২০২৪-২০২৫ পর্যটন বর্ষত পর্যটকৰ পৰা ₹১ কোটি ৫৮ লাখ ৰাজহ সংগ্রহ মানাহত

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
মানাহ ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত চলিত পর্যটন বর্ষত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা আৰু পৰ্যটকৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ। মানাহত চলিত ২০২৪-২০২৫ পর্যটন বর্ষত দেশী-বিদেশী পর্যটকৰ পৰা ১ কোটি ৫৮ লাখ টকা ৰাজহ সংগ্রহ হৈছে। 
 
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে আজি সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ২০২৪-২০২৫ পর্যটন বৰ্ষৰ আঠ মাহত ৬৪,৪৬৩ গৰাকী পর্যটকৰ আগমন ঘটিছে। ইয়াৰে ৬০,৭৪৪ গৰাকী দেশী আৰু ৩,৭১৯ গৰাকী বিদেশী পর্যটক। 
 
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম বুলি উল্লেখ কৰি বেঞ্জাৰ বাৰিন বড়োৱে কয় যে 'মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্রতি জীৱ-জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে।
 
বহু পর্যটকে ভিন্ন প্রজাতিৰ বাঘ দেখিবলৈ সক্ষম হৈছে। বহু লুপ্তপ্রায় চৰাই-চিৰিকটিও মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে ২০২৩-২০২৪ পর্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই ১ কোটি ৩০ লাখ টকা ৰাজহ সংগ্রহ কৰিছিল।