শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উত্তোৰণৰ বাবে ছৌদি আৰৱৰ কাৰ্যালয়ত প্ৰৱৰ্তন হ'ব যোগাসন

Story by  atv | Posted by  [email protected] • 13 d ago
ছৌদি আৰৱত একাংশ মহিলাই যোগ কৰি থকাৰ মুহূৰ্ত
ছৌদি আৰৱত একাংশ মহিলাই যোগ কৰি থকাৰ মুহূৰ্ত
 
নতুন দিল্লী

ছৌদি কৰ্তৃপক্ষই যোগাসন (Yoga)ক ‘হালাল’ (ধৰ্ম অনুযায়ী মুছলমান সকলে কৰিব পাৰে) বুলি ঘোষণা কৰি পুৰুষ-মহিলা উভয়ৰে বাবে বিশ্ববিদ্যালয়ত ইয়াক প্ৰৱৰ্তন কৰাৰ ছবছৰৰ পাছত ছৌদি আৰৱে এই প্ৰাচীন ভাৰতীয় আধ্যাত্মিক আৰু শাৰীৰিক সুস্থতাৰ কৌশল যোগাসনক কাৰ্যালয়সমূহত প্ৰৱৰ্তন কৰিবলৈ ওলাইছে।
 
ৰাজকুমাৰী মিছায়েল বিন্ট ফৈছালৰ নেতৃত্বত ছৌদি আৰৱৰ যোগ সমিতি আৰু মানৱ সম্পদ আৰু সামাজিক উন্নয়ন মন্ত্ৰালয়ে “সমাজত যোগৰ উপকাৰিতাৰ প্ৰসাৰৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ” এক চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ লক্ষ্য হৈছে মানুহৰ মংগল সাধন কৰা আৰু যোগাসনক জীৱনৰ মান উন্নত কৰাৰ উপায় হিচাপে উপস্থাপন কৰা।
 
চৌদি আৰৱৰ যোগ সমিতিৰ ৰাজকুমাৰী মিছায়েল বিন্ট ফৈছাল (বাওঁফালে) আৰু মন্ত্ৰালয়ৰ সামাজিক দায়বদ্ধতাৰ সঞ্চালিকা হুদা আল-হাইদাৰী
 
আৰব নিউজৰ মতে, এই চুক্তিৰ অধীনত কৰ্মচাৰীসকলক তেওঁলোকৰ দৈনন্দিন জীৱনত যোগৰ অভ্যাস কৰিবলৈ উৎসাহিত কৰা হ’ব, আৰু মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত কেয়াৰ চেণ্টাৰসমূহত যোগাসনৰ প্ৰশিক্ষণ দিয়া হ'ব, যিয়ে তেওঁলোকক মানসিক চাপ নিয়ন্ত্ৰণ কৰা আৰু শাৰীৰিক-মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব।
 
চুক্তিখনৰ স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ছৌদি যোগ সমিতিৰ উপ-সভাপতি ৰাজকুমাৰী মিছায়েল বিন্ত ফৈছাল আৰু ৰিয়াদ অঞ্চলৰ মন্ত্ৰালয়ৰ সামাজিক দায়বদ্ধতা বিভাগৰ সঞ্চালিকা হুদা আল-হাইদাৰীয়ে। আৰব নিউজৰ সৈতে হোৱা কথা-বতৰাত ৰাজকুমাৰী মিছায়েলে কয় যে সমাজৰ সকলো শ্ৰেণীৰ বাবে সম সুযোগ সৃষ্টি আৰু যুৱ মানৱ পুঁজিত বিনিয়োগৰ বাবে ই এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ, যিটো ভিজন ২০২৩ৰ অন্যতম লক্ষ্য হিচাপে বিবেচিত।
 
যোগ প্ৰশিক্ষক নৌফ মাৰৱাই
 
ক্ৰাউন প্ৰিন্সে কৈছিল যে ই ৰাজ্যখনৰ মালিকানাধীন সৰ্ববৃহৎ সম্পদ, গতিকে ইয়াত বিনিয়োগ কৰাটো সমাজৰ বাবে এক নৱজাগৰণ আৰু দৃষ্টিভংগীৰ বাস্তৱায়ন।”
 
এই সহযোগিতাই মানুহক বিভিন্ন ধৰণৰ ক্ৰীড়া আৰু চিকিৎসামূলক যোগ কৌশলত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব আৰু ক্ৰীড়া বিজ্ঞানৰ সুবিধাসমূহ সমাজৰ সেৱাত ব্যৱহাৰ কৰাত সহায় কৰিব বুলিও তেওঁ লগতে কয়। এই পদক্ষেপৰ চালিকা শক্তি হিচাপে চৌদি আৰৱৰ প্ৰথমজন চাৰ্টিফাইড যোগ প্ৰশিক্ষক নৌফ মাৰৱাই (Nouf Marwaai)ক কৃতিত্ব দিয়া হৈছে। মাৰৱাই ৰাজ্যখনৰ আৰব যোগ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।
কেইবছৰমান আগতে ছৌদি আৰৱৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে যোগাসনৰ শিক্ষাদানত অনুমোদন জনাইছিল আৰু তেওঁলোকৰ ক্ৰীড়া কাৰ্য্যকলাপৰ অধীনত তালিকাভুক্ত কৰিছিল। যোগাভ্যাস কৰিব বিচৰা বা শিকাব বিচৰাসকলে এতিয়া মন্ত্ৰালয়ৰ পৰা অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰিব পাৰিব।
 
উল্লেখ্য যে, মহিলাসকলৰ বাবে অধিক স্বাধীনতাকে ধৰি ছৌদি চৰকাৰে শেহতীয়াকৈ দেশখনত কেইবাটাও সংস্কাৰ সাধন কৰাৰ পিছত কাৰ্যালয়সমূহত যোগাসন প্ৰৱৰ্তনৰ আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি বছৰে ছৌদি সংগঠনসমূহে এই সুস্থতা ব্যৱস্থাক প্ৰচাৰৰ বাবে যোগ উৎসৱ অনুষ্ঠিত কৰে।
সংস্কৃত শব্দ ‘যুজ’ৰ পৰা উৎপত্তি হৈছে ‘যোগ’ শব্দটো। ইয়াৰ অৰ্থ হৈছে ‘সংলগ্ন কৰা’। যোগে আমাৰ শৰীৰ, মন আৰু আত্মাক সংযম কৰি আমাৰ ভিতৰৰ সুপ্ত শক্তিসমূহ জাগ্ৰত কৰে। নিতৌ যোগাসন কৰি গ’লে আমাৰ মন, শৰীৰ আৰু আত্মাৰ মাজৰ সম্পৰ্ক মজবুত হয় আৰু আমাৰ জীৱনটো সহজ হৈ পৰে।
 
মানৱ জীৱনত দেখা দিয়া বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবেহে যে যোগাসনৰ প্ৰয়োজন আছে এনে নহয়, ই আমাৰ মস্তিষ্কক সন্তুলিত কৰে, মন পবিত্ৰ কৰে। ঈশ্বৰৰ সৈতে আত্মাৰ সম্পৰ্ক স্থাপন কৰে। মনত শৰীৰৰ আৰু শৰীৰত মনৰ প্ৰভাৱ পৰে। সেয়েহে যোগাসনেই হৈছে একমাত্ৰ সম্পূৰ্ণ পদ্ধতি, যিয়ে মানুহক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে শক্তিশালী কৰি তোলে।