কুৱেইট, বাংলাদেশৰ জনসাধাৰণ আৰু ইয়াৰ নেতাসকলক ঈদ-উজ-জোহাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
 
নতুন দিল্লী

বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে বৃহস্পতিবাৰে পৱিত্ৰ ঈদ-উজ-জোহা উদযাপন কৰিছে। এই উৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইট গণৰাজ্যৰ আমিৰ শ্বেখ নৱাফ আল আহমদ আল জাবেৰ আল ছাবাহ, কুৱেইটৰ ক্ৰাউন প্ৰিন্স শ্বেইখ মিছাল আল-আহমদ আল-জাবেৰ আল-ছাবাহ, কুৱেইটৰ প্ৰধানমন্ত্ৰী শ্বেইখ আহমদ নৱাফ আল আহমদ আল-ছাবাহ আৰু কুৱেইটৰ জনসাধাৰণলৈ নিজৰ আৰু ভাৰতৰ জনসাধাৰণৰ হৈ এখন পত্ৰৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে।
 
"এখন ব্যক্তিগত পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ কোটি কোটি মুছলমানে এই পবিত্ৰ ঈদ-উজ-জোহা উৎসৱ উদযাপন কৰে। ই আমাক ত্যাগ, মমতা আৰু ভাতৃত্ববোধৰ মূল্যবোধৰ কথা মনত পেলাই দিয়ে। আমি সকলোৱে আকাংক্ষা কৰা এখন শান্তিপূৰ্ণ আৰু সৰ্বাংগীন পৃথিৱী গঢ়ি তোলাৰ ক্ষেত্ৰত এয়া অপৰিহাৰ্য।"-কুৱেইটত থকা ভাৰতীয় দূতাবাসে এইদৰে কয়।
বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা উপলক্ষে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাকো শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে এই পবিত্ৰ উৎসৱে ভাৰত আৰু বাংলাদেশৰ লোকসকলক আৰু ওচৰলৈ আনিব।
 
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু বাংলাদেশৰ জনসাধাৰণক ঈদ-উজ-জোহাৰ পবিত্ৰ উৎসৱ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত বিশ্বাস ব্যক্ত কৰে যে এই পৱিত্ৰ উৎসৱে ভাৰত আৰু বাংলাদেশৰ জনসাধাৰণক আৰু ওচৰলৈ আনিব।" বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তই এক টুইটযোগে কয়।
উল্লেখ্য যে, বলিদানৰ উৎসৱ বুলি জনাজাত ঈদ-উজ-জোহাই বিশ্বব্যাপী মুছলমানসকলৰ বাবে গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব বহন কৰে। ই ইছলামিক বৰ্ষপঞ্জিৰ অন্তিম মাহ ধু'ল-হিজ্জাৰ দশম দিনত পৰে।