ইছলামোফ'বিয়াৰ ইতিহাসঃ ঘৃণাৰ যুগত বুজাবুজিৰ সন্ধান

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ছাকিব ছেলিম  
 
২০২২ চনত ৰাষ্ট্ৰসংঘই এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁলোকে ১৫ মাৰ্চক 'ইছলামোফ'বিয়াৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয়  দিৱস' হিচাপে ঘোষণা কৰিছিল। আজি যি ইছলামোফ'বিয়া শব্দ আমি বাৰে বাৰে শুনিবলৈ পাওঁ, তাৰ মূল বহু পুৰণি। ১৯৯৭ চনত ব্ৰিটেইনৰ 'ৰানিমেড' (Runnymede) নামৰ এক চিন্তন কেন্দ্ৰৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত এই শব্দটো সাধাৰণ আলোচনাৰ অংশ হৈ পৰিছে। 
 
ছোভিয়েট ইউনিয়নৰ পতন, উপসাগৰীয় যুদ্ধ আৰু 'সভ্যতাৰ সংঘৰ্ষ'ৰ মতবাদৰ পিছত পশ্চিমীয়া দেশসমূহত মুছলমানসকলৰ প্ৰতি ঘৃণাৰ এক নতুন যুগৰ সূচনা হৈছিল। ৯/১১ৰ আক্ৰমণৰ পিছত এই ঘৃণাৰ মাত্ৰা অধিক বৃদ্ধি পাইছিল। ৰাষ্ট্ৰসংঘইও স্বীকাৰ কৰিছে যে, ইছলামোফ'বিয়া এতিয়া বৰ্ণবাদ আৰু ইহুদী-বিৰোধী অনুভূতি (এণ্টি-ছেমিটিজম) ৰ দৰে এক বৃহৎ বিশ্বজনীন সমস্যাত পৰিণত হৈছে। 
 
 
শব্দৰ উৎপত্তি আৰু প্ৰাচীন প্ৰসংগ
 
ইছলামোফ'বিয়া শব্দটো প্ৰথমে উল্লেখ কৰা হৈছিল ১৯১০ চনত। ফ্ৰান্সৰ এজন ছাত্ৰ এলেন কুইলিয়েনে তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ থিছিছত ব্যৱহাৰ কৰিছিল। জাফৰ ইকবালে তেওঁৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে,  সেই সময়ত পশ্চিমীয়া দেশৰ নেতিবাচক মনোভাৱক সমালোচনা কৰিছিল। এলেনৰ মতে ইছলামোফ'বিয়া প্ৰকৃততে বৰ্ণবাদৰ এক প্ৰকাৰ। ইয়াত ইছলামক ইউৰোপৰ প্ৰধান শত্ৰু বুলি গণ্য কৰা হৈছে আৰু ইয়াৰ সমগ্ৰ সভ্যতাকে অস্বীকাৰ কৰা হৈছে।
 
যদিও, ১৯৯৭ চনলৈকে এই শব্দটো খুব কমেই ব্যৱহাৰ কৰা হৈছিল, তথাপিও ৰানিমেড ফাউণ্ডেশ্যনৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছিল। ইছলামোফ'বিয়াৰ অৰ্থ হৈছে ইছলামৰ প্ৰতি অযুক্তিকৰ শত্ৰুতা। ইয়াৰ ফলত মুছলমান ব্যক্তি আৰু সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য হয় আৰু তেওঁলোকক ৰাজনীতি আৰু সমাজৰ মূলসুঁতিৰ পৰা আঁতৰাই ৰখা হয়।
 
বিৰোধিতা আৰু যুক্তি
 
সেই সময়তো এই প্ৰতিবেদনে বিৰোধিতাৰ সন্মুখীন হৈছিল। আজিও বহুতে যুক্তি আগবঢ়ায় যে, ইছলামৰ বৈধ সমালোচনাক দমন কৰিবলৈ ‘ইছলামোফ’বিয়া’ শব্দটো ব্যৱহাৰ কৰা হয়। সেই সময়ত সংবাদ মাধ্যমে ৰানিমেডক ‘ইছলামিকভাৱে শুদ্ধ’ হ’বলৈ চেষ্টা কৰি মুছলমান সমাজৰ কু-অভ্যাস লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
কিন্তু প্ৰতিবেদনৰ লেখকসকলৰ যুক্তি বেলেগ। তেওঁ যুক্তি দিছিল যে ইউৰোপত ইহুদীসকলৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা ঘৃণা চিনাক্ত কৰিবলৈ যেনেকৈ "ইহুদী-বিৰোধী" শব্দটো প্ৰয়োজনীয়, ঠিক তেনেকৈয়ে মুছলমানৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা পক্ষপাতিত্বৰ নাম উল্লেখ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। তেওঁ স্পষ্ট কৰি দিয়ে যে ইছলামিক আইন বা মুছলমান দেশৰ নীতিক সমালোচনা কৰাটো ইছলামোফ’বিয়া নহয়। সমস্যাটো আৰম্ভ হয় তেতিয়া, যেতিয়া ইছলামৰ প্ৰতি "বন্ধ দৃষ্টিভংগী" গ্ৰহণ কৰা হয়।
 
বন্ধ দৃষ্টিভংগী বনাম মুকলি দৃষ্টিভংগী
 
ৰানিমেডৰ প্ৰতিবেদনত ইছলামোফ'বিয়া বুজিবলৈ আঠটা মূল দিশ উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি ইছলামক  একক সত্তা হিচাপে চাওঁ নে এটা বৈচিত্ৰ্যপূৰ্ণ গোট হিচাপে চাওঁ সেয়া বুজিব লাগিব।
 
ভাৰতৰ উদাহৰণেই এই কথা ভালকৈ বুজাব পাৰে। ইয়াত এটা বৃহৎ অংশই বিশ্বাস কৰে যে সকলো মুছলমানে একে ধৰণৰ খাদ্য খায়, একে ধৰণৰ কাপোৰ পিন্ধে আৰু তেওঁলোকৰ চিন্তাধাৰাও একেই। কিন্তু বাস্তৱত এনে নহয়। ভাৰতৰ চলচ্চিত্ৰ আৰু ফেশ্বন উদ্যোগত মুছলমান শিল্পীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইনষ্টাগ্ৰামত সৰ্বাধিক অনুসৰণ কৰা জন্নত জুবাইৰ হৈছে মুছলমান। বহু মুছলমান লোক নিৰামিষভোজী আৰু বহুতে মদ্যপানো কৰে। কিছুমানে সংগীত পছন্দ কৰে, কিছুমানে নকৰে। মুছলমানসকল একো একোটা গোটৰ মানুহ নহয়, বৰঞ্চ তেওঁলোক একোটা বৈচিত্ৰতাৰ দৰে। যেতিয়া মানুহে এই বৈচিত্ৰতা বুজি পাব, তেতিয়া স্বতঃস্ফূৰ্তভাৱে ধৰ্মনিৰপেক্ষতা আৰু ঘৃণা হ্ৰাস হ'ব।  
 
আন এক ভুল ধাৰণা হ'ল ইছলামে ইয়াৰ অনুসৰণকাৰীসকলক অন্য সংস্কৃতিৰ পৰা পৃথক কৰে। ভাৰতত এইটো প্ৰায়ে দাবী কৰা হয় যে, মুছলমানৰ সংস্কৃতি হিন্দু বা শিখসকলৰ সংস্কৃতিতকৈ একেবাৰে পৃথক। অৱশ্যে সত্যটো ইয়াৰ বিপৰীত। বিদেশী মুছলমানসকলে প্ৰায়ে ভাৰতীয় মুছলমানক হিন্দু সংস্কৃতিৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হোৱা বুলি প্ৰায়ে অভিযোগ উত্থাপন কৰে। ভাৰতীয় মুছলমানসকলেও নিজৰ স্থান অনুসৰি সেন্দুৰ আৰু খাৰু পৰিধান কৰাৰ দৰে পৰম্পৰা পালন কৰে।  বিশ্বৰ সকলো ঠাইতে মুছলমান আৰু অন্যান্য সম্প্ৰদায়ৰ মাজত থকা সাংস্কৃতিক বিনিময় হৈছে এক বাস্তৱ সত্য।
 
ৰাজনীতি আৰু ভয়ৰ পৰিৱেশ
 
ইছলাম-ভীতিৰ আন এটা দিশ হ'ল ইছলামক কেৱল এক ৰাজনৈতিক মতাদৰ্শ বুলি গণ্য কৰা। যিকোনো সাধাৰণ কাৰ্যকলাপৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হয়। প্ৰেমক 'লাভ জিহাদ' আৰু ভূমি ক্ৰয়ক 'ভূমি জিহাদ' বুলি কোৱা হয়। মুকলি দৃষ্টিভংগীৰ লোকসকলে ইছলামক এটা ধৰ্ম বুলি গণ্য কৰে, য'ত মানুহ ভাল বা বেয়া উভয়ে হ'ব পাৰে।
 
এই ঘৃণাই বৈষম্যক ন্যায়সঙ্গত কৰি তোলে। খাদ্যাভ্যাসৰ বাবে হাউছিং ছ'চাইটিত গৃহ নিৰ্মাণ কৰিবলৈ দিয়া নহয়। সাজ পোচাকৰ বাবে স্কুলৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। প্ৰতিবেদনত কোৱা হৈছে যে, ইছলামৰ সৈতে মতাদৰ্শগত মতানৈক্য থাকিব পাৰে, কিন্তু বৈষম্যমূলক আচৰণ কৰাটো সম্পূৰ্ণ ভুল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ
 
ইছলামোফ'বিয়া কেৱল মুছলমানৰ বাবেই বিপদজনক নহয়, বৰং ই সমগ্ৰ সমাজৰ বাবেও বিপদজনক। ইয়াৰ কিছুমান গুৰুতৰ পৰিণাম তলত উল্লেখ কৰা হ'ল -
 
অন্যায়ঃ ই এখন ন্যায্য আৰু বৈচিত্ৰপূৰ্ণ সমাজ গঢ়াৰ পথত বাধা সৃষ্টি কৰে।
 
যুৱক-যুৱতীসকলৰ ওপৰত প্ৰভাৱঃ সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে নেতিবাচক ছবি দেখুওৱাটোৱে মুছলমান যুৱক-যুৱতীসকলৰ মাজত এক নিম্ন মনোভাৱৰ সৃষ্টি কৰে। এই আত্মবিশ্বাসৰ অভাৱৰ বাবে তেওঁলোকে কেতিয়াবা উগ্ৰপন্থী গোটৰ প্ৰতি আকৃষ্ট হয়, যিয়ে তেওঁলোকক এক ভুৱা পৰিচয়ৰ অনুভূতি প্ৰদান কৰে।
 
সামাজিক অস্থিৰতাঃ ই সমাজত সংঘাত আৰু অশান্তিৰ সৃষ্টি কৰে।
 
মূলধাৰাৰ কণ্ঠক দমন কৰা: ঘৃণাৰ পৰিৱেশত মুছলমান সম্প্ৰদায়ৰ ভিতৰত মধ্যপন্থী আৰু বুদ্ধিমান কণ্ঠ দমন কৰা হয়।
 
অৰ্থনৈতিক ক্ষতিঃ বৈষম্যই সম্ভাৱনা আৰু প্ৰতিভাৰ সঠিক ব্যৱহাৰত বাধা দিয়ে, যাৰ ফলত দেশৰ অৰ্থনীতিৰ ক্ষতি হয়।
 
পাৰস্পৰিক সহযোগিতাৰ অভাৱ: যেতিয়া বিশ্বাসৰ অভাৱ হয় তেতিয়া মুছলমান আৰু অমুছলমানে একেলগে কাম কৰি উমৈহতীয়া সমস্যা (যেনে দৰিদ্ৰতা বা ৰোগ) সমাধান কৰিব নোৱাৰে।
 
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক: ইছলামোফ’বিয়াই বাণিজ্য, কূটনীতি আৰু দেশসমূহৰ মাজৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলায়।
 
জাফৰ ইকবালে লিখিছে যে, ইছলামোফ’বিয়াৰ বিৰুদ্ধে যুঁজিবলৈ হ'লে মুছলমানৰ সাংস্কৃতিক পৰিচয় বুজাটো অতি প্ৰয়োজনীয়। তেওঁলোকৰ ভাষা, খাদ্যাভ্যাস, আঞ্চলিক পৰিচয়, ধৰ্মীয় পদ্ধতিৰ ভিন্নতা থাকিব পাৰে। আজি সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে কুসংস্কাৰ। যেতিয়ালৈকে আমি মানুহক তেওঁলোকৰ ধৰ্ম আৰু তেওঁলোকৰ ব্যক্তিগত আৰু সাংস্কৃতিক পৰিচয়ৰ দৃষ্টিভংগীৰে নাচাম, তেতিয়ালৈকে এই সমস্যাটো অব্যাহত থাকিব।
 
এই ক্ৰমবৰ্ধমান ঘৃণা হ্ৰাস কৰাৰ একমাত্ৰ উপায় হৈছে আলোচনা আৰু উন্মুক্ততা। ইজনে সিজনৰ বৈচিত্ৰ্যক সন্মান কৰাটোৱেই হৈছে এখন সুস্থ সমাজৰ ভেটি।
 
(লেখক এগৰাকী স্বাধীন সাংবাদিক আৰু গৱেষক)