শক্তিত বিশ্বাস কৰোঁ। ই মোৰ কাহিনীৰ আনটো দিশ মানুহক দেখাত সহায় কৰিছে।'-ইৰতিকাই কয়।
প্ৰশিক্ষণৰ সময়ত ইৰতিকা আয়ুব
ইৰতিকাৰ মতে বিশেষকৈ পৰিয়ালৰ পৰা লাভ কৰা সহায় ক্ৰীড়াত মহিলাসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। “মই প্ৰশিক্ষণ দিয়া ছোৱালীবোৰ প্ৰতিভাশালী, কিন্তু ঘৰত কিমান স্বাধীনতা দিয়া হয় তাৰ ওপৰত তেওঁলোকৰ উন্নতি নিৰ্ভৰ কৰে। অভিভাৱকসকলে উপলব্ধি কৰিব লাগিব যে ক্ৰীড়া সংস্কৃতি বা মৰ্যাদাৰ প্ৰতি ভাবুকি নহয়। এইবোৰ সবলীকৰণৰ আহিলা।”-তেওঁ বৰ্ণনা কৰে।
বৰ্তমানো লাভ কৰি থকা প্ৰত্যাহ্বানবোৰৰ বিষয়ে তেওঁ অতি স্পষ্টবাদী। "চৰকাৰৰ সমৰ্থন সীমিত। আমাৰ এতিয়াও আন্তঃগাঁথনি আৰু সম্পদৰ অভাৱ আছে। ইয়াৰ আগতে আমাৰ হাতত অনুশীলন কৰিবলৈও উপযুক্ত গ্ৰাউণ্ড নাছিল। কিন্তু সেই কথা সলনি হ’ল শ্ৰীনগৰত ৰাগবী হোম প’ল’ স্থাপনৰ লগে লগে। জম্মু-কাশ্মীৰ স্প’ৰ্টছ কাউন্সিল আৰু ৰাগবী এছ’চিয়েশ্যনৰ প্ৰচেষ্টাৰ বাবে এয়া সম্ভৱ হৈছে। এতিয়া, আমি ডাঙৰ টুৰ্ণামেণ্টৰ আগতে মাহৰ পিছত মাহ ধৰি প্ৰশিক্ষণ লওঁ,” ইৰতিকাই কয়।
উন্নত সুবিধা থকাৰ পিছতো মানসিকতাই আটাইতকৈ ডাঙৰ বাধা হৈয়েই আছে। পিতৃ-মাতৃৰ কথা উল্লেখ কৰি তেওঁ কয়, “যদি আপোনাৰ ছোৱালীৰ ইচ্ছাশক্তি আৰু প্ৰতিভা আছে তেন্তে তেওঁক সমৰ্থন কৰক। আপোনাৰ আস্থাৰে তেওঁ আপুনি কল্পনা কৰাতকৈও অধিক সাফল্য লাভ কৰিব পাৰে।”
ইৰতিকা আয়ুব
উল্লেখ্য যে, ইৰতিকাই এতিয়া নিজৰ পৰৱৰ্তী লক্ষ্যৰ দিশত কাম কৰি আছে। সেয়া হৈছে-ভাৰতীয় ৰাষ্ট্ৰীয় ৰাগবী দলত স্থান অৰ্জন কৰা। ইয়াৰ বাবে তেওঁ শিক্ষাৰ্থীসকলক অদম্যভাৱে প্ৰশিক্ষণ দি গৈছে। ইয়াৰ লগতে শৈক্ষিক জীৱনো আগবঢ়াই নিছে। সম্প্ৰতি তেওঁ এখন চৰকাৰী মহাবিদ্যালয়ৰ পৰা কলা বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি আছে।
"সফলতা আৰু বিফলতা খেলৰ অংশ। মই কেতিয়াও হাৰ নামানো। সেই শব্দটো মোৰ অভিধানত নাই," তেওঁ দৃঢ়তাৰে কয়। মাত্ৰ ২৮ বছৰ বয়সত ইৰতিকা আয়ুবে প্ৰশিক্ষণৰ জগতখনত এক আন্দোলন গঢ়ি তুলিছে। তেওঁ হৈ পৰিছে আশা, দৃঢ়তা আৰু ৰীতি-নীতিৰ শিকলি ভাঙি যোৱাৰ প্ৰতীক। ৰাগবীৰ জৰিয়তে তেওঁ ছোৱালীক কেৱল খেলপথাৰত কেনেকৈ প্ৰতিযোগীক টেকেল কৰিব লাগে সেই কথাই নহয়, জীৱনত কেনেকৈ সাহস আৰু দৃঢ়তাৰে খোজ দিব লাগে সেই বিষয়েও শিকাইছে।