শ্রীনগৰ
পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ পিচত জম্মু-কাশ্মীৰত অহা ৩ জুলাইত আৰম্ভ হ'ব চলিত বৰ্ষৰ অমৰনাথ যাত্রা। দক্ষিণ কাশ্মীৰৰ তীর্থক্ষেত্রখনলৈ হ'বলগীয়া এই তীর্থ যাত্ৰাৰ সময়ত ভক্তক নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে কেন্দ্রীয়শাসিত অঞ্চলটোৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানক নির্দেশ দিছে।
অমবৰনাথ যাত্রা সুচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে অর্ধসামৰিক বাহিনীৰ ৫৮১টা কোম্পানীৰ ৪২ হেজাৰ জোৱান মোতায়েন কৰা হ'ব। যোৱা ২২ এপ্রিলত পেহেলগামত হোৱা সন্ত্রাসবাদী আক্ৰমণৰ পিচত অমৰনাথ যাত্ৰালৈ যাতে কোনোধৰণৰ ভাবুকি নাহে সেয়া নিশ্চিত কৰিবলৈ চৰকাৰ-প্রশাসনে সম্ভৱপৰ সকলো ব্যৱস্থা গ্রহণ কৰিছে।
যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হাৰ সভাপতিত্বত অমৰনাথ যাত্ৰাৰ সুৰক্ষা-নিৰাপত্তা সম্পর্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। গৃহ মন্ত্র্যালয়ে এইবাৰৰ অমৰনাথ যাত্রা চি আৰ পি এফৰ ৯১টা, এছ এছ বিৰ ৩০টা, চি আই এছ এফৰ ১৫টা, বি এছ এফৰ ১৩টা, আই টি বি পিৰ ৭টা কোম্পানী মোতায়েন কৰিব।
এটা কোম্পানীত ৭৫-৮০ জনকৈ জোৱান থাকে। কেন্দ্রীয় গৃহ মন্ত্রালয়ে ১০ জুনৰ ভিতৰত কেন্দ্রীয়শাসিত অঞ্চলটোলৈ এই বাহিনীসমূহৰ ৪২৫টা কোম্পানী প্রেৰণ কৰিব।