ভাৰতীয় নৌ বাহিনীত সংযোজিত হ'ল প্ৰথমখন ফাষ্ট পেট্ৰ’ল জাহাজ

Story by  atv | Posted by  [email protected] • 1 d ago
ভাৰতীয় নৌ বাহিনীত সংযোজিত হ'ল প্ৰথমখন ফাষ্ট পেট্ৰ’ল জাহাজ
ভাৰতীয় নৌ বাহিনীত সংযোজিত হ'ল প্ৰথমখন ফাষ্ট পেট্ৰ’ল জাহাজ
 
গুৱাহাটী
 
ভাৰতীয় নৌ সেনাই নিজৰ উপকূলীয় সুৰক্ষাত এক নতুন অধ্যায় উন্মোচন কৰিছে। ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা আৰু উপকূলীয় চোৱাচিতাৰ ক্ষমতা বৃদ্ধিৰ স্বাৰ্থত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে বৃহস্পতিবাৰে গোৱা শ্বিপয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰা ‘অদম্য’ নামৰ প্ৰথমখন ফাষ্ট পেট্ৰ’ল জাহাজ(FPV) আনুষ্ঠানিকভাৱে ভাৰতীয় নৌ বাহিনীত সংযোজিত কৰে।
 
গোৱা শ্বিপয়াৰ্ড লিমিটেডে মুঠ ৮খন ফাষ্ট পেট্ৰ’ল জাহাজ নিৰ্মাণ কৰি উলিয়াইছে। এই জাহাজখনে চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ পদক্ষেপক এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।
 
লক্ষ্যণীয় যে, ০৮-এফপিভি প্ৰকল্পৰ অধীনত নিৰ্মাণ হোৱা ‘অদম্য’ হৈছে ভাৰতীয় নৌ বাহিনীৰ প্ৰথমখন উচ্চ-গতিসম্পন্ন ফাষ্ট পেট্ৰ’ল জাহাজ, যাৰ উদ্দেশ্য হ'ল উপকূলক সুৰক্ষা প্ৰদান, দুৰ্যোগকালীন সহায়ক, চোৰাংচোৱা আৰু দুৰ্নীতিবিৰোধী অভিযানত সহায়ক হোৱা। এই জাহাজখন প্ৰতি ঘণ্টাত ৩৫ নটিকেল মাইল বেগেৰে গতি কৰিব পাৰে।
 
উল্লেখ কৰা প্ৰয়োজন, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অদম্যৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল নৌ বাহিনীৰ উচ্চপদস্থ বিষয়া আৰু গোয়া শ্বিপয়াৰ্ডৰ বিষয়া সকল। উক্ত অনুষ্ঠানত ভাৰতীয় নৌ বাহিনীৰ এগৰাকী বিষয়াই অদম্য হৈছে ভাৰতৰ উপকূলীয় সুৰক্ষা ব্যৱস্থাত এক টার্নিং পইণ্ট বুলি মন্তব্য কৰিছিল।