নতুন দিল্লী
ভাৰতীয় নিৰ্বাচন আয়োগে এতিয়া বিহাৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশতে ভোটাৰ তালিকাৰ ঘৰে ঘৰে পৰীক্ষণ কৰিব। এই নিবিড় ভোটাৰ তালিকা সমীক্ষাৰ লক্ষ্য হৈছে অবৈধ প্ৰব্ৰজনকাৰী আৰু অযোগ্য ভোটাৰৰ নাম চিনাক্ত কৰি আঁতৰাই নিৰ্বাচনী তালিকাৰ অখণ্ডতা নিশ্চিত কৰা।
এই কচৰৎ কৰা প্ৰথমখন ৰাজ্য বিহাৰত ২০০৩ চনৰ ভোটাৰ তালিকাত নামভৰ্তি কৰা ভোটাৰসকলে কোনো নথি-পত্ৰ দাখিল কৰিব নালাগিব। এই গোটত প্ৰায় ৫ কোটি ব্যক্তি অন্তৰ্ভুক্ত। কিন্তু ২০০৩ চনৰ পিছত নামভৰ্তি কৰা সকলে নিজৰ পৰিচয় আৰু যোগ্যতা প্ৰমাণ কৰিবলৈ বৈধ নথি দাখিল কৰিব লাগিব। আন কিছুমান ৰাজ্যত কাট অফ বছৰ হ’ব ২০০৪ চনৰ ভোটাৰ তালিকা।
এই পৰীক্ষণ ভাৰতীয় নিৰ্বাচন আয়োগে ৬ খন ৰাজ্যত আৰম্ভ কৰি থকা বিশেষ নিবিড় পুনৰীক্ষণৰ অংশ হৈছে বিহাৰ, অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগ। এই সকলোবোৰতে এই বছৰ বা ২০২৬ চনৰ আৰম্ভণিতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হব। বিহাৰে ২০২৫ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত নিৰ্বাচনলৈ যোৱাৰ বিপৰীতে বাকী ৰাজ্যসমূহত ২০২৬ চনৰ মাৰ্চ-এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব।
এই পদক্ষেপত বিৰোধী দলসমূহে ৰাজনৈতিক পক্ষপাতিত্বৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে আয়োগে নিকা নিৰ্বাচন নিশ্চিত কৰাটো সাংবিধানিক দায়িত্ব বুলি উল্লেখ কৰিছে। ইচিআইয়ে আশ্বাস দিছে যে, গ্ৰহণ কৰা সকলো পদক্ষেপে সংবিধানৰ ৩২৬ নং অনুচ্ছেদ আৰু ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৬ নং ধাৰাত উল্লেখ কৰা আইনী কাঠামো কঠোৰভাৱে অনুসৰণ কৰিব।
আয়োগৰ এই পদক্ষেপে ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি ভোটাৰ তালিকাত প্ৰৱেশ কৰা অবৈধ বিদেশী প্ৰব্ৰজনকাৰীক চিনাক্ত কৰাত গুৰুত্ব আৰোপ কৰিছে। বাংলাদেশী আৰু ৰোহিংগীয়া প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যত অব্যাহত থকা কাৰ্যকলাপৰ মাজতে এই কথা প্ৰকাশ পাইছে।
বুথ পৰ্যায়ৰ বিষয়াসকলে ভোটাৰৰ পৰীক্ষণৰ বাবে ঘৰৰ পৰিদৰ্শন কৰিব। আন ঠাইৰ পৰা ৰাজ্যলৈ প্ৰব্ৰজন কৰা বা প্ৰথমবাৰৰ বাবে আবেদন কৰা লোকসকলক পৰীক্ষা কৰাত বিশেষ গুৰুত্ব দিয়া হ’ব। এনে সকলো ব্যক্তিয়ে জন্মৰ নথিপত্ৰ প্ৰমাণৰ সৈতে ঘোষণা প্ৰ-পত্ৰ জমা দিব লাগিব।
আবেদনকাৰীয়ে ১৯৮৭ চনৰ ১ জুলাইৰ আগতে ভাৰতত জন্ম লোৱা বুলি প্ৰমাণ কৰিব লাগিব। যদি তেওঁলোকৰ জন্ম ১৯৮৭ চনৰ ১ জুলাইৰ পৰা ২০০৪ চনৰ ২ ডিচেম্বৰৰ ভিতৰত হৈছে, তেন্তে তেওঁলোকে পিতৃ-মাতৃৰ জন্ম তাৰিখ আৰু জন্মস্থান প্ৰতিষ্ঠা কৰা নথি-পত্ৰও দিব লাগিব। ২০০৩ চনৰ পিছত বিহাৰত এয়া প্ৰথমটো নিবিড় ভোটাৰ তালিকা পুনৰীক্ষণ।
আয়োগে আলোকপাত কৰে যে, দ্ৰুত নগৰায়ন, সঘনাই প্ৰব্ৰজন, মৃত্যুৰ খবৰ নথকা আৰু প্ৰৱঞ্চনামূলক ভোটাৰ পঞ্জীয়নৰ ক্ৰম বৃদ্ধিৰ দৰে একাধিক কাৰকে নিৰ্বাচনী তালিকাৰ বিশুদ্ধতা বজাই ৰাখিবলৈ এই বিশদ পৰীক্ষণ কৰাটো প্ৰয়োজনীয় কৰি তুলিছে।