গুৱাহাটী
অম্বুবাচী সমাগত। দেশৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম মা কামাখ্যা মন্দিৰত অহা ২২ জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মহাযোগ। দেশী-বিদেশী ভক্তৰ বাবে এই অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে পর্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি এখন এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়।
গুৱাহাটীৰ কামাখ্যা স্থিত প্ৰশান্তি লজত আয়োজিত এই বৈঠকত উপস্থিত থাকে আৰক্ষী শীৰ্ষ বিষয়া, যান বাহন আৰক্ষীৰ শীৰ্ষ বিষয়া স্বাস্থ্য বিভাগৰ বিষয়া, বৈদ্যুতিক বিভাগৰ বিভিন্ন বিষয়া, গুৱাহাটী পৌৰ নিগমকে ধৰি মুঠ ২৪ টা বিভাগৰ বিষয়া।
অম্বুবাচীৰ সময়ত কামাখ্যা চৌহদত বাবাসকলৰ সমদল উলিওৱাত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে অম্বুবাচীলৈ অহা ভক্তক হুলস্থুল কৰি নাযাবলৈ আহবান কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে।
অম্বুবাচীৰ সময়চোৱাত ভি আই পি, ভি ভি আই পি পাছৰ লগতে ৫০১ টকীয়া টিকটৰ ব্যৱস্থা নাথাকিব। অম্বুবাচীৰ দিন কেইটাত সকলোৰে বাবে সমানে ব্যৱস্থা থাকিব। এই দিন দুটাত শাৰী পাতি অধীৰ আগ্রহেৰে অপেক্ষা কৰি থকা ভক্তসকলৰ বাবে মা কামাখ্যাৰ দৰ্শনৰ ব্যৱস্থা থাকিব।
অম্বুবাচী মহাযোগৰ সময়ত জোতা-চেণ্ডেল পিন্ধি নাহিবলৈ সকলোৰে প্রতি আহ্বান জনোৱা হৈছে। যিসকলে পিন্ধি আহে তেওঁলোকে জোতা চেণ্ডেল খুলি মন্দিৰলৈ যাবলৈ আহবান , অসুবিধা হলে মোজা পিন্ধিবলৈ আহবান। মন্ত্ৰী দাসে কয় যে, অম্বুবাচীৰ বাবে অতি সোনকালেই পাণ্ডু সংযোগী কামাখ্যাৰ নতুন পথটিও মুকলি কৰি দিয়া হ'ব।
ভক্তসকলৰ থকাৰ বাবে পূর্বে চাৰিটা শিবিৰৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু ভক্তৰ সংখ্যা বৃদ্ধি পালে এইবাৰ শিবিৰৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলিও মন্ত্ৰী গৰাকীয়ে জনায়।
উল্লেখ্য যে, ২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ভক্তৰ বাবে বন্ধ হৈ পৰিব মা কামাখ্যাৰ দুৱাৰ। ইয়াৰ পিচত ২৫ জুনৰ শেষ নিশা ৩ বজাত হ'ব নিবৃত্তি। সেই অনুসৰি ২৬ জুনৰ পুৱা ৰীতি-নীতিৰে দেৱী স্নানপর্ব, নৃত্য পূজা সমাপনৰ পিচত মা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰি দিয়া হ'ব।