আৰিফুল ইছলাম/গুৱাহাটী
মাদ্ৰাছাত পঢ়ি কেৱল হাফিজ বা মৌলানা হয় বুলি অধিকাংশ মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে। মাদ্ৰাছা শিক্ষাৰ সমান্তৰাল ভাৱে সাধাৰণ শিক্ষা লৈ ইতিমধ্যে বহু ছাত্ৰই বিভিন্ন ক্ষেত্ৰত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। তেনে এক উদাহৰণ দাঙি ধৰিছে দুগৰাকী হাফিজে। সদ্যঘোষিত নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ ডাক্তৰ হোৱাৰ সপোন পূৰণ হোৱাৰ দিশত খোজ দিছে দুগৰাকী হাফিজে। হাফিজ হৈয়ো যে চিকিৎসক হ'ব পাৰি এই কথা প্ৰমাণ কৰিলে হাফিজ মমতাজুল হাছান চৌধুৰী আৰু হাফিজ হুজাইফা লস্কৰে।
মমতাজুল হাছান চৌধুৰীয়ে কয়; "মই মোৰ শিক্ষাগুৰুসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই মোৰ মা-দেউতাক ধন্যবাদ জ্ঞাপন কৰিম। সন্তানৰ সফলতাৰ আঁৰত যদি কোনোবা নিস্বাৰ্থ ভাবে কষ্ট কৰে সেয়া হৈছে মাক-দেউতাক। প্ৰথমতে যেতিয়া মই এগৰাকী যথেষ্ট দুৰ্বল ছাত্ৰ আছিলোঁ। গণিতৰ সাধাৰণ ফৰ্মূলা মই নাজানিছিলোঁ। মোৰ ভাতৃ নুৰ আহমেদ আৰু আনোৱাৰ হুছেইন লস্কৰে মোক যথেষ্ট সহায় কৰিছিল।"
"মই আৰু অধিক আগুৱাই যাব বিচাৰো। ভাল ভাল পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰো। সকলোৱে যাতে মোৰ বাবে দোৱা কৰে। আৰু ইয়াৰ বাবে যিমান কষ্ট কৰিব লাগে, সেয়া মই কৰিম", মমতাজুলে কয়।
মাদ্ৰাছাৰ ছাত্ৰসকলে অধ্যয়ন কৰি থকা মুহূৰ্তত
আনফাৰ চুপাৰ ৫০ ত কোচিং কৰি নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল মমতাজুল হাছান চৌধুৰীয়ে। উল্লেখযোগ্য যে আনফাৰ চুপাৰ ৫০ ৰ কোচিং চেণ্টাৰে দ্বিতীয় বৰ্ষৰ বাবে নীট পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিছিল। ২০২৪ চনৰ পৰা আনফৰ চুপাৰ ৫০ ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰ নীটত অৱতীৰ্ণ হৈছিল। এইবৰ্ষত মমতাজুল হাছান চৌধুৰীৰ সৈতে আন ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে হাফিজ মমতাজুল হাছান চৌধুৰীক মৌলানা মুস্তাক আনফৰে আনফৰ চুপাৰ ৫০ ত বিনামূলীয়াকৈ পঢ়াৰ সুযোগ দিছিল।
আনহাতে আজমল চুপাৰ ৪০ ত অধ্যয়ন কৰি নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল কাছাৰ জিলাৰ কাটিগঢ়াৰ গণিৰগ্ৰাম শান্তিপূৰৰ হাফিজ হুজাইফা লস্কৰে। আব্দুল্লা লস্কৰ আৰু ফাতিমা বিলকিছ লস্কৰৰ হাফিজ পুত্ৰ হুজাইফা লস্কৰে সৰ্ব ভাৰতীয় নীটত ৫৪৭ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে অলপতে হুজাইফাৰ ভাতৃ মুয়াজ লস্কৰে JEE পৰীক্ষাত উত্তীৰ্ণ হৈ শিলচৰ NIT ত অধ্যয়ন কৰি আছে।
আৱাজ দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইছলামিক পণ্ডিত মৌলানা নূৰুল আমিন কাছিমিয়ে কয়; "মাদ্ৰাছা শিক্ষাৰ লগত একেলগে সাধাৰণ শিক্ষাও আগবঢ়াই নিব পাৰি। মানুহে এই কথাটো হয়তো বুজা নাছিল। যিসকলে মাদ্ৰাছাত হাফিজ পঢ়িম বুলি ভাবে, তেওঁলোকে পঞ্চম বা ষষ্ঠ শ্ৰেণীলৈ পঢ়াৰ পিছত মাদ্ৰাছাত নামভৰ্তি কৰে। এগৰাকী ভাল ছাত্ৰক মাদ্ৰাছাত হাফিজৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ তিনি বছৰ সময় লাগে। তিনি বছৰত তেওঁ হাফিজ হৈ যায় আৰু সমান্তৰালভাবে নৱম শ্ৰেণীলৈ সাধাৰণ শিক্ষাও পঢ়ি থাকে। নৱম শ্ৰেণীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা হয় আৰু তেওঁ বাকী সাধাৰণ শিক্ষাত মনোনিবেশ কৰে।"
"মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰি ভাল ভাল চাকৰি লাভ কৰা বা ভাল পদবী লাভ কৰা উদাহৰণ বহুত আছে। গতিকে আজিকালি মানুহে বুজি পোৱা হৈছে আৰু হাফিজ বা মৌলানা সম্পূৰ্ণ কৰাৰ পিছত ডাক্তৰ, অভিযন্তা, অধ্যাপক আদিত নিজকে অন্তৰ্ভুক্ত কৰি আছে", কাছিমিয়ে কয়।
উল্লেখযোগ্য যে, নীট ইউ জি পৰীক্ষাত সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ ২২,৭৬০৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে আবেদন কৰিছিল। ২২,০৯৩১৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ১২,৩৬৫৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।
২০২৫ বৰ্ষৰ নীট পৰীক্ষাত সৰ্ব ভাৰতীয় ৫০৯ সংখ্যাক ৰেংক লাভ কৰিবলৈ সক্ষম হৈছিল অসমৰ মহম্মদ মুছা কালিমে। উল্লেখযোগ্য যে, অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে মহম্মদ মুছা কালিমে। ৯৯.৯৭ শতাংশ নম্বৰেৰে লাভ কৰিবলৈ সক্ষম হৈছিল মহম্মদ মুছা কালিমে।
অসমৰ পৰা ৪৪৪৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নীট ২০২৫ পৰীক্ষাত আবেদন কৰিছিল। ৪১৮৪৮ গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আনহাতে অসমৰ ১৯৮০৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰৰ নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।