মালিক আছঘৰ হাচমী / নতুন দিল্লী
ইৰাণ-ইজৰাইল যুদ্ধৰ প্ৰতিধ্বনি ইমানেই ডাঙৰ আৰু ব্যাপক হৈ পৰিছে যে ইয়াৰ কোলাহলত ডুব গৈছে মানৱতা আৰু দান-বৰঙণিৰ সকলো বাতৰি। তেনে এটা উদাহৰণ হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিৰল উদাৰতা প্ৰদৰ্শন কৰা আবুধাবিৰ ডাঃ ছামশ্বিৰ ভায়ালিল।
এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰা মৰাৰ কেইমিনিটমান পিছতে আহমেদাবাদৰ বি জে মেডিকেল কলেজৰ বিল্ডিঙৰ ওপৰত খুন্দা মাৰে। এই দুৰ্ঘটনাত ২৪২ জন যাত্ৰী নিহত হৈছিল। ইয়াৰ উপৰিও দূৰ্ঘটনাটোৱে চাৰিজন এমবিবিএছ ছাত্ৰ আৰু এজন চিকিৎসকৰ প্ৰাণ কাঢ়ি নিয়ে।
এয়াৰ ইণ্ডিয়াই কেৱল যাত্ৰীসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰাৰ বিপৰীতে এই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসকসকলৰ বাবে কোনো ধৰণৰ সহায়ৰ আনুষ্ঠানিক ঘোষণা কৰা নাছিল। এনে পৰিস্থিতিত সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবিত বাস কৰা ডাঃ ছামশ্বিৰ ভায়ালিল আগবাঢ়ি আহে।
তেওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসকৰ পৰিয়াললৈ এক কোটি টকাকৈ আৰু আহতসকলক ২০ লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ডাঃ ছামশ্বিৰে এই সহায় কোনো ইছলামিক প্ৰতিষ্ঠান বা ধৰ্মীয় সংগঠনৰ জৰিয়তে নহয়, বি.জে মেডিকেল কলেজৰ জুনিয়ৰ ডাক্তৰ এছ’চিয়েশ্যনৰ জৰিয়তেহে গতাই দিব।
আবুধাবিত এক বঁটা গ্ৰহণৰ সময়ত ডাঃ ছামশ্বিৰ
এই সংস্থাই সিদ্ধান্ত ল’ব কাক কিমান সহায় দিব লাগে। আন এটা মন কৰিবলগীয়া কথা যে বি.জে মেডিকেল কলেজৰ জুনিয়ৰ ডাক্তৰ এছ’চিয়েশ্যনৰ কোনো সদস্যই মুছলমান নহয়, যাৰ পৰা স্পষ্ট হৈ পৰে যে ছামশ্বিৰৰ চিন্তাধাৰা ধৰ্মৰ উৰ্ধত আৰু সম্পূৰ্ণ মানৱীয় আৰু নিৰপেক্ষ।
ফ'ৰ্বছৰ তথ্য অনুসৰি ডাঃ ছামশ্বিৰৰ ৰিয়েল টাইম নেট ৱৰ্থ (বৰ্তমানৰ সম্পত্তি) ৬,২২,২৫ কোটি টকাতকৈও অধিক। তেওঁ হৈছে মধ্যপ্ৰাচ্যৰ চিকিৎসালয়, ক্লিনিক আৰু ফাৰ্মাচীৰ বিশাল নেটৱৰ্ক পৰিচালনা কৰা বুৰ্জিল হোল্ডিংছৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। কেৰালাৰ ব্যৱসায়িক পৰিয়ালত জন্মগ্ৰহণ কৰা ছামশ্বিৰে চিকিৎসা বিজ্ঞানৰ শিক্ষা সমাপ্ত কৰি মধ্যপ্ৰাচ্যলৈ গুচি গৈছিল।
তেওঁ আবুধাবিৰ শ্বেইখ খলিফা মেডিকেল চিটিত ৰেডিঅ’লজিষ্ট হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ২০০৭ চনত তেওঁ শহুৰেক তথা উপসাগৰীয় বিখ্যাত উদ্যোগপতি এম.এ.ইউছুফ আলীৰ সহযোগত আবুধাবিত এল এল এইচ হাস্পতাল আৰম্ভ কৰে।
আলিগড়ত এক অনুষ্ঠানত তেতিয়াৰ উপাচাৰ্য জমিৰুদ্দিন শ্বাহে ছামশ্বিৰক সম্বৰ্ধনা জনাইছে
আজি বুৰ্জিল গ্ৰুপৰ ১৬খন চিকিৎসালয়, ২৪খন চিকিৎসা কেন্দ্ৰ, ফাৰ্মা মেনুফেকচাৰিং ইউনিট আৰু সমগ্ৰ ভাৰত আৰু উপসাগৰীয় অঞ্চলত বিস্তৃত কেইবাটাও স্বাস্থ্যসেৱা উদ্যোগ আছে। তেওঁ ভায়ালিল পৰিয়ালৰ কাৰ্যালয় ভিপিএছ হেল্থকেয়াৰৰ জৰিয়তে আৰ পি এম, লাইফফাৰ্মা, লেকশ্ব’ৰ হাস্পতাল, এডুকেয়াৰ ইনষ্টিটিউটৰ দৰে ব্ৰেণ্ড পৰিচালনা কৰে।
ডাঃ ছামশ্বিৰ কেৱল এজন চিকিৎসক বা ব্যৱসায়ী নহয়, তেওঁৰ মানৱ সেৱাৰ প্ৰতি গভীৰ দায়বদ্ধতা আছে। ১০০টা বিনামূলীয়া হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, স্তন কেন্সাৰ পৰীক্ষা, শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা শিবিৰ ইত্যাদি বহুতো পদক্ষেপৰ জৰিয়তে তেওঁ হাজাৰ হাজাৰ লোকৰ জীৱন চুই গৈছে।
দুৰ্যোগ সাহায্য, অভাৱগ্ৰস্ত লোকসকলক সহায় কৰা আৰু স্বাস্থ্য সজাগতাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা সমগ্ৰ ইউ এ ই, আফ্ৰিকা আৰু ভাৰত উপমহাদেশত বিয়পি পৰিছে। প্ৰৱাসী ভাৰতীয় সন্মান (২০১৪), শ্বেখ হামদান বিন জায়েদ মানৱীয় সেৱা বঁটা, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী, আৰব হেল্থ ইণ্টাৰনেশ্যনেল লিডাৰশ্বিপ বঁটা (২০১২) আৰু আৰ্নষ্ট এণ্ড ইয়ং ‘বছৰৰ উদ্যমী’ (২০১১)কে ধৰি বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ডাঃ ছামশ্বিৰে।
তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে এক কাৰ্যসূচীত ডাঃ ছামশ্বিৰক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত
তেওঁ ইউ এ ই মেডিকেল কাউন্সিল, শ্বাৰজাহ ইউনিভাৰ্চিটি মেডিকেল কলেজ, প্ৰবাসী ভাৰতীয় আয়োগ (কেৰালা) আৰু কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ব’ৰ্ডতো আছে। ডাঃ ছামশ্বিৰৰ মতে “মানৱীয় সেৱাত জাতি বা ধৰ্মৰ কোনো দেৱাল থাকিব নালাগে। দুখ কেৱল পীড়িতজনৰ নহয়, আমাৰ সকলোৰে।”
তেওঁৰ এই পদক্ষেপৰ দ্বাৰা দয়ালু ব্যক্তিৰ প্ৰকৃত শক্তিৰ উমান পোৱা যায়, যিয়ে নিজকে এজন নায়ক বুলি ঘোষণা নকৰাকৈয়ে, দুখীয়া লোকসকলৰ ওচৰলৈ যায়। ডঃ ছামশ্বিৰৰ এই বাতৰি হয়তো ইৰান-ইজৰাইল যুদ্ধৰ মাজত বিলীন হৈ গৈছে, কিন্তু ইতিহাসত ই চিৰস্মৰণীয় হৈ ৰ'ব যে যেতিয়া এখন বিমান দুৰ্ঘটনাত নিহত একাংশ লোকক লৈ প্ৰশাসন ব্যৱস্থা নীৰৱ হৈ পৰিছিল, তেতিয়া আবু ধাবিৰ এজন ভাৰতীয় চিকিৎসকে মানৱতাৰ জীৱন্ত প্ৰমাণ দাঙি ধৰিছিল।