আৱাজ-দ্য ভইচ অসম ব্যুৰো
মনত ইচ্ছা শক্তি আৰু উদ্যম থাকিলে মানুহে কৰিব নোৱাৰা কোনো কাম নাই। এই কথাষাৰ প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী ই-ৰিক্সা চালক যুৱকে। যুৱকজন হৈছে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ মহম্মদ চুহেইল। তেওঁ সদ্যঘোষিত নীট পৰীক্ষাত ৬০৯ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।
এসময়ত দেউতাকৰ ই-ৰিক্সাখন চলাই জীৱন নিৰ্বাহ কৰাত পৰিয়ালক সহায় কৰা যুৱক চুহেইলে তৃতীয়টো প্ৰচেষ্টাত সফলতা লাভ কৰিছে। চুহেইলে জনোৱা অনুসৰি, তেওঁৰ পৰিয়ালৰ কোনোৱেই আজিলৈ দ্বাদশ শ্ৰেণীৰ আগলৈ পঢ়া-শুনা কৰা নাই। সেইবাবেই তেওঁৰ এই কৃতিত্ব তেওঁৰ পৰিয়ালৰ বাবে ইমান বিশেষ হৈ পৰিছে।
চুহেইলে কয়, "মোৰ নাম মহম্মদ চুহেইলে, আৰু মই উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ নিবাসী। মই এনে এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছো, য’ত সম্পদ তথা সুযোগ-সুবিধা যথেষ্ট সীমিত আছিল, যদিও আমাৰ সপোনবোৰ ডাঙৰ আছিল।"
কিন্তু এইটো প্ৰথমতে চুহেইলৰ সপোন নাছিল। এইটো তেওঁৰ মাকৰহে সপোন আছিল৷ চুহেইলে কয়, "চিকিৎসক হোৱাটো কেতিয়াও মোৰ নিজৰ লক্ষ্য নাছিল, সেয়া মোৰ মাৰহে সপোন আছিল। মোৰ প্ৰতি থকা তেওঁৰ নিৰন্তৰ সমৰ্থন আৰু বিশ্বাসেই মোক এই পথ অনুসৰণ কৰিবলৈ আৰু তেওঁৰ সপোনক মোৰ লক্ষ্যলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰেৰণা যোগাইছিল।"
২০২১ চনত ভাতৃৰ সৈতে দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত চুহেইলৰ পৰিয়ালে যিকোনো এজনকহে উচ্চ শিক্ষাৰ বাবে কলেজলৈ পঠিয়াবলৈ সামৰ্থ্য আছিল। ভায়েকে বি কম পাঠ্যক্ৰম আৰম্ভ কৰিছিল আৰু চুহেইলে পৰিয়ালক পোহ-পাল দিয়াত দেউতাকক সহায় কৰাৰ বাবে ই-ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিল।
চুহেইলে কয়, "মোৰ দিনবোৰ এখন ই-ৰিক্সা টানি টানি পাৰ হৈছিল আৰু মোৰ নিশাবোৰ পঢ়া-শুনাৰ মাজেৰে পাৰ হৈছিল। মই প্ৰায়ে মাজনিশা তথা পুৱতি নিশালৈকে পঢ়িছিলো।"
চুহেইলে জনা নাছিল যে, নীট (NEET) কি হয়। কিন্তু তেওঁৰ এজন বন্ধুৱে তেওঁক এই বিষয়ে বুজাই দিছিল, আৰু ইয়াৰ জৰিয়তে সহজে লাভ কৰিব পৰা MBBS আসনৰ সম্ভাৱনাৰ বিষয়েও কৈছিল। আৰু ইয়াৰ পিছতে যেন সকলো সলনি হৈ গৈছিল। চুহেইলে কয়, "মই উপলব্ধি কৰিলোঁ যে, যদি মই নীটত সফলতাৰে উত্তীৰ্ণ হব পাৰো, তেন্তে মই মোৰ পৰিয়ালৰ ওপৰত আৰ্থিক বোজাৰ ভৰ নিদিয়াকৈয়ে MBBS কৰিব পাৰিম।"
মহম্মদ চুহেইল তেওঁৰ পৰিয়ালৰ সৈতে
চুহেইলে ফিজিক্সৱালাৰ সুলভ মূল্যৰ অনলাইন ক্লাছ ব্যৱহাৰ কৰি নীটৰ বাবে প্ৰস্তুতি চলাইছিল। তেওঁ কয়, "আলাখ ছাৰ'ৰ য়াকিন বেচটো মাত্ৰ ৩,০০০ – ৪,০০০ টকাত উপলব্ধ আছিল, যিটো মই গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰি ললোঁ।" তেওঁৰ প্ৰথমবাৰৰ নীটৰ নম্বৰ আছিল ৩৬৯। তেওঁৰ তৃতীয়টো প্ৰচেষ্টাতহে ৬০৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
যেতিয়া তেওঁ হতাশ হৈ পৰিছিল ঠিক সেই সময়তে মীৰুটৰ পি ডব্লিউ বিদ্যাপীথ চেণ্টাৰৰ দিশে আগবাঢ়ছিল। তেওঁ কয়, "মীৰুট বিদ্যাপীথে ফোন কৰি মোক বিনামূলীয়াকৈ নামভৰ্তি, গাইডেন্স আদি সম্পূৰ্ণ সহায় আৰু সুবিধা প্ৰদান কৰিছিল।"
প্ৰশিক্ষকে নিয়মীয়া পৰীক্ষা আৰু গঠনমূলক বেচৰ ক্ষেত্ৰত সহায় কৰিছিল। তেওঁ কয়, "তেওঁলোকে নিয়মীয়াকৈ পৰীক্ষা লৈছিল আৰু এআই/এ আৰ বেচ গঠন কৰিছিল, যিয়ে মোক বহু সুবিধা কৰি দিছিল।"
চুহেইলে কয়, "মোৰ ঘৰত পঢ়াৰ বাবে কোনো উপযুক্ত ঠাই নাছিল। সেয়েহে মোৰ এজন শিক্ষক হাছিৰ ছাৰে মোক শান্তিৰে পঢ়িবলৈ এটা কোঠাৰ ব্যৱস্থা কৰিছিল।"
চুহেইলে ইমানো কঠোৰ নিয়ম মানি চলা নাছিল, যদিও মাত্ৰ এটা নিয়ম মানিছিল, সেইয়া হৈছে আপুনি যি আৰম্ভ কৰে, তাক সম্পূৰ্ণ কৰিব৷ তেওঁ কয় “মোৰ বাবে ঘড়ীতকৈ মোৰ লক্ষটোহে বেছি গুৰুত্বপূৰ্ণ আছিল।"
তেওঁৰ পৰিয়ালেও ইয়াৰ বাবে বহু ত্যাগ কৰিবলগীয়া হৈছিল। তেওঁ কয়, "মোৰ ভাইটিয়ে আনকি মোক সহায় কৰিবলৈ পঢ়া-শুনাও এৰি কাম আৰম্ভ কৰিছিল। এই ত্যাগবোৰে মোক অধিক মনোনিৱেশ আৰু দৃঢ় প্ৰতিজ্ঞ কৰি তুলিছিল। মই জানিছিলোঁ যে, তেওঁলোকৰ প্ৰচেষ্টাক মই অসাৰ হ’বলৈ দিব নোৱাৰো।"
ফলাফল ঘোষণা হোৱাৰ দিনা চুহেইল তেওঁৰ আইতাকৰ ঘৰত আছিল। তেওঁ কয়, "আমি নম্বৰ দেখাৰ মুহূৰ্তত; কোঠাটো আনন্দৰ জোৱাৰ উঠিছিল। আটাইয়ে চিঞৰিছিল, ফুৰ্টি কৰিছিল, আৰু মোক সাৱটি ধৰিছিল, আনন্দত ঢোল বজোৱা হৈছিল। কাৰণ মোৰ পৰিয়ালৰ বাবে ই আছিল এটা অতি ডাঙৰ কথা, কিয়নো মোৰ পৰিয়ালৰ কোনেও কেতিয়াও চিকিৎসক হোৱাৰ সপোনৰ বিষয়ে ভবা নাছিল।"
চুহেইলে কয়, "মোৰ নীটৰ ৰেংক আছিল ১১,০০০। ই মোক শীৰ্ষ কলেজত স্থান লাভ কৰাত সহায় নকৰিলেও, এখন ভাল চৰকাৰী আসনৰ বাবে যথেষ্ট হব।"
এম বি বি এছৰ সময়ত অস্ত্ৰোপচাৰ অধ্যয়ন কৰাৰ আশা কৰিছে চুহেইলে। তেওঁ কয়, "মই বিশ্বাস কৰোঁ যে, অনাগত বছৰবোৰে মোক চিকিৎসা বিজ্ঞানৰ ভিতৰত মোৰ আবেগ ক’ত আছে, সেই বিষয়ে সঠিকভাৱে জনাত সহায় কৰিব।"