আৱাজ দ্য ভইচ ব্যুৰ'
বছৰ বছৰ ধৰি অশান্ত হৈ থকা এখন ৰাজ্য। নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই অঞ্চলটোত অজস্ৰজনৰ সপোন সুদূৰত লুকাই থাকিল যদিও তাত এক নিস্তব্ধ বিপ্লৱ চলি আছে। জনসাধাৰণৰ দৃষ্টিৰ পৰা আঁতৰত থকা কাশ্মীৰৰ একাংশ প্ৰেৰণাদায়ক ব্যক্তিয়ে উপত্যকাটোলৈ পৰিৱৰ্তন আনিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। তেওঁলোকে বিভিন্ন বাধা ভাঙিছে, পুৰণি বিশ্বাসক লৈ প্ৰশ্ন উত্থাপন কৰিছে, আৰু উন্নত ভৱিষ্যত গঢ়ি তোলাৰ বাবে নিৰন্তৰ সমৰ্পণৰ জৰিয়তে আনক প্ৰেৰণা দিছে।
তেনে কেইগৰাকীমান ব্যক্তিৰ বিষয়ে আমি এক ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত কৰিছে। এই প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে কাশ্মীৰলৈ পৰিৱৰ্তন কঢ়িয়াই অনা ব্যক্তিসকলৰ চমু পৰিচয় দাঙি ধৰিব বিচাৰিছো।
ছাকীনা আখতাৰ
ছাকীনা আখতাৰ
কাশ্মীৰত গভীৰভাৱে শিপাই থকা লিংগ নীতি-নিয়মক প্ৰত্যাহ্বান জৱোনা এগৰাকী অগ্ৰণী ব্যক্তি হৈছে ছাকীনা আখতাৰ। কাশ্মীৰত মহিলাসকলে সাধাৰণতে ক্ৰীড়াক্ষেত্ৰত অংশ ল'লে সমাজৰ বাধা আৰু বৰ্জনৰ সন্মুখীন হয়।
মুনাৰাবাদৰ সংকীৰ্ণ গলিত ক্ৰিকেট খেলা একমাত্ৰ সাধাৰণ ছোৱালীৰ পৰা জম্মু-কাশ্মীৰৰ পৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশিক্ষক হোৱালৈকে তেওঁৰ এই যাত্ৰাই সাহস, দৃঢ়তা আৰু পৰিৱৰ্তনৰ এক শক্তিশালী প্ৰমাণ হিচাপে থিয় দিছে।
ছীৰাট তাৰিক
ছীৰাট তাৰিক
মাত্ৰ ১৯ বছৰ বয়সতে ছীৰাট তাৰিকে নিজৰ ব্যক্তিগত কলাত্মক প্ৰকাশৰ যাত্ৰাক সবলীকৰণ আৰু সাংস্কৃতিক পুনৰুজ্জীৱনৰ আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। ৰাষ্ট্ৰীয় অভিলেখ আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা ছীৰাটে নিজৰ মঞ্চ ব্যৱহাৰ কৰি আনক—বিশেষকৈ সংঘাতজৰ্জৰ অঞ্চলত বাস কৰা যুৱতীসকলক নিজৰ আভ্যন্তৰীণ শক্তি আৰু প্ৰতিভা বিচাৰি উলিয়াবলৈ আৰু শিল্পৰ জৰিয়তে নিজকে প্ৰকাশ কৰিবলৈ উৎসাহিত কৰে।
শ্ববনম কৌছাৰ
সংঘাতৰ দ্বাৰা প্ৰভাৱিত অঞ্চলত শ্ববনম কৌছাৰ শক্তিশালী আৰু উদ্দেশ্যপ্ৰণোদিত নেতৃত্বৰ প্ৰতীক হিচাপে জিলিকি উঠিছে। মাত্ৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী আৰু কোনো উপযুক্ত সুবিধা নথকাকৈ তেওঁ বাণ্ডিপোৰাৰ আৰ্মী গুডউইল স্কুলখনক ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিছিল। তেওঁৰ যাত্ৰাই দেখুৱাইছে যে শিক্ষা, স্পষ্ট দৃষ্টিভংগী আৰু দৃঢ়তাই সঁচাকৈয়ে জীৱন সলনি কৰিব পাৰে।
ছুহাইল ছৈঈদ ল'ন
ছুহাইল ছৈঈদ ল'ন
কাশ্মীৰৰ বান্দিপোৰাত জন্মগ্ৰহণ কৰা আৰু উগ্ৰপন্থীৰ হিংসাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হোৱা ছুহাইল ছৈঈদ ল’নে আশাহীনতা আৰু হতাশাৰ ওচৰত হাৰ মানিব পাৰিলেহেঁতেন। কিন্তু তেওঁ নিজৰ যন্ত্ৰণাক ছবিৰ জৰিয়তে এক শক্তিশালী কাহিনীলৈ ৰূপান্তৰিত কৰিছিল। এতিয়া মুম্বাইৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰি তেওঁ চিনেমাক ব্যৱহাৰ কৰি দেশৰ প্ৰতি সাহস, ত্যাগ আৰু প্ৰেমৰ কাহিনী ভাগ-বতৰা কৰে আৰু ব্যক্তিগত আঘাতক অৰ্থপূৰ্ণ প্ৰকাশলৈ ৰূপান্তৰিত কৰে।
সৰৱাৰ বুলবুল
সৰৱাৰ বুলবুল
সংগীতৰ জৰিয়তে কাশ্মীৰৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যক জীয়াই ৰাখিছে সৰৱাৰ বুলবুলে। এগৰাকী সুপৰিচিত নাট খাৱান বুলবুল হৈছে ৰাফাবাদৰ গ্ৰাম্য অঞ্চলৰ বুলবুল একাডেমী অৱ পাৰফৰ্মিং আৰ্টছ (বিএপিএ)ৰ প্ৰতিষ্ঠাপক।
তেওঁ অভাৱগ্ৰস্ত যুৱক-যুৱতীসকলক কাশ্মীৰী শাস্ত্ৰীয়, চুফী, আৰু ভক্তিমূলক সংগীতৰ প্ৰশিক্ষণ দিয়ে। তেওঁৰ এই প্ৰচেষ্টাৰ জৰিয়তে যুগ যুগ ধৰি চলি অহা পৰম্পৰাসমূহ সংৰক্ষণ কৰি পৰৱৰ্তী প্ৰজন্মলৈ শ্ৰদ্ধাৰে আগবঢ়াই দিছে।
ইৰতিকা আয়ুব
ইৰতিকা আয়ুব
কাশ্মীৰৰ মহিলাসকলৰ বাবে বাধাৰ প্ৰাচীৰ ভঙাৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ব্যক্তি হৈছে ইৰতিকা আয়ুব। অঞ্চলটোৰ আটাইতকৈ কম বয়সীয়া ৰাগবী উন্নয়ন বিষয়া হিচাপে তেওঁ পুৰুষ প্ৰধান খেলত লিংগ নীতিক প্ৰত্যাহ্বান জনাইছে। তেওঁৰ কামে যুৱতীসকলক শক্তিশালী কৰে, আত্মবিশ্বাসী কৰি তোলে, আৰু প্ৰমাণ কৰে যে ক্ৰীড়া সামাজিক পৰিৱৰ্তন আৰু সমতাৰ বাবে এক শক্তিশালী আহিলা হ’ব পাৰে।
আনিছা নবী
আনিছা নবী
আনিছা নবীয়ে জনসেৱাৰ সৈতে ফিটনেছ আৰু সৱলীকৰণক সংমিশ্ৰণ ঘটাইছে। জম্মু-কাশ্মীৰৰ বিষয়া আৰু মুখ্য ক্ৰীড়া বিষয়া হিচাপে তেওঁ সমগ্ৰ জম্মু-কাশ্মীৰত তৃণমূল পৰ্যায়ৰ ক্ৰীড়াৰ প্ৰচাৰৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়ে। এগৰাকী নিষ্ঠাবান মাৰাথন দৌৰবিদ আৰু ফিটনেছ অনুৰাগী আনিছাই ৱাণ্ডাৰছ উইমেন কমিউনিটি প্ৰতিষ্ঠা কৰিছিল আৰু ফিট ইণ্ডিয়া মুভমেণ্টৰ এম্বেছাদৰ। তেওঁৰ কাহিনীয়ে দেখুৱাইছে যে প্ৰকৃত নেতৃত্ব কাৰ্য্য, অন্তৰ্ভুক্তি আৰু আনক অনুপ্ৰাণিত কৰাৰ জৰিয়তে আহে।
গুলাম নবী তন্ত্ৰায়
গুলাম নবী তন্ত্ৰায়
গুলামে বাণ্ডিপোৰাত বিএড কলেজ আৰু জম্মুৰ ডুন ইণ্টাৰনেশ্যনেল স্কুলৰ দৰে শিক্ষানুষ্ঠান মুকলি কৰাৰ লগতে তাজামুল ইছলামৰ দৰে উদীয়মান ক্ৰীড়া তাৰকাক গঢ়ি তুলিছে। এইদৰে তেওঁ সম্প্ৰদায়টোৰ লোকসকলৰ সবলীকৰণক জীৱনৰ মিছন হিচাপে গ্ৰহণ কৰিছে।
সংকটৰ সময়ত তেওঁ মমতা আৰু সহায়ৰ সৈতে খোজ দিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা লাভ কৰাৰ পিছতো তেওঁ নিজৰ সম্প্ৰদায়ত গভীৰভাৱে শিপাই আছে। তেঁ প্ৰমাণ কৰিছে যে প্ৰকৃত নেতৃত্বৰ আৰম্ভণি হয় উদ্দেশ্যৰ পৰা, পদবীৰ পৰা নহয়।
মহম্মদ হাফিজ ফুৰকানাবাদী
মহম্মদ হাফিজ ফুৰকানাবাদী
মহম্মদ হাফিজ ফুৰকানাবাদীয়ে শিক্ষা আৰু মমতাৰ জৰিয়তে সমাজৰ পৰিৱৰ্তনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। ছোৱালীৰ শিক্ষাক প্ৰায়ে নিৰুৎসাহিত কৰা এক পৰিৱেশত তেওঁ ব্যক্তিগতভাৱে ঘৰলৈ গৈ মানসিকতা সলনি কৰি সমতাৰ পোষকতা কৰিছিল।
এজন শিক্ষক আৰু দাতব্য ন্যাসৰ প্ৰতিষ্ঠাপক হিচাপে তেওঁ অগণন অভাৱগ্ৰস্ত শিশুক ধৰ্ম বা পটভূমি নিৰ্বিশেষে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সুযোগৰ প্ৰসাৰ ঘটাই বিনামূলীয়া শিক্ষা আৰু সা-সুবিধা প্ৰদান কৰিছে।
ৱাজাহাট ফাৰুক ভাট
ৱাজাহাট ফাৰুক ভাট
এসময়ত ক্ষোভ আৰু উগ্ৰ মতাদৰ্শৰ দ্বাৰা পৰিচালিত হৈ শিলগুটি নিক্ষেপ কৰা কিশোৰ ৱাজাহাট ফাৰুক ভাটৰ জীৱনে এক পৰিৱৰ্তনশীল ৰূপ ধাৰণ কৰে। ২০১৮ চনত বাৰমূল্লাত এছ এছ পি ইমটিয়াজ হুছেইনৰ সৈতে হোৱা অভাৱনীয় মুখামুখিৰ পিছত ভাটৰ জীৱনে ৰং সলায়।
বাৰমূল্লাৰ সমীপৰ শ্বেৰী গাঁৱৰ যুৱক হিচাপে ৱাজাহাট ভাট জেহাদ, প্ৰতিশোধ, শ্বহীদ হোৱাৰ ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। কিন্তু স্থানীয় এজন ধৰ্মগুৰুৰ ভণ্ডামিৰ সাক্ষী হোৱা আৰু পিছলৈ এন চি চিৰ কাৰ্যকালত মৃদুভাষী এছ এছ পিৰ সৈতে হৃদয়ৰ পৰা হৃদয়লৈ হোৱা এটা গভীৰ ব্যক্তিগত মুহূৰ্তই তেওঁৰ ভিতৰত জাগৰণৰ সূচনা কৰিছিল।
আজি তেওঁ জম্মু আৰু কাশ্মীৰ চেভ ইউথ চেভ ফিউচাৰ (Jammu and Kashmir Save Youth Save Future)ৰ নেতৃত্ব দিয়ে। এই তৃণমূল পৰ্যায়ৰ সংস্থাটোৱে ৩,০০০ৰো অধিক কাশ্মীৰী যুৱকক মৌলবাদী হোৱাৰ পৰা ৰক্ষা কৰিছে। ৱাজাহাট ভাটে নিজৰ মিছনক বিশ্বব্যাপী লৈ যোৱাৰ লক্ষ্য লৈ কাম কৰিছে।
এই পৰিৱৰ্তনকাৰীসকলে হয়তো বাতৰিৰ শিৰোনাম দখল নকৰিবও পাৰে, কিন্তু সমাজত তেওঁলোকৰ প্ৰভাৱ অনস্বীকাৰ্য। সাহস, সৃষ্টিশীলতা, আৰু দৃঢ়তাৰ জৰিয়তে তেওঁলোকে কেৱল কাশ্মীৰৰ কাহিনী পুনৰ লিখাই নহয়, আনৰ বাবেও অনুসৰণ কৰিব পৰা এক পথ আলোকিত কৰিছে।
তেওঁলোকৰ কাহিনীবোৰে এটা সোঁৱৰণী যে অতি প্ৰত্যাহ্বানজনক পৰিৱেশতো ৰূপান্তৰ সম্ভৱ, তাকো নিৰৱে, অবিৰতভাৱে আৰু শক্তিশালীভাৱে। আগন্তুক দিনত আৱাজ-দ্য ভইচ-এ তেওঁলোকৰ বিশদ কাহিনী আমাৰ পাঠকৰ বাবে লৈ আহিব।