মিজোৰাম
মিজোৰামৰ পৰিবহণ ক্ষেত্ৰখনত এক পৰিৱৰ্তনশীল অধ্যায় হিচাপে পৰিগণিত হোৱা ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ৰাবি ছাইৰাং ৰে'লৱে লাইন (Bairabi–Sairang railway line) সম্পূৰ্ণ হৈ উঠিছে আৰু উদ্বোধনৰ বাবে ইয়াক সাজু কৰা হৈছে। মিজোৰামৰ ৰাজধানী আইজলক ভাৰতৰ বিশাল ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে এই প্ৰকল্পটোৱে ভৌগোলিক, অভিযান্ত্ৰিক আৰু লজিষ্টিক প্ৰত্যাহ্বানসমূহ সফলতাৰে অতিক্ৰম কৰিছে।
উত্তৰ-পূব সীমান্ত ৰে'লৱে (এনএফআৰ) ৰ বিষয়াসকলৰ মতে, প্ৰকল্পটোৱে ৰে'লৱে সুৰক্ষা আয়ুক্তৰ পৰা সুৰক্ষা অনুমোদন লাভ কৰিছে আৰু অনাগত দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৰে'লপথটো উদ্বোধন কৰিব।
এই নতুন ৰে'ল সংযোগ কাৰ্যক্ষম হোৱাৰ পিছত শিলচৰ হৈ আইজললৈ যাতায়াতৰ সুবিধা হ'ব। যাত্ৰীসকলে মিজোৰামৰ পাহাৰীয়া অঞ্চল, প্ৰচুৰ বনাঞ্চল আৰু সাংস্কৃতিক ঐতিহ্য উপভোগ কৰিব পাৰিব। এই ঐতিহাসিক সাফল্যই মিজোৰামক চতুৰ্থখন উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে পৰিগণিত কৰিছে, যাৰ ৰাজধানী ৰাষ্ট্ৰীয় ৰে'ল নেটৱৰ্কৰ সৈতে সংযোজিত হৈছে।
ৰেলপথটোৱে যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব, যাত্ৰাৰ সময় হ্ৰাস কৰিব আৰু আঞ্চলিক অৰ্থনৈতিক আৰু পৰ্যটন বিকাশৰ বাবে অনুঘটক হিচাপে কাম কৰিব। এই অভিযান্ত্ৰিক বিস্ময়ৰ ভিতৰত ১২,৮৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৮টা সুৰংগ, ৫৫টা প্ৰধান আৰু ৮৭টা সৰু দলং, পাঁচখন ৰোড ওভাৰব্ৰীজ আৰু ৯খন ৰোড আণ্ডাৰব্ৰীজ আছে। ইয়াৰে ১৯৬ নং দলঙৰ উচ্চতা ১০৪ মিটাৰ, যিটো দিল্লীৰ কুতব মিনাৰতকৈ ৪২ মিটাৰ ওখ।
"এই লাইনটোৱে অঞ্চলটোৰ পৰিবহণ জগতখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব, বাণিজ্যিক কাৰ্যকলাপক উদ্দীপনা প্ৰদান কৰিব, নিয়োগ সৃষ্টি কৰিব আৰু ষ্টেশ্যন অঞ্চলৰ সমীপত ক্ষুদ্ৰ ব্যৱসায়ক উত্থাপন কৰিব", ৰেলৱে বিষয়াগৰাকীয়ে লগতে কয়। ই উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক গতিশীলতা আৰু যোগাযোগ ব্যৱস্থাও উন্নত কৰিব।