ইম্ফল
বিশ্ব মেইটেই কাউন্সিল নামৰ সংস্থাটোৱে স্বীকাৰ কৰিছে যে মণিপুৰৰ সংঘাতৰ সময়ত দুয়ো পক্ষৰ ভুল হৈছে আৰু জনসাধাৰণে কিমান দিনলৈকে এই সংঘাতৰ পৰিণতি সহ্য কৰি থাকিব লাগে বুলি তেওঁলোকে প্ৰশ্ন কৰে।
পৰিষদে এক বিবৃতিত কয় যে, “মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘাত দুবছৰ দুমাহতকৈও অধিক সময় ধৰি চলি আছে। অগণন লোক ইয়াৰদ্বাৰা ক্ষতিগ্ৰস্ত হৈছে, বহু পৰিয়াল ছিন্নভিন্ন হৈছে, সম্প্ৰদায়সমূহ বিভাজিত হৈছে। কেইবাবাৰো প্ৰচেষ্টা চলোৱাৰ পিছতো কেন্দ্ৰই আকাংক্ষিত সমাধান আনিব পৰা নাই।”
বিশ্ব মেইটেই পৰিষদে কুকি আৰু মেইটেই বিধায়কসকলক ৰাজনীতিৰ উৰ্ধত উঠি সংকটৰ দায়িত্ব ল'বলৈ আহ্বান জনাইছে। পৰিষদে কয় যে সংঘাতৰ ফলত সৰ্বসাধাৰণ জনগণ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। "সৰ্বোপৰি এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ বিধায়কৰ ওপৰত। আপোনালোকৰ হাতত জনসাধাৰণৰ কাৰ্যভাৰ আছে। আপোনালোকে কাম কৰিব লাগিব। মেইটেই আৰু কুকি বিধায়কসকলে বাহ্যিক হস্তক্ষেপৰ বাবে অপেক্ষা নকৰিব, ইজনে সিজনৰ লগত জড়িত হ’ব লাগিব। আপোনালোকে নেতৃত্ব দিব লাগিব, কাৰণ যদি আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে কাম নকৰে, তেন্তে কোনে কৰিব?" মেইটেই সংগঠনটোৱে কয়।
উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি-জো গোটৰ মাজত হোৱা গোষ্ঠীগত হিংসাত ২৬০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতে ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিছিল কেন্দ্ৰই। ২০২৭ চনলৈকে কাৰ্যকাল থকা ৰাজ্যিক বিধানসভাক এতিয়া নিলম্বিত কৰি ৰখা হৈছে।
বুধবাৰে বিশ্ব মেইটেই কাউন্সিলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত গভীৰ আলোচনাত মিলিত হয়।
বিবৃতিটোত কোৱা হৈছে যে সঠিক দিশত একক অথচ অৰ্থপূৰ্ণ পদক্ষেপে ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক অৱস্থা উভতাই আনিব পাৰে বুলি বিশ্ব মেইটেই কাউন্সিলে দৃঢ় বিশ্বাস কৰে। ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো সকলো নাগৰিকৰ বাবে মুকলি কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাই পৰিষদে কয় যে মেইটেই সম্প্ৰদায়ে জাতি-সম্প্ৰদায় নিৰ্বিশেষে সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ নৈতিক আৰু সামাজিক দায়িত্ব ল’ব লাগিব।”
ইয়াৰ উপৰিও বিবৃতিটোত কোৱা হৈছে যে, "ৰাষ্ট্ৰীয় ঘাইপথসমূহ সকলোৰে বাবে সুলভ কৰি তুলিব লাগিব আৰু প্ৰতিটো সম্প্ৰদায়ে বিশেষকৈ মেইটেই আৰু কুকিসকলে হিংসা আৰু ভয়-ভাবুকিৰ পৰা মুক্তভাৱে নিৰাপদ যাতায়ত নিশ্চিত কৰিব লাগিব।"