ইজিপ্তত প্ৰধানমন্ত্ৰী মোদী; ঐতিহাসিক আল-হাকিম মছজিদ পৰিদৰ্শন, গ্ৰেণ্ড মুফতিক সাক্ষাৎ

Story by  atv | Posted by  [email protected] • 1 Years ago
ঐতিহাসিক আল-হাকিম মছজিদত প্ৰধানমন্ত্ৰী মোদী
ঐতিহাসিক আল-হাকিম মছজিদত প্ৰধানমন্ত্ৰী মোদী
 
কাইৰো (ইজিপ্ত)

সফল আমেৰিকা ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নিশা দুদিনীয়া ৰাজ্যিক ভ্ৰমণসূচী লৈ ইজিপ্তত উপস্থিত হয়। ভ্ৰমণৰ প্ৰথম দিনাই তেওঁ ইজিপ্তৰ গ্ৰেণ্ড মুফতি ড° শ্বাউকি ইব্ৰাহিম আব্দেল কৰিম আলমক সাক্ষাৎ কৰে।
 
এই সময়ছোৱাত তেওঁলোকৰ মাজত ভাৰত আৰু ইজিপ্তৰ মাজত শক্তিশালী সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে আলোচনা হয়। আনহাতে, দ্বিতীয় দিনা (দেওবাৰ) প্ৰধানমন্ত্ৰী মোদীয়ে আল-হাকিম মছজিদ ভ্ৰমণ কৰাৰ লগতে ইজিপ্তৰ ৰাষ্ট্ৰপতি আল-চিছিক সাক্ষাৎ কৰে।
 
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে ভ্ৰমণ কৰা ইজিপ্তৰ কাইৰোৰ ঐতিহ্যমণ্ডিত আল-হাকিম মছজিদটো দেশখনৰ এক শতিকা পুৰণি  সাংস্কৃতিক স্থান। ভাৰত আৰু ইজিপ্তৰ মাজত থকা চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰমাণ হিচাপে থিয় দিছে এই মছজিদটো। ১০১২ চনত নিৰ্মিত মছজিদটোৰ দেৱাল আৰু দুৱাৰমুখত জটিলভাৱে খোদিত শিলালিপিবোৰৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লোৱা দেখা যায়। 
আল-হাকিম হৈছে কাইৰোৰ চতুৰ্থ পুৰণি মছজিদ আৰু চহৰখনত নিৰ্মাণ হোৱা দ্বিতীয়টো ফাতিমিদ মছজিদ। মছজিদটোৰ আয়তন ১৩,৫৬০ বৰ্গমিটাৰ আৰু চৌহদৰ বহল প্ৰায় ৫,০০০ বৰ্গমিটাৰ।
 
ইজিপ্তত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অজিত গুপ্তে কয় যে বহু বছৰ ধৰি গুজৰাটতো থকা বোহৰা সম্প্ৰদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে আৰু এক গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান পৰিদৰ্শন কৰি তেওঁ বোহৰা সম্প্ৰদায়ৰ সৈতে পুনৰ সংযোগ স্থাপনৰ সুযোগ পাইছে। ঐতিহাসিক মছজিদটো ১৬ নং ফাতিমিদ খলিফা আল-হাকিম বি-আমৰ আল্লাহৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু ই দাউদী বহৰা সম্প্ৰদায়ৰ বাবে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক স্থান।
 
প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ আৰু এটা তাৎপৰ্য্যপূৰ্ণ কথা হ’ল যে এই মছজিদটো পুনৰ নিৰ্মাণ কৰিছে ভাৰতৰ দাউদী বোহৰা সম্প্ৰদায়ে। এই সম্প্ৰদায়টোৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এক দীৰ্ঘদিনীয়া সু-সম্পৰ্ক আছে। শতিকা পুৰণি ঐতিহ্য বহন কৰা আল-হাকিম মছজিদে ভাৰতীয় আৰু ইজিপ্তৰ সংস্কৃতিৰ আন্তঃমিশ্ৰণ প্ৰদৰ্শন কৰা ধৰ্মীয় আৰু ঐতিহাসিক গুৰুত্বৰ ৰেখা হিচাপে কাম কৰে। 
দেওবাৰে প্ৰধানমন্ত্ৰীয়ে ইজিপ্তৰ হেলিঅ’পলিছ ৱাৰ গ্ৰেভ কবৰস্থানো পৰিদৰ্শন কৰে আৰু প্ৰথম বিশ্বযুদ্ধৰ সময়ত সৰ্বোচ্চ ত্যাগ কৰা ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত ঐতিহাসিক বন্ধন আৰু অধিক শক্তিশালী হ’ব।
 
ইয়াৰ পিছতে ইজিপ্তত বাস কৰা ভাৰতীয় প্ৰৱাসীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে মত বিনিময় কৰিব। এই অনুষ্ঠানে কেৱল মানুহৰ মাজত সম্পৰ্ক গঢ়ি তোলাই নহয়, প্ৰৱাসী ভৰতীয়সকলক দুয়োখন দেশৰ মাজত অৰ্থনৈতিক বিকাশ আৰু সাংস্কৃতিক বিনিময়ত অৰিহণা যোগোৱাৰ এক মঞ্চও প্ৰদান কৰে।
 
উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতৰ গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতি এল-চিছিৰ উপস্থিতিৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ ইজিপ্ত ভ্ৰমণে দেশ দুখনৰ ক্ৰমবৰ্ধমান সম্পৰ্কৰ ইংগিত দিয়ে। ইয়াৰ পূৰ্বে, শনিবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীয়ে ইজিপ্তৰ প্ৰধানমন্ত্ৰী মোস্তাফা মেডবৌলীৰ সৈতে কাইৰোত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ইজিপ্তত অৱতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক ‘বন্দে মাতৰম’ আৰু ‘মোদী মোদী’ৰে আদৰণি জনোৱা হয়। 
 
প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই বহু লোকে ভাৰতীয় গীত গাই সাংস্কৃতিক অনুষ্ঠানো উপস্থাপন কৰে। ইফালে, ইজিপ্তত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয় যে এই ভ্ৰমণে ইজিপ্তৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিব বুলি তেওঁ নিশ্চিত।