আৱাজ দ্য ভইচ অসম ব্যুৰ'
তেলেংগানা উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানত উল্লেখ কৰিছে যে মুছলমান মহিলাই বিবাহ বিচ্ছেদ (খুলা)ৰ বাবে স্বামীৰ সন্মতি, আনকি কাৰণ দৰ্শোৱাৰো কোনো প্ৰয়োজন নাই। ন্যায়াধীশ মৌচুমী ভট্টাচাৰ্য আৰু ন্যায়াধীশ বি আৰ মধুসুধন ৰাওৰ বিভাগীয় বিচাৰপীঠে ৰায় দিয়ে যে ইছলামিক আইন অনুসৰি মুছলমান মহিলাই একপক্ষীয়ভাৱে খুলাৰ জৰিয়তে নিজৰ বিবাহ সম্পৰ্ক ভংগ কৰিব পাৰে, আৰু স্বামীৰ অনুমোদন বা মুফতি বা দাৰ-উল কাজাই খুলানামা জাৰি কৰাটোও প্ৰয়োজনীয় নহয়।
আদালতে লগতে উল্লেখ কৰে যে এনে ধৰ্মীয় সংস্থাই কেৱল পৰামৰ্শদাতাৰ ভূমিকা পালন কৰে আৰু মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ স্বতন্ত্ৰ অধিকাৰক নস্যাৎ কৰিব নোৱাৰে। "বিচাৰকৰ্তাৰ একমাত্ৰ দায়িত্ব হৈছে বিবাহ বিচ্ছেদৰ ওপৰত ন্যায়িক মোহৰ লগোৱা, যিটো তাৰ পিছত দুয়োপক্ষৰ বাবে বাধ্যতামূলক হৈ পৰে", বিচাৰপীঠে উল্লেখ কৰে।
আদালতে স্পষ্ট কৰি দিয়ে যে ফেমিলী ক'ৰ্টৰ ভূমিকা কেৱল খুলাৰ অনুৰোধৰ সত্যতা নিৰূপণ, পুনৰ মিলনৰ প্ৰচেষ্টা সুনিশ্চিত কৰা আৰু যদি প্ৰযোজ্য হয় তেন্তে পত্নীয়ে মাহাৰ (বিবাহৰ সময়ত স্বামীয়ে পত্নীক দিয়া বৰঙণি) ঘূৰাই দিবলৈ ইচ্ছুক হয় নে নহয় সেয়া নিশ্চিত কৰাত সীমাবদ্ধ থাকিব। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী হিচাপে কাম কৰা ছাদা-ই-হাক শ্বাৰাই কাউন্সিল নামৰ এটা এন জি অ'ৰ কাষ চাপি পত্নীৰ খুলাক বিৰোধিতা কৰা এজন মুছলমানৰ আপীলৰ প্ৰতি সঁহাৰি জনাই এই ৰায় প্ৰদান কৰা হৈছে।
যেতিয়া স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে সন্মতি দিবলৈ অস্বীকাৰ কৰে, তেতিয়া পৰিষদে পত্নীৰ অনুৰোধৰ সমৰ্থনত এখন প্ৰমাণ পত্ৰ জাৰি কৰে। পৰৱৰ্তী সময়ত তেওঁ ফেমিলী ক'ৰ্টৰ সেই প্ৰমাণপত্ৰখন বাতিল কৰিবলৈ কৰা অস্বীকাৰক প্ৰত্যাহ্বান জনাইছিল। নিজৰ ৰায়ত উচ্চ ন্যায়ালয়ে কোৰানৰ দ্বিতীয় অধ্যায়ৰ ২২৮ আৰু ২২৯ শ্লোকৰ উদ্ধৃতিৰে উল্লেখ কৰে যে ইছলামী আইনে মুছলমান মহিলাসকলক খুলা বিচাৰৰ এক স্পষ্ট অধিকাৰ প্ৰদান কৰিছে।
স্বামীয়ে খুলাক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ধৰ্মীয় গ্ৰন্থসমূহে কোনো কথা উল্লেখ কৰা নাই। এই যুক্তিৰে আদালতে কয় যে বিবাহ বিচ্ছেদ বিচৰা মহিলাগৰাকীৰ স্বায়ত্তশাসিত অধিকাৰক ই আৰু শক্তিশালী কৰে।