অচিৰেই দুখনকৈ সৈনিক স্কুলৰ গৰাকী হ’ব অসম

Story by  atv | Posted by  [email protected] • 7 h ago
অচিৰেই দুখনকৈ সৈনিক স্কুলৰ গৰাকী হ’ব অসম
অচিৰেই দুখনকৈ সৈনিক স্কুলৰ গৰাকী হ’ব অসম
 
গুৱাহাটী
 
অচিৰেই দুখনকৈ সৈনিক স্কুলৰ গৰাকী হ’ব অসম। ডিফুৰ পৰা প্ৰায় ৩০কিলোমিটাৰ দুৰত্বত লংভোকুত স্থাপন কৰা হব এই সৈনিক স্কুলখন। ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে। লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ নেতৃত্বত যোৱা এটা দলে ২৬ জুনত এই সৈনিক বিদ্যালয়ৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে।
 
ৰাণা প্ৰতাপ কলিতাৰ সৈতে এই দলটোত আছিল  মেজৰ জেনেৰেল ভাস্কৰ কলিতা,  ব্ৰিগ পোলাছ চৌধুৰী, ৰাজ্য সৈনিক ব’ৰ্ডৰ সঞ্চালক আৰু ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
 
এই পৰামৰ্শদাতা দলটোৱে সকলো অংশীদাৰৰ সৈতে মত বিনিময় কৰে। লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা,  আৰ্কিটেক্টৰ লগতে শিক্ষা বিভাগৰ সচিব মুকুল কুমাৰ শইকীয়াকে ধৰি কে এ এ চিৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।
 
জেনেৰেল কলিতাই উক্ত স্থানৰ লগতে প্ৰস্তাৱিত নিৰ্মাণ পৰিকল্পনাত সন্তুষ্টি প্ৰকাশ কৰে। আগতীয়াকৈ ভূমি অধিগ্ৰহণৰ বাবে তেওঁলোকৰ সম্পূৰ্ণ আন্তৰিক প্ৰচেষ্টাৰ বাবে কেএএচিৰ প্ৰচেষ্টাক তেওঁ শলাগ লয়।
 
তেওঁ আশা কৰে যে অতি সোনকালে নিৰ্মাণৰ কাম আৰম্ভ হ’ব। বিদ্যালয়খনৰ নিৰ্মাণ ব্যয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে বহন কৰাৰ বিপৰীতে অসম চৰকাৰে আচবাব আৰু অন্যান্য সামগ্ৰী যোগান ধৰিব।